ঘৰৰ চোতালত বহুওৱা সাধাৰণ পানীৰ দমকল। কিন্তু সেই দমকলৰ পৰা পানীৰ সলনি ওলাল দেশীয় সুৰা! অবৈধ সুৰাৰ ব্যৱসায় চলাবলৈ এইবাৰ এক অভিনৱ কৌশল অৱলম্বন কৰিছিল উত্তৰ প্ৰদেশৰ এগৰাকী মহিলাই। অৱশেষত আৰক্ষী আৰু আবকাৰী বিভাগৰ অভিযানত পোহৰলৈ আহিল এই ঘটনা। ঘটনাটো উত্তৰ প্ৰদেশৰ ঝান্সীৰ। এই ঘটনাত ৩০ বছৰীয়া এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
যোৱা ২১ নৱেম্বৰত পোহৰলৈ আহে এই ঘটনা। গোপন সূত্ৰৰ পৰা খবৰ লাভ কৰি আৰক্ষী আৰু আবকাৰী বিভাগৰ এটা যুটীয়া দলে তেজপুৰা ঘুৰাট গাঁৱৰ এটা ঘৰত অভিযান চলায়। অভিযানৰ সময়তে ঘৰৰ চোতালত থকা পানীৰ দমকলটোক লৈ সন্দেহ হয় অভিযানকাৰী দলটোৰ। পিছত দমকলটো চলাওঁতেই পানীৰ সলনি ওলাই আহে দেশীয় সুৰা।
এই ঘটনাৰ এটা ভিডিঅ’ও পোহৰলৈ আহিছে। ভিডিঅ’টোত দেখা গৈছে, আৰক্ষীৰ এজন বিষয়াই দমকলটো চলাইছে আৰু তাৰ পৰা ওলাই অহা তৰল পদাৰ্থ এটা পাত্ৰত সংগ্ৰহ কৰিছে। পিছত সেইখিনি এটা ডাঙৰ পাত্ৰত ভৰোৱা হয়।
তদন্তত পোহৰলৈ আহে যে ঘৰৰ মালিকিনীয়ে অতি কৌশলেৰে মাটিৰ তলত বৃহৎ পৰিমাণৰ সুৰা প্ৰস্তুত কৰাৰ উপাদান মজুত কৰি ৰাখিছিল। সেই গোপন ভঁৰালটোৰ ঠিক ওপৰতে বহুৱাইছিল পানীৰ দমকলটো। বাহিৰৰ পৰা দেখিলে সাধাৰণ পানীৰ দমকল যেন লাগিলেও প্ৰকৃততে তাৰ জৰিয়তে মাটিৰ তলত লুকুৱাই ৰখা অবৈধ দেশীয় সুৰা উলিওৱা হৈছিল। যাতে কাৰো সন্দেহ নহয়, তাৰ বাবেই এই কৌশল অৱলম্বন কৰিছিল মহিলাগৰাকীয়ে।
অভিযান চলাই আৰক্ষী আৰু আবকাৰী বিভাগৰ দলে প্ৰায় ৩০ লিটাৰ প্ৰস্তুত কৰা অবৈধ সুৰা উদ্ধাৰ কৰে। ইয়াৰ উপৰি, সুৰা প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা মাটিত মজুত ৰখা প্ৰায় ৪,৩০০ লিটাৰ লাহান নষ্ট কৰি পেলায় অভিযানকাৰী দলে। যাতে সেইখিনি ব্যৱহাৰ কৰি পুনৰ অবৈধ সুৰা প্ৰস্তুত কৰিব নোৱাৰে।
এই অবৈধ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অভিযোগত মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰি আবকাৰী আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। এই ব্যৱসায়ৰ আঁৰত আৰু কোন কোন জড়িত আছে, সেই বিষয়ে জানিবলৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।





