খাদ্যৰ সন্ধানত ওলাই অহা দুটা বন্যহস্তীয়ে যোৱা নিশা প্ৰায় ৮.০৫ৰ পৰা ৮.১০ বজাৰ ভিতৰত দুলুং সংৰক্ষিত বনাঞ্চলৰ ৰে’লপথ পাৰ হ’বলৈ চেষ্টা কৰোঁতেই এই অঘটন ঘটে। জানিব পৰা মতে, গোগামুখৰ পৰা বগীনদী অভিমুখে আহি থকা এটা ৰে’লৰ ইঞ্জিনে তাৰে এটা হাতীক প্ৰচণ্ড জোৰেৰে খুন্দা মাৰি কিছু দূৰ চোঁচৰাই লৈ যায়। ইয়াৰ ফলত প্ৰাপ্তবয়স্ক হাতীটো ৰে’ল লাইনৰ পৰা প্ৰায় ৫০ মিটাৰ আঁতৰত চিটিকি পৰে।
দুৰ্ঘটনাটোত হাতীটোৰ সোঁফালৰ মূৰ, ভৰি, পিঠি আৰু কঁকালত গুৰুতৰ আঘাত লাগিছে। আঘাত ইমানেই গভীৰ যে ই থিয় হ’ব পৰা নাই আৰু ঘটনাস্থলীতে যন্ত্ৰণাত ছটফটাই আছে। বন বিভাগে পাইপেৰে পানী দিয়াৰ ব্যৱস্থা কৰিছিল যদিও যন্ত্ৰণা আৰু খঙৰ বশৱৰ্তী হৈ হাতীটোৱে পানীৰ পাইপডাল পেলাই দিয়ে।
বন বিভাগৰ এগৰাকী বিষয়াই জনোৱা অনুসৰি, নিশা প্ৰায় ৮.১৫ বজাত খবৰ লাভ কৰাৰ লগে লগে বনকৰ্মীসকল ঘটনাস্থলীত উপস্থিত হয় আৰু পশু চিকিৎসকক মাতি পঠিয়ায়। চিকিৎসকগৰাকীয়ে আহি নিৰাপদ দূৰত্বৰ পৰাই হাতীটোক প্ৰাথমিক চিকিৎসা প্ৰদান কৰে। অৱশ্যে হাতীটোৰ অৱস্থা অতি সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে বন বিভাগে বন্যপ্ৰাণী সংৰক্ষণ সংস্থা ‘ডব্লিউটিআই’ (WTI)-ৰ সৈতে যোগাযোগ কৰিছে। ডব্লিউটিআইৰ বিশেষজ্ঞ দলটো আহি পোৱাৰ পাছতহে পৰৱৰ্তী চিকিৎসা আৰু উদ্ধাৰ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি বিষয়াজনে জানিবলৈ দিয়ে।
ইফালে, সংৰক্ষিত বনাঞ্চলখনৰ মাজেৰে যোৱা এই ৰে’লপথছোৱাত গতিবেগৰ সীমা নিৰ্ধাৰণ কৰি থোৱাৰ পাছতো দুৰ্ঘটনাটো কেনেকৈ সংঘটিত হ’ল, তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। ৰে’লৱে কৰ্তৃপক্ষই ইঞ্জিনটোৰ গতিবেগ নিয়ন্ত্ৰণতে থকা বুলি দাবী কৰিছে যদিও এনে অৱস্থাত অঘটন ঘটাটো ৰহস্যজনক বুলি বন বিষয়াগৰাকীয়ে মন্তব্য কৰে। উল্লেখযোগ্য যে দুলুং সংৰক্ষিত বনাঞ্চলত ৰে’লৰ খুন্দাত হাতী আহত হোৱাৰ এয়াই প্ৰথম ঘটনা নহয়; পূৰ্বেও এনে দুৰ্ঘটনা সংঘটিত হৈ আহিছে। হাতীৰ বিচৰণ সন্দৰ্ভত বন বিভাগৰ চৰকাৰী হোৱাটছএপ গ্ৰুপ থকাৰ পাছতো এনে দুৰ্ঘটনা ৰোধ নোহোৱাত বনাঞ্চলৰ মাজেৰে যোৱা ৰে’লপথছোৱা স্থানান্তৰ কৰাৰ প্ৰয়োজনীয়তাক লৈও পুনৰ চৰ্চা আৰম্ভ হৈছে।


