• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, November 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সমষ্টি পুনৰ নিৰ্ধাৰণ নে নিৰ্বাচনী মানচিত্ৰ বিকৃতি? সংসদৰ বিশেষ অধিৱেশনৰ পূৰ্বে মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী আৰু চিজেপি

অহা ৩০ নৱেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া সংসদৰ বিশেষ অধিৱেশনৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱিত সংবিধান (১৩২তম সংশোধনী) বিধেয়কক লৈ তীব্ৰতৰ হৈছে ৰাজনৈতিক সংঘাত; বৰ্তমানৰ আসন সংখ্যা অটুট ৰাখিয়েই মহিলা সংৰক্ষণ কাৰ্যকৰী কৰাৰ দাবী বিৰোধীৰ।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 28, 2026 3:49 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সংসদৰ আগন্তুক বিশেষ অধিৱেশনত কেন্দ্ৰীয় চৰকাৰে উত্থাপন কৰিবলগীয়া সমষ্টি পুনৰ নিৰ্ধাৰণ সংযুক্ত মহিলা সংৰক্ষণ বিধেয়কৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে থিয় দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিৰোধী ‘ইণ্ডিয়া’ মিত্ৰজোঁটে। শনিবাৰে নতুন দিল্লীত অনুষ্ঠিত বিৰোধী দলসমূহৰ এক গুৰুত্বপূৰ্ণ বৈঠকত এই বিধেয়কখনক বিজেপি-আৰএছএছৰ চিৰদিন শাসনত থকা আৰু দেশত গণতন্ত্ৰ শেষ কৰাৰ এক ষড়যন্ত্ৰ বুলি অভিহিত কৰা হয়। ইয়াৰ সমান্তৰালকৈ ‘ককৰ’চ জনতা পাৰ্টী’ চমুকৈ চিজেপিয়েও শনিবাৰে সকলো ৰাজনৈতিক দল আৰু সাংসদক এই বিধেয়কৰ বিৰোধিতা কৰিবলৈ আহ্বান জনাই সতৰ্ক কৰি দিছে যে বিধেয়কখন গৃহীত হোৱাত সহযোগিতা কৰাটো “জনাদেশৰ প্ৰতি চৰম বিশ্বাসঘাতকতা” হ’ব।

 

Apply Now

ৰাজ্যসভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ বাসগৃহত শনিবাৰে প্ৰায় দুঘণ্টা ধৰি চলা বৈঠকত বিৰোধী দলসমূহৰ নেতাসকলে সংসদত গ্ৰহণ কৰিবলগীয়া যৌথ ৰণনীতি সন্দৰ্ভত আলোচনা কৰে। বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ সৈতে কথা পাতি খৰ্গেই অভিযোগ কৰে যে এই সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়ক অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ লোকসকলৰ স্বাৰ্থৰ পৰিপন্থী, কিয়নো ইয়াৰ জৰিয়তে তেওঁলোকে বৰ্ধিত জনসংখ্যা অনুপাতে অতিৰিক্ত আসন লাভ নকৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰি তেওঁ কয় যে যোৱা সাধাৰণ নিৰ্বাচনত ‘৪০০ পাৰ’ শ্ল’গান দিয়া মোদীয়ে এই বিধেয়ক গৃহীত কৰি এতিয়া ‘৮০০ পাৰ’ লক্ষ্যত উপনীত হৈ স্থায়ীভাৱে ক্ষমতা দখল আৰু সংবিধান সলনি কৰিব বিচাৰিছে।

 

খৰ্গেই কয়, “এবাৰ ক্ষমতা তেওঁলোকৰ হাতলৈ গ’লে স্থায়ীভাৱে শাসনত থাকিবলৈ এই বিধেয়কখনক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব। আমি এই বিধেয়কৰ বিৰোধিতা কৰিম।” ভাৰতক চীনৰ দৰে পৰিস্থিতিলৈ ঠেলি দিয়াৰ আশংকা প্ৰকাশ কৰি তেওঁ লগতে দাবী কৰে যে বিজেপি-আৰএছএছে গণতন্ত্ৰ শেষ কৰি মনুস্মৃতি কাৰ্যকৰী কৰিব বিচাৰিছে। পূৰ্বেও বিৰোধীৰ ঐক্যবদ্ধ প্ৰতিবাদত চৰকাৰ এই বিধেয়ক গৃহীত কৰাত ব্যৰ্থ হৈছিল বুলি উল্লেখ কৰি তেওঁ চৰকাৰৰ এই পদক্ষেপক ‘নাটক’ আখ্যা দিয়ে।

 

বৈঠকত বিৰোধীয়ে স্পষ্টভাৱে তিনিটা দাবী উত্থাপন কৰে- লোকসভাৰ বৰ্তমানৰ আসন সংখ্যা অটুট ৰখা, বৰ্তমানৰ আসন সংখ্যাৰ ভিত্তিতহে মহিলা সংৰক্ষণ কাৰ্যকৰী কৰা আৰু অহা ২৫ বছৰলৈকে লোকসভাত ৰাজ্যসমূহৰ মাজত বৰ্তমানৰ আসন আবণ্টন অপৰিৱৰ্তিত ৰখা। বৈঠকত খৰ্গেৰ উপৰি ৰাহুল গান্ধী, তৃণমূল কংগ্ৰেছৰ অভিষেক বেনাৰ্জী, নিৰ্দলীয় ৰাজ্যসভাৰ সাংসদ কপিল ছিবাল, আৰজেডিৰ অভয় কুমাৰ সিং আৰু মনোজ ঝা, চিপিআইৰ পি সন্তোষ কুমাৰ, আইইউএমএলৰ ই টি মহম্মদ বছিৰ, আৰএছপিৰ এন কে প্ৰেমচন্দ্ৰন তথা কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশ, প্ৰিয়ংকা গান্ধী ভাদ্ৰা আৰু কে চি বেণুগোপাল উপস্থিত আছিল। অৱশ্যে আমন্ত্ৰণ জনোৱাৰ পাছতো ‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ বাহিৰৰ দল ডিএমকে, আপ আৰু বিজেডি বৈঠকৰ পৰা আঁতৰি থাকে।

 

বৈঠকৰ পূৰ্বে সাংসদ কপিল ছিবালে মন্তব্য কৰে যে ৮৫০গৰাকী সদস্যযুক্ত এখন লোকসভা সঠিকভাৱে চলিব পাৰিবনে নাই, সেয়াই প্ৰথম প্ৰশ্ন। তেওঁ কয়, “তেওঁলোকৰ প্ৰকৃত উদ্দেশ্য কেৱল মহিলা সংৰক্ষণ নহয়। আমি বৰ্তমানৰ ৫৪৩খন আসনতেই তাৎক্ষণিকভাৱে মহিলা সংৰক্ষণ কাৰ্যকৰী কৰিবলৈ সাজু। তেওঁলোকৰ মূল লক্ষ্য হৈছে অহা ৩০–৪০ বছৰলৈ ক্ষমতা দখল কৰি ৰখা।” মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে জ্ঞানেশ কুমাৰক নিযুক্তি দিয়াৰ দৰেই চৰকাৰে সমষ্টি পুনৰ নিৰ্ধাৰণ আয়োগতো নিজৰ পছন্দৰ লোকক বহুৱাই উত্তৰ প্ৰদেশ, হাৰিয়ানা আৰু মহাৰাষ্ট্ৰৰ দৰে ৰাজ্যত নিজৰ সুবিধা অনুসৰি সমষ্টিৰ সীমা নিৰ্ধাৰণ কৰিব বুলি ছিবালে অভিযোগ তোলে।

 

আনহাতে, এক বিবৃতিযোগে চিজেপিয়ে ভাৰতৰ নিৰ্বাচনী মানচিত্ৰ বিকৃত কৰাৰ বিৰুদ্ধে সকলো দলক একগোট হ’বলৈ আহ্বান জনায়। সংগঠনটোৱে অভিযোগ কৰে যে প্ৰস্তাৱিত প্ৰক্ৰিয়াটোৰ আটাইতকৈ ক্ষতিকাৰক দিশ হৈছে শাসকীয় দলৰ পোনপটীয়া সুবিধাৰ বাবে সংসদীয় আৰু বিধানসভা সমষ্টিসমূহৰ পক্ষপাতমূলক পুনৰ নিৰ্ধাৰণ বা ‘জেৰিমেণ্ডাৰিং’। মুঠ ভোটৰ সংখ্যা সলনি নোহোৱাকৈও নিৰ্দিষ্ট সমষ্টিত ভোটাৰক কেন্দ্ৰীভূত বা বিভাজিত কৰি নিৰ্বাচনী ফলাফল প্ৰভাৱিত কৰিব পাৰি বুলি চিজেপিয়ে সতৰ্ক কৰি দিয়ে। ভোটাৰ তালিকাৰ বিশেষ নিবিড় সংশোধন প্ৰক্ৰিয়াত ভুলকৈ নাম কৰ্তন, অনিয়ম আৰু স্বচ্ছতাৰ অভাৱৰ অভিযোগৰ প্ৰসংগ টানি সংগঠনটোৱে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ জড়িত থকা সমষ্টি পুনৰ নিৰ্ধাৰণ আয়োগে কাৰো আস্থা অৰ্জন কৰিব নোৱাৰিব বুলি মন্তব্য কৰে।

 

৫০ শতাংশ আসন বৃদ্ধিৰ যুক্তিৰে বিধেয়কখনক সমৰ্থন কৰা দলসমূহক সমালোচনা কৰি চিজেপি নেতা আশুতোষ ৰংকাই অসমৰ উদাহৰণ টানি কয়, “তেওঁলোকে কেনেধৰণৰ জেৰিমেণ্ডাৰিঙত স্বাক্ষৰ কৰিবলৈ ওলাইছে, তাৰ কোনো ধাৰণাই নাই। উদাহৰণ হিচাপে অসমৰ নিৰ্বাচনী সমষ্টিসমূহৰ সীমা পৰীক্ষা কৰি চাওক।” একেদৰে চিজেপি নেতা সৌৰভ দাসে কয় যে কোনো বিৰোধী দলে যদি বিজেপিৰ স্বাৰ্থ পূৰণ হোৱাকৈ কাম কৰে, তেন্তে সেয়া জনতাৰ সৈতে বিশ্বাসঘাতকতা হ’ব আৰু ইয়াৰ মূল্য যুৱ প্ৰজন্মই ভৰিব লাগিব। মহিলা সংৰক্ষণলৈ সমৰ্থন দোহাৰি সংগঠনটোৱে লগতে কয় যে পূৰ্বেই সংসদত গৃহীত হোৱা মহিলা সংৰক্ষণক এতিয়া সমষ্টিৰ সীমা বিকৃত কৰাৰ আৱৰণ হিচাপে ব্যৱহাৰ কৰা হৈছে। চিজেপিৰ নীতি-নিৰ্ধাৰণ শাখাৰ মুৰব্বী মেহৰ পছৰিচাই কয় যে লোকসভাত ৫৫০গৰাকী নে ৮৫০গৰাকী সাংসদ থাকিব, সেয়া ডাঙৰ কথা নহয়; শিক্ষা, নিযুক্তিৰ সংকট, বিষাক্ত বায়ু, কোটি কোটি ভাৰতীয়ৰ ভোটাধিকাৰ হৰণ আৰু মহিলাৰ সুৰক্ষাৰ দৰে মূল বিষয়বোৰ সংসদত আলোচিত নোহোৱাটোহে উদ্বেগজনক।

 

উল্লেখযোগ্য যে অহা ৩০ নৱেম্বৰৰ পৰা ৩ ডিচেম্বৰলৈ সংসদৰ বিশেষ অধিৱেশন আহ্বান কৰা হৈছে, য’ত ৩০ নৱেম্বৰত লোকসভা আৰু ২ ডিচেম্বৰত ৰাজ্যসভাৰ অধিৱেশন বহিব। সোমবাৰে লোকসভাত চৰকাৰে উত্থাপন কৰিবলগীয়া ‘সংবিধান (১৩২তম সংশোধনী) বিধেয়ক, ২০২৬’সহ মুঠ তিনিখন বিধেয়কৰ জৰিয়তে ২০২৯ চনৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে লোকসভা আৰু ৰাজ্যিক বিধানসভাসমূহত এছচি-এছটি মহিলাসহ মহিলাসকলৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণ কাৰ্যকৰী কৰাৰ লক্ষ্য লোৱা হৈছে। এই বিধেয়কত প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ লোকসভা তথা বিধানসভাৰ আসন সংখ্যা ৫০ শতাংশ বৃদ্ধি কৰি ২০৫১ চনলৈ নতুন আসন আবণ্টন আৰু সমষ্টিৰ সীমা স্থিৰ ৰখাৰ প্ৰস্তাৱ দিয়া হৈছে। ইয়াৰ ফলত লোকসভাৰ সৰ্বোচ্চ আসন সংখ্যা ৮৫০লৈ বৃদ্ধি পাব, য’ত ৰাজ্যসমূহৰ বাবে ৮১৫খন আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বাবে ৩৫খন আসন থাকিব। একেদৰে বিধানসভাৰ সৰ্বোচ্চ আসনৰ সীমা ৫০০ৰ পৰা ৬৫০লৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ ৰখা হৈছে।

 

সংখ্যাৰ হিচাপত, যোৱা ১৭ এপ্ৰিলত পূৰ্বৰ সংবিধান সংশোধনী বিধেয়কখন লোকসভাত দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা লাভৰ বাবে ৫৪টা ভোটত ব্যৰ্থ হৈছিল- সপক্ষে ২৯৮টা আৰু বিপক্ষে ২৩০টা ভোট পৰিছিল। কিন্তু তাৰ পাছৰ পৰা বিৰোধী শিবিৰত ব্যাপক সমীকৰণ সলনি হৈছে। জুন মাহত তৃণমূল কংগ্ৰেছৰ ২০গৰাকী বিসম্বাদী সাংসদে দল ত্যাগ কৰি এনডিএৰ সমৰ্থক ‘নেচনেলিষ্ট চিটিজেনছ পাৰ্টী অৱ ইণ্ডিয়া’ (এনচিপিআই)-ত চামিল হয়, যদিও তেওঁলোকৰ সদস্যপদ খাৰিজৰ গোচৰ বৰ্তমান অধ্যক্ষ ওম বিৰলাৰ ওচৰত বিচাৰাধীন হৈ আছে। আনহাতে, ২২গৰাকী সাংসদযুক্ত ডিএমকেই এই নতুন বিধেয়কখনক সমৰ্থন জনাইছে আৰু ৮গৰাকী সাংসদযুক্ত এনচিপি (শৰদচন্দ্ৰ পাৱাৰ)-এও ৫০ শতাংশ সমান আসন বৃদ্ধিৰ চৰ্তত সমৰ্থনৰ ইংগিত দিছে। বৰ্তমান ৫৪০গৰাকী সদস্যযুক্ত লোকসভাত তিনিখন আসন খালী হৈ আছে। তৃণমূল সাংসদ কল্যাণ বেনাৰ্জীৰ নিলম্বন অব্যাহত থাকিলে অধ্যক্ষসহ ৫৩৯গৰাকী সদস্যই অধিৱেশনত উপস্থিত থাকিব পাৰিব। অধ্যক্ষৰ বাহিৰে বাকী ৫৩৮গৰাকীয়ে ভোটদান কৰিলে বিধেয়কখন গৃহীত হ’বলৈ কমেও ৩৫৯টা ভোটৰ প্ৰয়োজন হ’ব; অৱশ্যে কোনো সদস্য অনুপস্থিত থাকিলে এই সংখ্যা আৰু হ্ৰাস পাব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সমষ্টি পুনৰ নিৰ্ধাৰণ নে নিৰ্বাচনী মানচিত্ৰ বিকৃতি? সংসদৰ বিশেষ অধিৱেশনৰ পূৰ্বে মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী আৰু চিজেপি

সমষ্টি পুনৰ নিৰ্ধাৰণ নে নিৰ্বাচনী মানচিত্ৰ বিকৃতি? সংসদৰ বিশেষ অধিৱেশনৰ পূৰ্বে মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী আৰু চিজেপি

November 28, 2026 3:49 pm
লোকসভাৰ আসনসংখ্যা ৮৫০লৈ বৃদ্ধিৰ প্ৰস্তাৱ, ২০২৯ৰ পৰাই মহিলাৰ বাবে ৩৩ শতাংশ সংৰক্ষণ! কি আছে কেন্দ্ৰৰ নতুন সমষ্টি পুনৰ্নিৰ্ধাৰণ বিধেয়কত?

লোকসভাৰ আসনসংখ্যা ৮৫০লৈ বৃদ্ধিৰ প্ৰস্তাৱ, ২০২৯ৰ পৰাই মহিলাৰ বাবে ৩৩ শতাংশ সংৰক্ষণ! কি আছে কেন্দ্ৰৰ নতুন সমষ্টি পুনৰ্নিৰ্ধাৰণ বিধেয়কত?

November 28, 2026 2:33 pm
অদ্ভুত কাণ্ড! কংগ্ৰেছ, বিজেপিৰ পৰা নিৰ্বাচনত নামিল একেগৰাকী মহিলাই; মনোনয়ন দাখিল কৰিয়েই জয়ী

অদ্ভুত কাণ্ড! কংগ্ৰেছ, বিজেপিৰ পৰা নিৰ্বাচনত নামিল একেগৰাকী মহিলাই; মনোনয়ন দাখিল কৰিয়েই জয়ী

November 28, 2026 1:44 pm
ৰিঙৰ বাহিৰত দলিয়াই পেলাই দিছিল প্ৰতিপক্ষই! মাত্ৰ ৩৮ বছৰ বয়সতে মৃত্যু WWE তাৰকাৰ

ৰিঙৰ বাহিৰত দলিয়াই পেলাই দিছিল প্ৰতিপক্ষই! মাত্ৰ ৩৮ বছৰ বয়সতে মৃত্যু WWE তাৰকাৰ

November 28, 2026 12:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সমষ্টি পুনৰ নিৰ্ধাৰণ নে নিৰ্বাচনী মানচিত্ৰ বিকৃতি? সংসদৰ বিশেষ অধিৱেশনৰ পূৰ্বে মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী আৰু চিজেপি

সমষ্টি পুনৰ নিৰ্ধাৰণ নে নিৰ্বাচনী মানচিত্ৰ বিকৃতি? সংসদৰ বিশেষ অধিৱেশনৰ পূৰ্বে মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী আৰু চিজেপি

November 28, 2026 3:49 pm
লোকসভাৰ আসনসংখ্যা ৮৫০লৈ বৃদ্ধিৰ প্ৰস্তাৱ, ২০২৯ৰ পৰাই মহিলাৰ বাবে ৩৩ শতাংশ সংৰক্ষণ! কি আছে কেন্দ্ৰৰ নতুন সমষ্টি পুনৰ্নিৰ্ধাৰণ বিধেয়কত?

লোকসভাৰ আসনসংখ্যা ৮৫০লৈ বৃদ্ধিৰ প্ৰস্তাৱ, ২০২৯ৰ পৰাই মহিলাৰ বাবে ৩৩ শতাংশ সংৰক্ষণ! কি আছে কেন্দ্ৰৰ নতুন সমষ্টি পুনৰ্নিৰ্ধাৰণ বিধেয়কত?

November 28, 2026 2:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd