সমষ্টি পুনৰ্নিৰ্ধাৰণক লৈ চলি থকা সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত নিজৰ স্থিতি স্পষ্ট কৰিলে তামিলনাডুৰ শাসকীয় দল ডিএমকেই। সংসদৰ আগন্তুক অধিৱেশনত কেন্দ্ৰীয় চৰকাৰে উত্থাপন কৰিবলৈ লোৱা সমষ্টি পুনৰ্নিৰ্ধাৰণ বিধেয়কখনক সমৰ্থন জনাব এম কে ষ্টেলিনৰ নেতৃত্বাধীন দলটোৱে। ডিএমকেৰ এই সিদ্ধান্তই বিৰোধী ঐক্যজোঁট ‘ইণ্ডিয়া’ৰ ওপৰত চাপ বৃদ্ধি কৰাৰ লগতে কেন্দ্ৰৰ শাসকীয় শিবিৰৰ শক্তিও বৃদ্ধি কৰিব বুলি চৰ্চা চলিছে।
শনিবাৰে পুৱা দলৰ সাংসদসকলৰ সৈতে অনুষ্ঠিত এখন বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰে ডিএমকে নেতৃত্বই। বৈঠকৰ পিছতে দলৰ স্থিতি স্পষ্ট কৰে সাংসদ এ ৰাজাই। তেওঁ কয় যে ডিএমকেই নতুন সমষ্টি পুনৰ্নিৰ্ধাৰণ বিধেয়কখনক সমৰ্থন জনাব। দলৰ আন এগৰাকী সাংসদ দয়ানিধি মাৰানেও সংসদৰ ভিতৰত বিধেয়কখনৰ সপক্ষে থিয় দিয়াৰ কথা পুনৰ নিশ্চিত কৰে।
উল্লেখ্য যে সংবিধান সংশোধনী বিধেয়ক গৃহীত কৰিবলৈ বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰক সংসদৰ দুয়ো সদনৰ মুঠ সদস্যৰ অন্ততঃ দুই-তৃতীয়াংশৰ সমৰ্থনৰ প্ৰয়োজন। এনে পৰিস্থিতিত ২২গৰাকী সাংসদ থকা ডিএমকেৰ সমৰ্থন কেন্দ্ৰীয় চৰকাৰৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ। ইয়াৰ পূৰ্বে সমষ্টি পুনৰ্নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ তীব্ৰ বিৰোধিতা কৰি অহা দলটোৰ এই সিদ্ধান্তই শাসকীয় পক্ষৰ শক্তি বৃদ্ধি কৰিছে। যোৱা এপ্ৰিল মাহত বিধেয়কখনক লৈ সৃষ্টি হোৱা ৰাজনৈতিক পৰাজয়ৰ পিছত এইবাৰ পুনৰ বিধেয়কখন গৃহীত কৰাৰ লক্ষ্য লৈছে কেন্দ্ৰই।
কেন্দ্ৰীয় চৰকাৰে বিধেয়কখনত সকলো ৰাজ্যতে লোকসভাৰ আসন ৫০ শতাংশকৈ বৃদ্ধিৰ প্ৰস্তাৱ অন্তৰ্ভুক্ত কৰাৰ পিছতে ডিএমকেৰ এই সমৰ্থন আহিছে। লগতে লোকসভাৰ আসন বৃদ্ধিৰ পিছতো সমষ্টি পুনৰ্নিৰ্ধাৰণৰ ক্ষেত্ৰত ২৫ বছৰৰ বাবে স্থগিতাদেশ বাহাল ৰখাৰ প্ৰস্তাৱতো সন্মতি প্ৰকাশ কৰিছে কেন্দ্ৰই। ডিএমকেৰ মতে, নতুন ব্যৱস্থাত তামিলনাডুৰ লোকসভাৰ আসনৰ অংশীদাৰিত্ব বৰ্তমানৰ দৰে প্ৰায় ৭.২ শতাংশ বজাই থাকিব লাগিব। একে সময়তে ৰাজ্যখনৰ লোকসভাৰ আসনৰ সংখ্যা বৰ্তমানৰ ৩৯খনৰ পৰা ৫৯খনলৈ বৃদ্ধি পোৱাত দলটোৰ আপত্তি নাই।
ইয়াৰ এদিন পূৰ্বে অৰ্থাৎ শুকুৰবাৰেও সমষ্টি পুনৰ্নিৰ্ধাৰণক লৈ দলৰ স্থিতি স্পষ্ট কৰিছিল ডিএমকেৰ মুৰব্বী এম কে ষ্টেলিনে। জনসংখ্যাৰ ভিত্তিত সমষ্টি পুনৰ্নিৰ্ধাৰণ কৰিলে দক্ষিণ ভাৰতৰ ৰাজ্যসমূহে ৰাজনৈতিক প্ৰতিনিধিত্বৰ ক্ষেত্ৰত লোকচানৰ সন্মুখীন হ’ব পাৰে বুলি তেওঁ প্ৰথমৰে পৰাই সতৰ্ক কৰি আহিছিল। এই আশংকাৰ বিৰুদ্ধে এক উমৈহতীয়া মঞ্চ গঢ়াৰ উদ্দেশ্যে চেন্নাইত অনুষ্ঠিত এখন সন্মিলনত তেওঁ আন প্ৰভাৱিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু প্ৰতিনিধিসকলকো একত্ৰিত কৰিছিল।
ষ্টেলিনে স্পষ্ট কৰি দিছিল যে তামিলনাডুৰ স্বাৰ্থৰ সৈতে কোনো আপোচ কৰা নহ’ব। লোকসভাত ৰাজ্যখনৰ বৰ্তমানৰ ৭.১৮ শতাংশ প্ৰতিনিধিত্ব সুৰক্ষিত ৰখাৰ দাবী জনাইছিল তেওঁ। একেদৰে ১৯৭১ চনৰ লোকপিয়লৰ ভিত্তিত ৰাজ্যসমূহৰ মাজত লোকসভাৰ আসন বিতৰণৰ ব্যৱস্থা আৰু ২৫ বছৰলৈ বাহাল ৰখাৰো দাবী তুলিছিল ডিএমকেৰ মুৰব্বীগৰাকীয়ে।
সামাজিক মাধ্যম ‘এক্স’ত কৰা এটা পোষ্টত ষ্টেলিনে কৈছিল, “আমাৰ স্থিতিৰ কোনো পৰিৱৰ্তন হোৱা নাই। কোনো ধৰণৰ আপোচৰো প্ৰশ্নই নাহে।”
ডিএমকেৰ একাংশ শীৰ্ষ সূত্ৰৰ মতে, সংসদৰ মুঠ আসনৰ সংখ্যা বৃদ্ধিক লৈ দলটোৰ মূল আপত্তি নাছিল। দলটোৰ প্ৰধান চিন্তা আছিল, সমষ্টি পুনৰ্নিৰ্ধাৰণৰ নামত তামিলনাডুৱে যাতে দেশৰ সংসদীয় ৰাজনীতিত নিজৰ আপেক্ষিক প্ৰতিনিধিত্ব হেৰুৱাবলগীয়া নহয়। এনডিটিভিক দিয়া মন্তব্যত দলটোৰ এগৰাকী শীৰ্ষ সূত্ৰই কয়, “আমি এখন বৃহৎ সংসদ বিচৰা নাই। কিন্তু কেন্দ্ৰই যদি আসনৰ সংখ্যা বৃদ্ধি কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ, তেন্তে আমাৰ প্ৰতিনিধিত্বৰ হাৰ অন্ততঃ সুৰক্ষিত ৰাখিব লাগিব।”
ডিএমকেৰ সূত্ৰৰ দাবী অনুসৰি, লোকসভাৰ আসন ৫০ শতাংশ বৃদ্ধিৰ প্ৰস্তাৱত সমৰ্থন জনাবলৈ বিজেপিয়ে দলটোক আহ্বান জনাইছিল। বিজেপিৰ যুক্তি আছিল, এই প্ৰস্তাৱৰ বিৰোধিতা কৰিলে কেন্দ্ৰই জনসংখ্যাৰ ভিত্তিত সমষ্টি পুনৰ্নিৰ্ধাৰণৰ পথ গ্ৰহণ কৰিব পাৰে। লগতে ৮৪সংখ্যক সংবিধান সংশোধনীৰ অধীনত এই প্ৰক্ৰিয়া আগবঢ়াই নিবলৈ কেন্দ্ৰৰ হাতত বিকল্প আছে আৰু ইয়াৰ বাবে সংসদত কেৱল সাধাৰণ সংখ্যাগৰিষ্ঠতাৰ প্ৰয়োজন হ’ব বুলিও বিজেপিয়ে ডিএমকেক জনোৱা বুলি সূত্ৰটোৱে দাবী কৰিছে।
কেৱল ডিএমকেৱেই নহয়, দক্ষিণ ভাৰতৰ আন ৰাজনৈতিক দলসমূহৰ আগতো বিজেপিয়ে একেধৰণৰ যুক্তি দাঙি ধৰিছিল বুলি জানিব পৰা গৈছে। কংগ্ৰেছৰ সৈতে একেটা পক্ষত থাকি বিধেয়কখনৰ বিৰোধিতা কৰিলে দক্ষিণ ভাৰতৰ স্বাৰ্থ ক্ষতিগ্ৰস্ত হ’ব পাৰে বুলিও বিজেপিয়ে যুক্তি দৰ্শাইছিল। ডিএমকেৰ সৈতে হোৱা আলোচনাৰ সময়ত বিজেপিয়ে কংগ্ৰেছক ‘দক্ষিণ ভাৰতবিৰোধী’ বুলিও অভিহিত কৰা বুলি সূত্ৰৰ দাবী।
ইফালে, তামিলনাডুত কংগ্ৰেছৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন কৰাৰ পিছতে ডিএমকেই সমষ্টি পুনৰ্নিৰ্ধাৰণ সন্দৰ্ভত নিজৰ স্থিতি সলনি কৰিছে বুলি উঠা অভিযোগো নাকচ কৰিছে দলটোৱে। ডিএমকেৰ বক্তব্য, আৰম্ভণিৰ পৰাই দলটোৱে ন্যায়সংগত সমষ্টি পুনৰ্নিৰ্ধাৰণৰ দাবী জনাই আহিছে। ৰাজ্যসমূহৰ মাজত ৰাজনৈতিক প্ৰতিনিধিত্বৰ সমতা অক্ষুণ্ণ ৰখাটোৱেই তেওঁলোকৰ মূল উদ্দেশ্য।





