জনপ্ৰিয় ৱেব ছিৰিজ ‘পঞ্চায়ত’-ৰ পঞ্চম ছিজনৰ মুক্তিৰ পূৰ্বে দৰ্শকৰ মাজত উছাহ দুগুণ বঢ়াইছে ইংলেণ্ডৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ কেভিন পিটাৰছ’নে। শেহতীয়াকৈ মুকলি হোৱা এটা প্ৰচাৰমূলক ভিডিঅ’ত পিটাৰছেনক এগৰাকী প্ৰকৃত ‘ফুলেৰাবাসী’ৰ ৰূপত দেখা গৈছে।
ভিডিঅ’টোত কুৰ্তা-পায়জামা পিন্ধি, মূৰত গামোচা বান্ধি পিটাৰছেনক দাঁতন চোবাই, ‘ভুতকুনৰ চাহ’ত চুমুক দি আৰু ফুলেৰাৰ বিখ্যাত পানীৰ টেংকিটোৰ দৃশ্য উপভোগ কৰি থকা দেখা গৈছে। নিজৰ পৰিচয় দি ক্ৰিকেটাৰগৰাকীয়ে কয়, “মই কেভিন পিটাৰছেন; মই ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ। মই লণ্ডনৰ পৰা ছিডনীলৈ সকলো ঠাই ভ্ৰমণ কৰিছোঁ, কিন্তু বিশ্বত ফুলেৰাৰ দৰে ঠাই ক’তো নাই!” গাঁওখনৰ পৰিৱেশৰ সৈতে মিলি গৈ পিটাৰছেনে ছিৰিজটোৰ কেইবাটাও জনপ্ৰিয় সংলাপো নিজা শৈলীৰে পৰিৱেশন কৰিছে।
‘দ্য ভাইৰেল ফিভাৰ’ (টিভিএফ) প্ৰযোজিত ‘পঞ্চায়ত ছিজন ৫’ অহা ৩ ডিচেম্বৰত প্ৰাইম ভিডিঅ’ত মুক্তি লাভ কৰিব। দীপক কুমাৰ মিশ্ৰ, চন্দন কুমাৰ আৰু অৰুণাভ কুমাৰে নিৰ্মাণ কৰা এই ছিৰিজটো পৰিচালনা কৰিছে দীপক কুমাৰ মিশ্ৰই আৰু কাহিনী-চিত্ৰনাট্য লিখিছে চন্দন কুমাৰে।
নতুন ছিজনটোত জিতেন্দ্ৰ কুমাৰ, ৰঘুবীৰ যাদৱ, নীনা গুপ্তা, সুনীতা ৰাজৱাৰ, ফৈজল মালিক, চন্দন ৰয়, ছানভিকা, দুৰ্গেশ কুমাৰ আৰু অশোক পাঠকে নিজ নিজ জনপ্ৰিয় চৰিত্ৰসমূহত পুনৰ অভিনয় কৰিছে। পঞ্চম ছিজনত প্ৰধানজীক গাদীৰ বাহিৰৰ জীৱনৰ সৈতে খাপ খুৱাবলৈ চেষ্টা কৰা দেখা যাব; আনহাতে সচিবজীক নিজৰ ব্যক্তিগত উচ্চাকাংক্ষা, বন্ধুত্ব আৰু পঞ্চায়তৰ ৰাজনৈতিক সমীকৰণৰ মাজত ভাৰসাম্য ৰক্ষাৰ বাবে সংগ্ৰাম কৰা দেখুওৱা হ’ব।





