বাংলাদেশত দেওবাৰ আৰু সোমবাৰে দুদিনীয়া লকডাউন কাৰ্যসূচীৰ আহ্বান জনাইছে নিষিদ্ধ আৱামী লীগে। শ্বেখ হাছিনাৰ শাস্তি বাতিল, দলৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ, ৰাজনৈতিক বন্দীক মুকলি কৰি দিয়াকে ধৰি আঠটা দাবীৰে এই কাৰ্যসূচী ঘোষণা কৰা হৈছে।
ইতিমধ্যে লকডাউনক লৈ বাংলাদেশৰ বিভিন্ন অঞ্চলত উত্তেজনা বিয়পি পৰিছে। পৰিস্থিতি চম্ভালিবলৈ প্ৰশাসনে ঢাকাকে ধৰি ৭খন জিলাত সীমান্তৰক্ষী বাংলাদেশৰ ১২০টা প্লাটুন মোতায়েন কৰিছে। আৰক্ষীৰ নিৰীক্ষণ আৰু নিৰাপত্তাৰ ব্যৱস্থা বৃদ্ধি কৰা হৈছে।
১৯ নৱেম্বৰত এদিনীয়া লকডাউন কাৰ্যসূচীৰ পিছত ধাৰাবাহিক আন্দোলনৰ অংশ হিচাপে আৱামি লীগে এই নতুন কাৰ্যসূচী ঘোষণা কৰিছে। অনলাইন প্ৰচাৰৰ উপৰিও দলৰ নেতা, কৰ্মী, সমৰ্থকসকলে শুকুৰবাৰে নিশাৰ পৰা দেশৰ বিভিন্ন প্ৰান্তত জোৰ সমদল আৰু প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। এই সমদলক কেন্দ্ৰ কৰি গোপালগঞ্জকে ধৰি কেইবাখনো জিলাত উত্তেজনাৰ সৃষ্টি হৈছে।
শুকুৰবাৰে নিশাৰ পৰা ৰাজধানী ঢাকাকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ এলেকাত নিৰাপত্তা কটকটীয়া কৰা হৈছে। ঢাকাৰ পৰা বিভিন্ন জিলালৈ যোৱা পথত চেকপইণ্ট স্থাপন কৰা হৈছে। আইন প্ৰয়োগকাৰী বিষয়াই সন্দেহজনক বাহন ৰখাই পৰীক্ষা কৰি আছে। তদুপৰি বিএনপিৰ কৰ্মীসকলে নিজা উদ্যোগত চেকপইণ্ট স্থাপন কৰি বিভিন্ন অঞ্চলত বাহন তালাচী চলোৱাৰ অভিযোগ উত্থাপন হৈছে।
শনিবাৰে গোপালগঞ্জকে ধৰি বিভিন্ন অঞ্চলত জোৰ সমদলৰ খবৰ আহিছিল। অৱশ্যে এই কাৰ্যসূচীক লৈ সংঘৰ্ষ, অগ্নিসংযোগ আৰু গ্ৰেপ্তাৰৰ ঘটনাও পোহৰলৈ আহিছে। জানিব পৰা মতে, লকডাউনৰ পূৰ্বে ঢাকা-চট্টগ্ৰাম, নাৰায়ণগঞ্জ, পতুৱাখালি, মাণিকগঞ্জ, পিৰোজপুৰ, সাভাৰকে ধৰি কেইবাটাও অঞ্চলত যান-বাহনত অগ্নিসংযোগৰ ঘটনা সংঘটিত হৈছিল। ফলত দেওবাৰ আৰু সোমবাৰে দীৰ্ঘ দূৰত্বৰ বাছ আৰু অন্যান্য পৰিবহণ সেৱা ব্যাহত হোৱাৰ আশংকাকৰা হৈছে।
শুকুৰবাৰে নিশা আৱামী লীগৰ কাৰ্যসূচীৰ সমৰ্থনত গোপালগঞ্জত বৃহৎ জোৰ সমদল উলিওৱা হয়। কেইবা কিলোমিটাৰ দৈৰ্ঘ্যৰ এই সমদলৰ সমান্তৰালকৈ জিলা সদৰ, কোটালিপাৰা, টুংগীপাৰা, কাছিয়ানী আৰু মুকছুদপুৰতো প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হয়। লক্ষ্মীপুৰ, কিশোৰগঞ্জ, নেট্ৰ’কোনা, মইমনসিং, চিলেট, চট্টগ্ৰাম, ৰাজশাহী, নাৰাইল, মাগুৰা আৰু বৰিশালৰ বিভিন্ন অঞ্চলতো সমদলৰ খবৰ পোৱা গৈছে।
এই পৰিস্থিতিত বাংলাদেশ চৰকাৰে নিৰাপত্তা সুদৃঢ় কৰিছে। সীমান্তৰক্ষী বাংলাদেশ চমুকৈ বিজিবিয়ে জনোৱা মতে, ঢাকাকে ধৰি ৭খন জিলাত মুঠ ১২০টা প্লাটুন মোতায়েন কৰা হৈছে। গোপালগঞ্জ, গাজীপুৰ, নাৰায়ণগঞ্জ, মাইমেনচিং, চট্টগ্ৰাম আৰু কক্স বজাৰৰ গুৰুত্বপূৰ্ণ অঞ্চলসমূহতো নিৰাপত্তা বৃদ্ধি কৰা হৈছে।
বিশেষকৈ উদ্যোগিক অঞ্চল, গুৰুত্বপূৰ্ণ চৰকাৰী প্ৰতিষ্ঠান আৰু পৰিবহণ পথত নিৰীক্ষণ বৃদ্ধি কৰা হৈছে। সীমান্তৱৰ্তী ৩০খন জিলাতো আৰক্ষীক সজাগ হৈ থাকিবলৈ নিৰ্দেশ দিয়া হৈছে বুলি জানিব পৰা গৈছে। আৰক্ষী, ৰেপিড একচন বেটেলিয়ন (আৰ এ বি), বি জি বি, আনছাৰ আৰু স্পেচিয়েল ৰেচপন্স বেটেলিয়নৰ সদস্যই যৌথভাৱে টহল দি আছে।
পৰিস্থিতি নিৰীক্ষণৰ বাবে বিজিবিৰ মুখ্য কাৰ্যালয়ত বিশেষ নিৰীক্ষণ ব্যৱস্থাও স্থাপন কৰা হৈছে। বাহিনীটোৰ সদস্যসকলে ব্যৱহাৰ কৰা ড্ৰ’ন, চিচিটিভি আৰু শৰীৰত লগোৱা কেমেৰাৰ জৰিয়তে বিভিন্ন অঞ্চলৰ পৰিস্থিতি নিৰীক্ষণ কৰা হৈছে।
আৱামি লীগৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক এছ এম কমল হোছেইনে দাবী কৰিছে যে এই লকডাউন কাৰ্যসূচীত সাধাৰণ ৰাইজৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহণ দেখা যাব। তেওঁৰ মতে, দেশৰ পৰিবহণ ব্যৱস্থা আৰু উদ্যোগিক অঞ্চল স্থবিৰ হৈ পৰিব পাৰে। লগতে দলৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ লগতে শ্বেখ হাছিনাৰ বিৰুদ্ধে দাখিল কৰা গোচৰ আৰু ঘোষিত শাস্তি বাতিল কৰাৰ দাবীও পুনৰ উত্থাপন কৰে।
উল্লেখ্য যে শ্বেখ হাছিনাৰ বাংলাদেশলৈ প্ৰত্যাৱৰ্তনৰ সম্ভাৱ্য তাৰিখ ১৬ ডিচেম্বৰ বুলি তেওঁৰ দলে ঘোষণা কৰিছে। সেই ঘোষণাৰ বাবেই বাংলাদেশৰ ৰাজনৈতিক পৰিস্থিতিও উত্তপ্ত। ফলত ২৯ আৰু ৩০ নৱেম্বৰৰ কাৰ্যসূচীৰ সমান্তৰালকৈ ডিচেম্বৰৰ ৰাজনৈতিক পৰিস্থিতিৰ ওপৰতো প্ৰশাসনে নজৰ ৰাখিছে।





