ভাৰতৰ অন্যতম বহুল ব্যৱহৃত চৰকাৰী ই-গভাৰ্ণেন্স প্লেটফৰ্ম ‘ডিজিট’ (DIGIT— Digital Infrastructure for Governance, Inclusion & Transformation)-ত গুৰুতৰ ছাইবাৰ সুৰক্ষা ত্ৰুটি ধৰা পৰিছে। ভাৰতীয় কম্পিউটাৰ জৰুৰীকালীন সঁহাৰি দল, চমুকৈ চাৰ্ট-ইনে প্লেটফৰ্মটোৰ ‘ডিজিট ক’ৰ ২.৯’ সংস্কৰণত ভয়াৱহ ‘এছকিউএল ইনজেকচন’ দুৰ্বলতা চিনাক্ত কৰি উচ্চ স্তৰৰ সতৰ্কবাণী জাৰি কৰিছে। যোৱা ২৫ নৱেম্বৰত প্ৰকাশিত এই সুৰক্ষা জাননীত (CIVN-2026-0570 / CVE-2026-136706) স্পষ্ট কৰা হৈছে যে এই ত্ৰুটিৰ সুযোগ লৈ কোনো হেকাৰে আনকি লগ-ইন নকৰাকৈয়ে নাগৰিকৰ গোপন তথ্য সংগ্ৰহ, সলনি বা সম্পূৰ্ণৰূপে মচি পেলাব পাৰে।
উল্লেখযোগ্য যে ভাৰতৰ লগতে আন ৯খন দেশৰ ২০ হাজাৰৰো অধিক চৰকাৰী সংস্থা আৰু স্থানীয় প্ৰশাসনত এই অ’পেন ছ’ৰ্চ প্লেটফৰ্মটো ব্যৱহাৰ কৰা হয়। জন্মৰ প্ৰমাণপত্ৰ, কৰ সংগ্ৰহ আৰু পানী যোগান ব্যৱস্থাপনাৰ দৰে অত্যাৱশ্যকীয় ৰাজহুৱা সেৱাসমূহ ইয়াৰ জৰিয়তে পৰিচালিত হয়। সেয়েহে এই কাৰিকৰী দুৰ্বলতাই বৃহৎসংখ্যক নাগৰিকৰ ব্যক্তিগত তথ্য আৰু চৰকাৰী নথিপত্ৰৰ নিৰাপত্তাৰ প্ৰতি গভীৰ শংকাৰ সৃষ্টি কৰিছে।
চাৰ্ট-ইনৰ তথ্য অনুসৰি, কোনো এটা এপ্লিকেচনে ব্যৱহাৰকাৰীয়ে দিয়া তথ্য সঠিকভাৱে পৰীক্ষা নকৰিলে ‘এছকিউএল ইনজেকচন’ৰ সমস্যাৰ সৃষ্টি হয়। ডিজিট প্লেটফৰ্মৰ ‘ইউজাৰ এণ্ড এক্সেছ কণ্ট্ৰ’ল চাৰ্ভিচ’ অংশত এই ত্ৰুটি ৰৈ গৈছে। ইয়াৰ ফলত দূৰৈৰ পৰাই যিকোনো আক্ৰমণকাৰীয়ে লগ-ইন একাউণ্ট অবিহনেই ত্ৰুটিপূৰ্ণ এপিআই এণ্ডপইণ্টৰ জৰিয়তে বিশেষভাৱে প্ৰস্তুত কৰা নিৰ্দেশ পঠিয়াই অনুমোদনহীনভাৱে ডেটাবেছত প্ৰৱেশ কৰিব পাৰে।
এই আক্ৰমণত সফল হ’লে হেকাৰে চৰকাৰী ডেটাবেছত সঞ্চিত থকা নাগৰিকৰ ব্যক্তিগত তথ্য চোৱাৰ লগতে গুৰুত্বপূৰ্ণ নথিপত্ৰ বিকৃত বা সম্পূৰ্ণৰূপে ধ্বংস কৰিব পাৰে। ইয়াৰ ফলত সঠিক চৰকাৰী তথ্যৰ ওপৰত নিৰ্ভৰশীল ৰাজহুৱা সেৱাসমূহ চৰম বিপৰ্যয়ৰ সন্মুখীন হোৱাৰ আশংকা আছে। সাৰ্থক চৌহান নামৰ এগৰাকী গৱেষকে এই ত্ৰুটিটো চাৰ্ট-ইনৰ দৃষ্টিগোচৰ কৰিছিল।
ৰাজ্যিক আৰু কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পৰ্যায়ৰ প্ৰকল্পসমূহৰ উপৰি বিভিন্ন চহৰ আৰু চৰকাৰী সংস্থাত এক হাজাৰৰো অধিক ক্ষেত্ৰত বৰ্তমান ডিজিট সক্ৰিয়ভাৱে ব্যৱহৃত হৈ আছে। ভাৰতে ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি (ডিপিআই) হিচাপে এই প্লেটফৰ্মটো আন দেশসমূহতো প্ৰচাৰ কৰি আহিছে। ফলস্বৰূপে এনে বহুল প্ৰচলিত ব্যৱস্থাত ত্ৰুটি দেখা দিলে ইয়াৰ বিপদাশংকা দেশৰ সীমা অতিক্ৰমি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ দ্ৰুতগতিত বিয়পি পৰাৰ সম্ভাৱনা থাকে।
এই জৰুৰী পৰিস্থিতিত চাৰ্ট-ইনে ডিজিট প্লেটফৰ্ম ব্যৱহাৰ কৰা সকলো সংস্থা, ছিষ্টেম এডমিনিষ্ট্ৰেটৰ আৰু পৰিচালকক তৎক্ষণাত নিজৰ ব্যৱস্থাটো শেহতীয়া সংস্কৰণ ‘v2.9.3’-লৈ আপডেট কৰিবলৈ নিৰ্দেশ দিছে। প্লেটফৰ্মটোৰ তত্ত্বাৱধানত থকা ‘ই-গভ ফাউণ্ডেচন’ এ ইতিমধ্যে এই ত্ৰুটি সংশোধন কৰি গিটহাবত নতুন ছ’ৰ্চ ক’ড মুকলি কৰিছে। নাগৰিকৰ সংবেদনশীল তথ্য সুৰক্ষিত ৰাখিবলৈ নিজাকৈ ডিজিট ব্যৱহাৰ কৰা সকলো চৰকাৰী আৰু বেচৰকাৰী সংস্থাই পলম নকৰাকৈ এই আপডেট কাৰ্যকৰী কৰাটো অপৰিহাৰ্য বুলি চাৰ্ট-ইনে সকীয়াই দিছে।





