• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সঁচা কোন, মিছা কোন? : প্ৰশান্ত ফুকনৰ পদত্যাগপত্ৰ পোৱা নাই হেনো ৰাজ্যিক বিজেপিৰ সভাপতিয়ে

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
July 8, 2018 7:39 pm
Ranjeet Das BJP to launch campaign against CAA misinformation

ৰঞ্জিত দাসৰ ফাইল ছবি।

179
VIEWS
Share on FacebookShare on Twitter

সেয়া বিগত এপ্ৰিল মাহৰ কথা। তেতিয়া নতুনকৈ সম্প্ৰসাৰণ হোৱা সৰ্বানন্দ সোণোৱাল মন্ত্ৰীসভাত স্থান লাভৰ পৰা বঞ্চিত হৈছিল ডিব্ৰুগড় বিধান সভা সমষ্টিৰ পৰা একেৰাহে তিনিবাৰকৈ নিৰ্বাচিত হোৱা বিজেপি বিধায়ক প্ৰশান্ত ফুকন। তাৰ বিপৰীতে মন্ত্ৰীসভাত স্থান লাভ কৰিছিল কেইবাজনো কনিষ্ঠ বিধায়কে।

এই কথাত অসন্তুষ্ট হৈছিল বিজেপিৰ বেয়া অৱস্থাৰ পৰা দলটোৰ লগত থকা জ্যেষ্ঠ বিধায়ক প্ৰশান্ত ফুকন। তাৰ পাছতেই তেওঁ দলে তেওঁক অৰ্পণ কৰা পঞ্চায়ত নিৰ্বাচনৰ বাবে গঠিত নীতি নিৰ্ধাৰণ ৰাজ্যিক সমিতিৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰাৰ কথা প্ৰকাশ কৰিছিল।

যোৱা ২৬ এপ্ৰিলত দলৰ ৰাজ্যিক সভাপতিক সম্বোধন কৰি লিখা পদত্যাগ পত্ৰত বিধায়ক ফুকনে একান্ত ব্যক্তিগত কাৰণত পদত্যাগ কৰা বুলি জানিবলৈ দিয়ে যদিও সেইদিনাই সংবাদমাধ্যমৰ সন্মুখত তেওঁ কৈছিল, “মোৰ যোগ্যতাৰ ওপৰত মোৰ নিজৰে সন্দেহ আছে। সেয়ে আজি পদত্যাগ কৰিছো।”  ইয়াৰ উপৰি ফুকনে সংবাদ মাধ্যমক কৈছিল যে ‘দলৰ ক্ষতি নহ’বলে’ পঞ্চায়ত নিৰ্বাচনৰ দায়িত্বৰ পৰা তেওঁ পদত্যাগ কৰিছে।

ইমানেই নহয়, সেইদিনাই ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ অধ্যক্ষ পদো ত্যাগ কৰিছিল বিধায়ক ফুকনে।

এই কথাৰ দুমাহ পাৰ হৈ যোৱাৰ পাছত আজি ৮ জুলাইত বিজেপিৰ ৰাজ্যিক সভাপতিয়ে হঠাৎ প্ৰশান্ত ফুকনৰ পদত্যাগৰ কথাটো অস্বীকাৰ কৰে। আজি মালিগাৱঁৰ ৰং ভৱনত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ কয়, “প্ৰশান্ত ফুকনে তেতিয়া সংবাদ মাধ্যমক পদত্যাগৰ কথা অৱগত কৰাইছিল, কিন্তু পিছত আমি তেওঁৰ লগত কথা পাতিছো। মই এই বিষয় লৈ তেওঁৰ পৰা কোনো পত্ৰ পোৱা নাই। মই ভাবো আগন্তুক দিনত তেওঁ নীতি নিৰ্ধাৰণ সমিতিৰ অধ্যক্ষতা কৰি যাব।”

prashanta phukan's resignation letter
বিধায়ক প্ৰশান্ত ফুকনে পঞ্চায়ত নিৰ্বাচনৰ বাবে গঠিত নীতি নিৰ্ধাৰণ ৰাজ্যিক সমিতিৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰি দিয়া পত্ৰখন।

তেওঁ লগতে কয় মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু নেডাৰ অধ্যক্ষ ড০ হিমন্ত বিশ্ব শৰ্মাক উপদেষ্টা, বিধায়ক প্ৰশান্ত ফুকনক অধ্যক্ষ আৰু মন্ত্ৰী নৱ দলেক সদস্য সচিব হিচাপে লৈ গঠিত নীতি নিৰ্ধাৰণ সমিতিখনে যি পৰামৰ্শ আগ বঢ়ায় তাৰ ওপৰত ভিত্তি কৰি বিজেপিয়ে পঞ্চায়ত নিৰ্বাচনৰ বাবে আগ বাঢ়িব।

ৰঞ্জিত দাসৰ এই মন্তব্যৰ পাছতেই বিধায়ক প্ৰশান্ত ফুকনৰ সৈতে নৰ্থ-ইষ্ট নাওৰ তৰফৰ পৰা যোগাযোগ কৰাত বিধায়কজনে কয়, “পদত্যাগ পত্ৰ মই মেইল কৰি দিছো। আজিকালিটো সকলো মেইলৰ জৰিয়তেই হয়। গতিকে অফিচৰ মেইল আই ডিত মই পদত্যাগ পত্ৰ পঠিয়াইছো। সভাপতিয়ে মোৰ পদত্যাগ পত্ৰখন চাইছে নে নাই সেইটো মই নাজানো। তেওঁলোকে মোক একো জনোৱা নাই।”

বিধায়কজনৰ এই মন্তব্যৰ পৰা এটা কথা স্পষ্ট হ’ল যে তেওঁ পঞ্চায়ত নিৰ্বাচনৰ নীতি নিৰ্ধাৰণ সমিতিৰ অধ্যক্ষ হৈ আছে নে নাই তেওঁ নিজেই নাজানে।

এতিয়া ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস আৰু জ্যেষ্ঠ বিধায়ক প্ৰশান্ত ফুকনৰ দুই ধৰণৰ মন্তব্যৰ পাছত প্ৰকৃততে কোন সঁচা আৰু কোন মিছা সেয়াহে হৈ পৰিছে এটা ডাঙৰ প্ৰশ্ন।

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd