কাজিৰঙাৰ জাতীয় অৰ্কিড উদ্যানৰ প্ৰায় ৬ বিঘা মাটিৰ পৰা দখল উচ্ছেদৰ বাবে চৰকাৰৰ দ্বাৰা আক্ৰোশমূলকভাৱে জাননী প্ৰেৰণৰ ঘটনাক লৈ এতিয়া সংকটত পৰিছে বোকাখাত মহকুমা প্ৰশাসন। এই জাননীক লৈ সমগ্ৰ ৰাজ্যৰ লগতে বোকাখাত মহকুমাৰ অন্তৰ্গত আৰু জাতীয় অৰ্কিড উদ্যানৰ আশ-পাশৰ স্থানীয় লোকৰ প্ৰতিক্ৰিয়া দেখি শংকাত পৰিছে মহকুমাধিপতি বিবেক শ্যাম পাংগিয়ক। উচ্ছেদ হ’লে সৃষ্টি হ’ব পৰা পৰিস্থিতিক লৈ চিন্তিত মহকুমাধিপতিজনে অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্য্যোগ ব্যৱস্থাপনা বিভাগলৈ বিষয়টো সন্দৰ্ভত প্ৰেৰণ কৰা প্ৰতিবেদনত এই শংকা স্পষ্ট হৈ পৰিছে।
উল্লেখযোগ্য যে কৃষক মুক্তিৰ দ্বাৰা স্থাপিত আৰু দেশী-বিদেশী পৰ্য্যটকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা তথা বহু সংখ্যক থলুৱাৰ সংস্থাপনৰ বাট মোকলোৱা কাজিৰঙা জাতীয় অৰ্কিড উদ্যানত অসম চৰকাৰে এতিয়ালৈকে কেইবাবাৰো জৰীপ চলাই উদ্যানখনৰ অন্তৰ্ভুক্ত মাটিৰ বৈধতা সন্দৰ্ভত পৰীক্ষা-নিৰীক্ষা কৰি অৱশেষত যোৱা ৫ তাৰিখে ইয়াৰ প্ৰায় ৬ বিঘা মাটি বেআইনীভাৱে দখল কৰা বুলি উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছে।
কিন্তু তাৰ পিছতে স্থানীয় ৰাইজ আৰু অন্যান্য দল-সংগঠনৰ পৰা এই উচ্ছেদৰ জাননী উঠাই ল’বলৈ আৰু উচ্ছেদ নকৰিবলৈ চৰকাৰক আৱেদন-নিবেদন কৰিছে। মহকুমাধিপতিজনে তেওঁৰ প্ৰতিবেদনত উল্লেখ কৰিছে এইদৰে, “কাজিৰঙা জাতীয় উদ্যানৰ নামত মাটিৰ পট্টা বিচাৰি অখিল গগৈ, ৰতন দাওকে ধৰি মুঠ পাঁচজন ব্যক্তিয়ে আবেদন জনাইছিল। সেই আবেদনৰ ভিত্তিত চৰজমিন তদন্ত, ক্ৰমে কাজিৰঙা মৌজাৰ হালোৱা এন চি গাঁৱৰ ১৭১, ৩৯৮, ১৭৫, ২৩২, ২৩৩ আৰু ৩৮৩ দাগৰ ২২ বিঘা ২ কঠা ১০ লোচা চৰকাৰী মাটিৰ প্ৰতি বিঘাত ১,০৫,৩০০ টকা হিচাপে মুঠ ২৩,৬৯,২৫০ টকা প্ৰিমিয়াম ধাৰ্য্য কৰি ২৬ অক্টোবৰ ২০১৫-ত আবণ্টনৰ বাবে প্ৰস্তাৱ দাখিল কৰে।
উক্ত বিষয় সন্দৰ্ভত উক্ত মাটিখিনিৰ চৰজমিন পুনৰ জৰীপ কৰাত ২২ বিঘা ২ কঠা ১০ লোচাৰ ঠাইত বৰ্তমান উদ্যানখনৰ দখলত ২৮ বিঘা ৪ কঠা ২ লোচা মাটি পোৱা গৈছে। অৰ্থ্যাৎ ৬ বিঘা ১ কঠা ১২ লোচা মাটি উদ্যানৰ অতিৰিক্ত দখলত দেখা যায়। এই মাটিখিনিৰ ১৭১ নং দাগত ৪ কঠা ৬ লোচা মাটিত উদ্যান কৰ্তৃপক্ষৰ দ্বাৰা নেপালী গোৰ্খা সংগ্ৰাহালয় স্থাপন কৰা আছে, আৰু ৩৯৮ দাগৰ ৫ বিঘা ২ কঠা ৬ লোচা মাটিত পুখুৰী, গছ আদিৰে দখল কৰি আছে।
গতিকে উল্লেখিত পুখুৰী আৰু গছ-গছনি থকা মাটিসমূহ উচ্ছেদ কৰা সম্ভৱপৰ নহ’ব।”
আনহাতে প্ৰতিবেদনখনত আকৌ লিখা হৈছে, “অৰ্কিড উদ্যানখনৰ সচিবে ২৩-০৫-২০১৮ তাৰিখৰ KNOBP/2018/12 নং চিঠিৰ জৰিয়তে জনাইছে যে এই অতিৰিক্ত পৰিমাণৰ ৬ বিঘা ১ কঠা ১২ লোচা মাটি স্থানীয় ৰাইজে দীৰ্ঘদিন ধৰি ভোগদখল কৰি থকা মাটি আৰু সেই মাটি অৰ্কিড উদ্যানক দখলীস্বত্ব হস্তান্তৰ কৰা বুলি জিলা উপায়ুক্তক জনাই এই মাটি অৰ্কিড উদ্যানৰ নামত আবণ্টন কৰিবলৈ আবেদন জনাইছিল।”
আনহাতে সদৌ অসম গোৰ্খা(নেপালী) ছাত্ৰ সন্থাৰ বোকাখাত আঞ্চলিক সভাপতি/সম্পাদকে ৮ জুনৰ দিনা আবেদন যোগে উদ্যানৰ অতিৰিক্ত ৬ বিঘা মাটিত অৱস্থিত গোৰ্খা সাংস্কৃতিক সংগ্ৰহালয়টো উচ্ছেদৰ পৰা ৰক্ষা কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে অসম গোৰ্খা সন্মিলনৰ গোলাঘাট জিলা শাখাই গোৰ্খা সংগ্ৰহালয়টো ৰক্ষণাবেক্ষণ কৰাৰ বাবে জিলা উপায়ুক্তক স্মাৰক পত্ৰৰে দাবী জনায়।
লগতে অসম গোৰ্খা সন্মিলনৰ সভাপতি মুখ্য সম্পাদকে স্মাৰক পত্ৰৰ জৰিয়তে আপুৰুগীয়া সম্পদটো ক্ষতি নকৰিবৰ বাবে অনুৰোধ জনায়।
ইয়াৰোপৰি জনৈক মিনাই শইকীয়া আৰু কিছুসংখ্যক লোকে ২১ জুনৰ দিনা উক্ত মাটি গাওঁবাসীয়ে স্ব-ইচ্ছাই উদ্যান কতৃপক্ষক দিয়াৰ লগতে স্থানীয় বহুতো লোকক সংস্থাপন দিয়া বুলি আবেদন জনাইছিল।
এই প্ৰতিবেদনৰ জৰিয়তে মহকুমাধিপতিগৰাকীয়ে বিভিন্ন জাতীয় দল-সংগঠনে স্মাৰক পত্ৰ আৰু স্থানীয় লোকসকলে ৰাজহুৱা পত্ৰ প্ৰেৰণ কৰাৰ বাবে আইন-শৃংখলা জনিত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকা প্ৰকাশ কৰি অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্য্যোগ ব্যৱস্থাপনা বিভাগৰ সচিবলৈ পত্ৰ প্ৰেৰণ কৰে যোৱা ৩০ জুনত। এই প্ৰতিবেদন বিগত ১৯-০৬-২০১৮ তাৰিখৰ সচিবৰ টেলিফোনিক বাৰ্তাৰ সঁহাৰি হিচাপে দিয়া হৈছে বুলি লিখা হৈছে।