• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘ডি’ ভোটাৰৰ কালিমা লাগি দিশহাৰা ৰহাৰ এগৰাকী ভূমিপুত্ৰ নীলকান্তৰ পৰিয়াল

এন ই নাও নিউজ by এন ই নাও নিউজ
July 20, 2018 10:25 am
ডি-ভোটাৰ

ডি ভোটাৰ হিচাপে চিহ্নিত হোৱা ভূমিপুত্ৰ নীলকান্ত সিংহ আৰু পত্নী সুৰভি সিংহ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাঁও জিলাৰ ৰহাৰ বামুণীজানৰ এটা কোচ-ৰাজবংশী পৰিয়ালৰ এগৰাকী সদস্য ‘ডি’ ভোটাৰ হোৱাকলৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ২০১১ চনত ‘ডি’ ভোটাৰ হোৱা লোকজনৰ নাম নীলকান্ত সিংহ।ৰহা থানাৰ অন্তৰ্গত বামুনীজান গাঁৱৰ নীলকান্ত সিংহৰ পিতৃৰ নাম ফুকন সিংহ আৰু মাতৃ স্বৰ্ণ সিংহ।

এন আৰ চি লিগেচী ডাটাত ৰহা বিধানসভা সমষ্টিৰ চহৰী মৌজাৰ বামুণী এম ভি স্কুলত ৪২৫ নং ভোটাৰ তালিকাত নাম থকা ফুকন সিংহৰ লিগেচী নম্বৰ ২৮০-২০০০-২০৬৭। নগাঁৱৰ জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰপৰা ২০১৪ৰ ২৮ জুলাইত লোৱা প্ৰত্যায়িত প্ৰতিলিপিত ৰহা বিধানসভা সমষ্টিৰ খণ্ড নং ৫৬ৰ চহৰী মৌজা, বামুণীজান গাঁৱৰ ৬৬/২ নং ঘৰৰ ৪২৫ নং ফুকন সিংহ পিতা-ইচান, আৰু ৪২৬ নংত স্বৰ্ণসিংহ, স্বামী ফুকন সিংহ বুলি স্পষ্টভাৱে লিখা আছে।

Apply Now

উক্ত ফুকন সিংহৰে এজন পুত্ৰ নীলকান্ত সিংহ। ১৯৮৮ চনত মেট্ৰিক পাছ কৰাৰ পিছত ১৯৯০ চনত অ’ বি চি প্ৰমাণ-পত্ৰ লাভ কৰা নীলকান্ত সিংহই গাঁৱৰে সুৰভি সিংহক বিয়া কৰাইছিল।

ডি ভোটাৰ
ডি ভোটাৰ চিহ্নিত নীলকান্ত সিংহৰ মেধাবী পুত্ৰ কৈলাস সিংহ।

১৯৯১ চনত ভোটাধিকাৰ লাভ কৰা, নীলকান্ত সিংহই পিতৃ-মাতৃ, ভাই-ককাইসকলৰ সৈতে প্ৰতিবাৰেই ভোটাধিকাৰ সাব্যস্ত কৰাৰ পিছত ২০১১ চনত হঠাতে ভোটাৰ তালিকাত ‘ডি’ ভোটাৰৰ কালিমা লাগিল।পৰৱৰ্তী সময়ত পৰিয়ালটোৱে আদালতত  নিজাববীয়াকৈ গোচৰ তৰে। কিন্তু দৰ্ভাগ্যজনকভাৱে কিছুদিনৰ পিছত ৰহা থানাত থকা বিভাগীয় বিষয়ালৈ তথ্য বিচাৰি অহা নথি-পত্ৰ নগাঁৱৰ আদালতলৈ ঘূৰি নগ’ল।

এতিয়া নীলকান্ত সিংহ ‘ডি’ ভোটাৰ হোৱাৰ বাবে পুত্ৰৰ স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ, পুত্ৰৰ আয়ৰ প্ৰমাণ পত্ৰ, অন্যান্য পাছপৰা শ্ৰেণীৰ প্ৰমাণ পত্ৰ আৰু এন চি এল প্ৰমাণ পত্ৰৰ বাবে আবেদন কৰিও উলিয়াব পৰা নাই।

আনহাতে, নীলকান্ত সিংহৰ পত্নীয়ে আদালতত নীল সিংহৰ পিতৃ-মাতৃৰ লিগেচী, নীল সিংহৰ পূৰ্বৰ ভোটাৰ তালিকা, ভাই-ককাইৰ ভোটাৰ তালিকাৰ নথি জমা দিছিল যদিও আজিও বিদেশী ন্যায়াধিকৰণে গোচৰটোৰ ৰায় দিব নোৱাৰিলে। আদালত আৰু সীমান্ত শাখা আৰক্ষীৰ অৱহেলাৰ বাবেই আদালতৰ ফাইলৰ মাজত বন্দী হৈ ৰৈছে নীলকান্ত সিংহৰ আবেদন।

দিন হাজিৰা কৰা নীলকান্ত আৰু পত্নী সুৰভিৰ পুত্ৰ কৈলাস সিংহই আৰ্থিক দুৰৱস্থাৰ পিছতো বামুণীজান হাইস্কুলৰপৰা ২০১৬ চনত মেট্ৰিকত আটাইকেইটা  বিষয়তে লেটাৰসহ উত্তীৰ্ণ হৈছিল। ৰহাত নতুনকৈ প্ৰতিষ্ঠা হোৱা ‘ৰিজ’নেন্স জুনিয়ৰ কলেজ’ত বিনামূলীয়াকৈ নামভৰ্তি কৰাৰ পিছত কলেজখনৰ অধ্যক্ষ যতীন্দ্ৰ কুমাৰ পাৰৈয়ে নিজা খৰচত পঢ়ুওৱা কৈলাসে ২০১৮ চনত বিজ্ঞান শাখাত ইংৰাজী, অসমীয়া, ৰসায়ন বিজ্ঞান, জীৱ বিজ্ঞান বিষয়ত লেটাৰসহ ৮৪.৫৪ শতাংশ নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছে।

মেধাৱী ছাত্ৰ কৈলাসে জে ই ই আৰু চি ই ইৰ বাছনি পৰীক্ষাতো উত্তীৰ্ণ হৈছে। কিন্তু পিতৃ এজন ‘ডি’ ভোটাৰ হোৱাৰ বাবে নামভৰ্তিৰ বাবে ছাত্ৰজনে পি আৰ চিৰ বাবে আবেদন কৰাৰ পিছত ভেৰিফিকেশ্যনৰ বাবে ৰহা ৰাজহ চক্ৰ আৰু ৰহা থানালৈ অহা আবেদনৰ প্ৰত্যুত্তৰত বিভাগীয় প্ৰতিবেদন দিয়া হোৱা নাই।

আনহাতে, এন চি এলৰ বাবে অ’ বি চিৰ প্ৰমাণ পত্ৰৰ প্ৰয়োজন আৰু এই প্ৰমাণ পত্ৰৰ বাবে যাৱতীয় নথি-পত্ৰৰ লগত জমা দিয়া ভোটাৰ তালিকাত ‘ডি’ ভোটাৰ শব্দটো থকাৰ বাবেই ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ে প্ৰতিবেদন নিদিলে। সেয়ে কৈলাস নামভৰ্তিৰপৰা বঞ্চিত হ’বলগীয়া হ’ল।

অসমৰ আদি বাসিন্দা কোচ ৰাজবংশী সম্প্ৰদায়ৰ  লোকজনৰ আক্ষেপ যে পিতৃ-মাতৃৰ লিগেচী থকাৰ লগতে পৰিয়ালৰ বাকী সদস্যসকলৰ ভোটাৰ তালিকাত নাম থকাৰ পিছত এজনক ‘ডি’ ভোটাৰ কিয় সজোৱা হ’ল।

এতিয়া নীলকান্ত আৰু সুৰভিয়ে তেওঁলোকৰ পুত্ৰৰ ভৱিষ্যতকলৈ শংকিত হৈ পৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

June 25, 2026 9:27 pm
ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

June 25, 2026 9:14 pm
শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

June 25, 2026 8:41 pm
চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

June 25, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

June 25, 2026 9:27 pm
ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

June 25, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd