• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘মুখ্য মন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা’ৰ অধীনত পাইলট প্ৰজেক্ট আৰম্ভ কৰাৰ নিৰ্দেশ মুখ্য মন্ত্ৰী সোণোৱালৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 5, 2018 12:31 pm
সোণোৱাল

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ফাইল ফটো

278
VIEWS
Share on FacebookShare on Twitter

‘মুখ্য মন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা’ৰ অধীনত খেলপথাৰ উন্নয়ন আঁচনিখন শীঘ্ৰে কাৰ্যকৰী কৰিবলৈ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শনিবাৰে ক্ৰীড়া বিভাগক নিৰ্দেশ দিয়ে। এই আঁচনিখনৰ অধীনত কামৰূপ মহানগৰ আৰু কামৰূপ জিলাত দুটা পাইলট প্ৰজেক্ট আৰম্ভ কৰি ৰাজ্যখনৰ ৩৩খন জিলাতে খেলপথাৰ উন্নয়নৰ আঁচনিখন কাৰ্যকৰী কৰাৰ বাবে যাৱতীয় সকলো পদক্ষেপ গ্ৰহণ কৰিবলৈ মুখ্য মন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।

শনিবাৰে জনতা ভৱনত মুখ্য মন্ত্ৰীৰ সভাকক্ষত অসম যুৱ উন্নয়ন অভিযান ছ’চাইটীৰ পৰিচালনা সমিতিৰ বৈঠকত অধ্যক্ষতা কৰি মুখ্য মন্ত্ৰী সোণোৱালে ক্ৰীড়া বিভাগক এই নিৰ্দেশ দিয়ে।

গ্ৰামাঞ্চলৰ ক্ৰীড়া প্ৰতিভাসমূহ বিকশিত কৰিব পৰাকৈ এই খেলপথাৰসমূহৰ উন্নয়ন সাধন কৰিব লাগিব বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰীয়ে কয় যে গ্ৰামাঞ্চলত এক ক্ৰীড়াৰ অনুকূল বাতাৱৰণ গঢ়ি তোলাৰ ক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিব লাগিব। লগতে মুখ্য মন্ত্ৰী গৰাকীয়ে গাওঁ পঞ্চায়ত, আঞ্চলিক পৰ্যায়ত আৰু জিলা পৰিষদ পৰ্যায়ত খেলসমূহ অনুষ্ঠিত কৰাৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবলৈও ক্ৰীড়া বিভাগক নিৰ্দেশ দিয়ে।

তাৰোপৰি মুখ্য মন্ত্ৰী গৰাকীয়ে ৮ৰ পৰা ১৪, ১৫ৰ পৰা ১৯ আৰু ২০ৰ পৰা ৩০ বছৰ বয়সক সামৰি তিনিটা পৰ্যায়ত খেলসমূহ অনুষ্ঠিত কৰাৰ বাবেও পৰামৰ্শ আগবঢ়ায়।

গুৱাহাটীক দেশৰ ক্ৰীড়া ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে উঠি অহা প্ৰজন্মৰ ক্ৰীড়া প্ৰতিভাসমূহ বিকশাই তোলাৰ বাবে অহা ছেপ্টেম্বৰ মাহত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ছেমিনাৰ অনুষ্ঠিত কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ দিয়ে।

এই ছেমিনাৰত জিলা পৰ্যায়ৰ ক্ৰীড়া সংগঠন, জিলা ক্ৰীড়া বিষয়া, ক্ৰীড়াবিদ বিশেষকৈ নতুন প্ৰজন্মৰ খেলুৱৈসকলক উৎসাহিত কৰিব পৰাকৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম কঢ়িয়াই অনা খেলুৱৈৰ নিমন্ত্ৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্য মন্ত্ৰী গৰাকীয়ে নিৰ্দেশ দিয়ে।

শনিবাৰৰ এই বৈঠক খনত ‘মুখ্য মন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা’ৰ মুখ্য কাৰ্যবাহী বিষয়া তথা অৱসৰপ্ৰাপ্ত ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া আৰ টি জিন্দাল, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সঞ্জয় লোহিয়া, ক্ৰীড়া বিভাগৰ আয়ুক্ত সচিব আশুতোষ অগ্নিহোত্ৰী, ৰাজ্যিক পৰ্যায়ৰ ছাত্ৰ আৰু যুৱ কল্যাণ উপদেষ্টা সমিতিৰ সদস্য সচিব লক্ষ্য কোঁৱৰকে ধৰি অন্যান্য উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।

Recent News

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd