• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন আৰ চিৰ বাবে ‘সম্পৰ্ক স্থাপন’ৰ বহু প্ৰমাণপত্ৰ উপলব্ধ নোহোৱাৰ অভিযোগ এ আই য়ু ডি এফৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
August 15, 2018 7:46 am
AIUDF

হাতীগাঁৱত থকা দলটোৰ কেন্দ্ৰীয় কাৰ্যালয়ত এ আই য়ু ডি এফৰ সংবাদমেল।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰাত বাদ পৰা প্ৰায় ৪০ লাখ লোকৰ ওজৰ-আপত্তি দেখুৱাবৰ ক্ষেত্ৰত এইসকল লোকক নথি-পত্ৰই অসুবিধাত পেলোৱাৰ অভিযোগ উত্থাপন কৰিছে এ আই য়ু ডি এফে।

দলটোৰ মতে এই লোকসকলে পৰিয়ালৰ আন লোকৰ সৈতে সম্পৰ্ক স্থাপনৰ বাবে প্ৰদান কৰিব লগীয়া নথি উপলব্ধ নোহোৱাৰ ফলত বিপদত পৰিছে।

Apply Now

১৪ আগষ্টত এ আই য়ু ডি এফৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে দলটোৰ কেন্দ্ৰীয় কাৰ্যালয়ত এখন সংবাদমেল অনুষ্ঠিত কৰি এই অভিযোগ উত্থাপন কৰে।

তেওঁ কয়, “১৯৭১ চনৰ বহু আগৰ পৰা থকা বহু লোকৰ সম্পৰ্ক দেখুৱলৈ supporting documents চৰকাৰে উপলব্ধ কৰি দিয়া নাই। কিছুমান নথি technically availably কৰি নিদিয়াৰ ফলত ১৯৭১ চনৰ আগৰ নথি থকাৰ পাছতো তেওঁলোকে সেই নথি আহৰণ কৰি জমা দিব পৰা নাই।”

তেওঁ কয় যে supporting documents হিচাপে বিদ্যালয়ৰ প্ৰমাণপত্ৰ দিব পাৰি যদিও বহু ঠাইত বিদ্যালয় পৰিদৰ্শককে ধৰি অন্যান্য শিক্ষা বিষয়াই counter signature কৰা নাই। যাৰ ফলত বিদ্যালয়ৰ প্ৰমাণপত্ৰ দাখিল কৰিব পৰা নাই।

ঠিক তেনেকৈ ১৯৭১ চনৰ আগৰ ভোটাৰ তালিকা বিভিন্ন জিলাত উপলব্ধ নহয় বুলি জানিবলৈ দিয়ে। ভোটাৰ তালিকা উপলব্ধ নোহোৱাৰ ফলত বহু লোকে পৰিয়ালৰ লগত সম্পৰ্ক স্থাপনৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছে বুলি ইছলামে জানিবলৈ দিয়ে।

জন্ম-মৃত্যুৰ পঞ্জীয়কৰ পৰা জন্মৰ প্ৰমাণপত্ৰ বহুলোকে সময়ত সংগ্ৰহ নকৰি পলমকৈ উলিওৱা প্ৰমানপত্ৰসমূহ এন আৰ চি কৰ্তৃপক্ষই গ্ৰহণ নকৰাৰো অভিযোগ উত্থাপন কৰে।

তেওঁ কয়, “জন্মৰ প্ৰমাণপত্ৰ সংগ্ৰহ কৰোতে কাৰোবাৰ পলম হ’ব পাৰে। তাৰ বাবে কিবা জৰিমনা হ’ব পাৰে। কিন্তু তাৰ বাবে সেই প্ৰমানপত্ৰ গ্ৰহণ নকৰিব আৰু এন আৰ চিত নাম নাহিব এনে হ’ব নোৱাৰে।”

ইয়াৰ উপৰি বিভিন্ন স্থানত মাটিৰ পঞ্জীয়ন নথি উপলব্ধ নোহাৱা আৰু ২০১১ চনৰ অৰ্থনৈতিক পিয়লৰ তথ্য ‘অনলাইন’ নোহোৱাৰ ফলতো অসুবিধাৰ সৃষ্টি হোৱা বুলি তেওঁ মন্তব্য কৰে।

তেওঁ কয় যে এই নথিসমূহ ‘অনলাইন’ যোগে উপলব্ধ হ’লে পৰিয়ালৰ সৈতে ‘সম্পৰ্ক স্থাপন’ৰ অসুবিধাসমূহ দূৰ হ’ব।

একেখন সংবাদমেলতে আমিনুল ইছলামে এন আৰ চিৰ চূড়ান্ত খচৰাখন অসমীয়া বা বাংলা ভাষাত প্ৰকাশ কৰা কথাটোৰো বিৰোধিতা কৰে। তেওঁ কয়, “আমাৰ ভাষাৰ এটা আৱেগ আছে সেইটো ভাল কথা। কিন্তু যিহেতু এইখন ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী গতিকে ইয়াক আঞ্চলিক ভাষাত প্ৰকাশ কৰাৰ ফলত আন ৰাজ্যত দেখুৱাবলগীয়া হ’লে ইয়াক বুজি নাপাব।”

তেওঁ এইক্ষেত্ৰত মেঘালয়ৰ একাংশ ছাত্ৰ সংগঠনে মেঘালয়লৈ যোৱা লোকৰ এন আৰ চিৰ খচৰাত নাম আছে নে নাই তাৰ পৰীক্ষাৰ নামত হাৰাশাস্তি প্ৰদান কৰাৰ প্ৰসংগ উত্থাপন কৰি কয় যে মেঘালয়তে অসমীয়া ভাষাত থকা এন আৰ চিৰ খচৰা বুজি নোপোৱা বাবে তেওঁলোকে অসমীয়াত কিয় প্ৰকাশ কৰা হৈছে বুলি প্ৰশ্ন উত্থাপন কৰিছে, গতিকে আন উত্তৰ-পূৰ্বাঞ্চলৰ বাহিৰত আৰু অসুবিধা হ’ব।

ইয়াৰ উপৰি মেঘালয়ৰ ছাত্ৰ সংগাঠনৰ সমান্তৰালকৈ এন আৰ চি প্ৰকাশ নহওঁতেই নাগালেণ্ডত উত্তৰ-পূব ছাত্ৰ সংস্থা (নেছ’)ই বহিৰাগতক ওলাই যাবলৈ ৫০ দিনৰ সময়সীমা বান্ধি দিয়া আৰু অৰুণাচল প্ৰদেশত একাংশ সংগঠনে ১৬ আগষ্টৰ পাছৰ পৰা বহিৰাগতৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব বুলি লোৱা সিদ্ধান্তৰ বিৰোধিতা কৰে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm
মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

July 7, 2026 3:00 pm
ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

July 7, 2026 2:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm
মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd