অসমবাসী আৰু অসমৰ চিনে’মালৈ একধৰণৰ গৌৰৱ কঢ়িয়াই বিশ্বখ্যাত টৰণ্ট’ ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলত মুক্তি পাব ভিলে’জ ৰকষ্টাৰ্ছৰ যোগেদি বিশ্বজোৰা খ্যাতি লাভ কৰা ৰীমা দাসৰ নৱনিৰ্মিত চিনে’মা বুলবুল কেন ছিং।
অহা ৬ৰ পৰা ১৬ ছেপ্তেম্বৰলৈকে অনুষ্ঠিত হ’ব লগা উৎসৱটোৰ সমসাময়িক বিশ্ব চিনে’মা (Contemporary World Cinema) শাখাত প্ৰদৰ্শিত হোৱাৰ বাবে বাচনি হৈছে চিনে’মা নিৰ্মাতা গৰাকীৰ নৱতম ছবিখন।
মুঠ ১৪টা শাখাত পৃথিৱীৰ বচা বচা চিনে’মা প্ৰদৰ্শিত হোৱা এই উৎসৱটোৰ সমসাময়িক বিশ্ব চিনে’মা শাখাত সাধাৰণতে বিশ্বৰ বিভিন্ন প্ৰতিষ্ঠিত কিন্তু অদ্যপি বিখ্যাত নোহোৱা পৰিচালকসকলৰ বৰ্ণনামূলক চিনে’মা (narrative feature films) বাচনি কৰা হয়।
বুলবুল কেন ছিংত ‘ৰীমা দাসে আগবঢ়াইছে ভাৰতৰ গাঁৱৰ কিশোৰী এগৰাকীৰ আৱেগময় এক কাহিনী, প্ৰেম আৰু হেৰুওৱাৰ মাজেদি যুঁজি য’ত শেষত তাই আৱিষ্কাৰ কৰে তাইনো আচলতে কোন,’ এইটো উৎসৱৰ আয়োজকে চিনে’মাখনৰ বিষয়ে আগবঢ়োৱা চমু পৰিচয়।
৯৫ মিনিটৰ এই অসমীয়া চিনে’মাখন উৎসৱটোৰ কোন দিনা আৰু কিমান সময়ত প্ৰদৰ্শিত হ’ব এতিয়ালৈকে ঘোষিত হোৱা নাই যদিও আয়োজক আৰু পৰিচালক দাসে টৰণ্ট’ত চিনে’মাখনৰ বিশ্ব প্ৰীমিয়াৰ নিশ্চিত কৰিছে।
১৯৭৬ চনত এটা স্বেচ্ছাসেৱী সাংস্কৃতিক গোটে বিশ্বৰ বিভিন্ন চিনে’মা উৎসৱত প্ৰদৰ্শিত চিনে’মাৰ পৰা বচা-বচা চিনে’মা প্ৰদৰ্শনেৰে আৰম্ভ কৰা টৰণ্ট’ চলচ্চিত্ৰ উৎসৱ আজি বিশ্বৰ আটাইতকৈ সন্মানিত আৰু আটাইতকৈ বেছি দৰ্শকৰ সমাগম হোৱা এক চলচ্চিত্ৰ উৎসৱত পৰিণত হৈছে।
দাসৰ ভিলে’জ ৰকষ্টাৰ্ছও এই টৰণ্ট’ উৎসৱতে প্ৰথম মুক্তি পাইছিল।