• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডকমকা কাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া কাৰ্বি আংলঙৰ বাহিৰত বিচাৰি উচ্চ ন্যায়ালয়ত উপায়ুক্তৰ শপতনামা

এন ই নাও নিউজ by এন ই নাও নিউজ
August 18, 2018 10:38 am
nilotpal-das-abhijeet-nath-who-were-lynched-death-karbi-anglong-570x320
90
VIEWS
Share on FacebookShare on Twitter

দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা ডকমকাৰ পানজুৰিৰ হত্যাকাণ্ডৰ গোচৰৰ তদন্ত প্ৰক্ৰিয়া চলি থকাৰ পাছত এইবাৰ এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া কাৰ্বি আংলঙৰ বাহিৰত সম্পন্ন কৰাটো বিচাৰিছে কাৰ্বি আংলঙৰ আৰক্ষী প্ৰশাসনে।

গুৱাহাটী উচ্চ ন্যায়ালয়ে নিজাববীয়াকৈ ৰুজু কৰা ৫/১৮ নম্বৰৰ ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানিকালত কাৰ্বি আংলঙৰ উপায়ুক্তই শেহতীয়াকৈ উচ্চ ন্যায়ালয়ৰ মজিয়াত এই শপতনামা দাখিল কৰিছে।

উল্লেখযোগ্য যে যোৱা ৮ জুনত কাৰ্বি আংলং জিলাৰ ডকমকাৰ পাণজুৰি গাঁৱত গুৱাহাটীৰ পৰা প্ৰাকৃতিক শোভা উপভোগ কৰিবলৈ যোৱা দুই যুৱক ক্ৰমে নিলোৎপল দাস আৰু অভিজিৎ নাথক সোপাধৰাৰ সন্দেহত স্থানীয় একাংশ উন্মত্ত লোকে অতি নৃশংসভাৱে মৰিয়াই হত্যা কৰিছিল।

উক্ত ঘটনাৰ ভিডিঅ’ ৰাজহুৱা হোৱাৰ পাছতেই সমগ্ৰ দেশজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছিল। সৰ্বত্ৰে অপৰাধীৰ কঠোৰ শাস্তিৰ দাবী তোলা হৈছিল। আনকি এই ঘটনাৰ পিছতে ৰাজ্যজুৰি অন্ধবিশ্বাস বিৰোধী এক অভিযান আৰম্ভ কৰাৰ সিদ্ধান্তও গ্ৰহণ কৰিছিল ৰাজ্য চৰকাৰে।

আনহাতে, অসম আৰক্ষীৰ তৎপৰতাত ডকমকা থানাত ৰুজু হোৱা ৩৩/১৮ আৰু ৩৪/১৮ নম্বৰৰ দুটা গোচৰত ৪৮ জনকৈ অভিযুক্ত গ্ৰেপ্তাৰ হোৱাৰ বিপৰীতে ৪০টাকৈ গুৰুত্বপূৰ্ণ তথ্য ফৰেনছিক লেবৰেটৰীলৈ প্ৰমাণৰ বাবে প্ৰেৰণ কৰা হৈছে।

তাৎপৰ্যপূৰ্ণভাৱে উচ্চ ন্যায়ালয়ে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰি বিচাৰ প্ৰক্ৰিয়া ফাষ্টট্ৰেক আদালতত কৰাৰ নিৰ্দেশ দিয়াৰ পাছত এই বিচাৰ প্ৰক্ৰিয়া কাৰ্বি আংলঙৰ বাহিৰত সম্পন্ন কৰাৰ পোষকতা কৰিছে কাৰ্বি আংলং প্ৰশাসনে।

মূলতঃ গোচৰৰ অভিযুক্ত আৰু সাক্ষীসকল একেস্থানৰ হোৱা হেতুকে কোনো প্ৰকাৰে যাতে সাক্ষীসকল ভাবুকিৰ সন্মুখীন হ’ব নোৱাৰে তাৰ বাবে প্ৰশাসনে এই ব্যৱস্থাৰ পোষকতা কৰিছে।

Recent News

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd