• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সোণাপুৰৰ এগৰাকী অনাথ নাবালিকাৰ মৰ্মন্তুদ কাহিনী : পালক পিতৃৰ ঘৰত অগ্নিদগ্ধ হৈ বিনা চিকিৎসাই পৰি থাকিল ছদিন

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
August 18, 2018 7:59 pm
Rani Boro

পালক পিতৃ-মাতৃৰ ঘৰত অৰ্ধদগ্ধ অৱস্থাত পৰি থকা ৰাণী বড়ো বৰ্তমান সুস্থ হৈ উঠাৰ পথত। ফটো : অনিৰ্বাণ পাঠক।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যি সময়ত চৰকাৰে ‘বেটী বচাও, বেটী পঢ়াও’ আঁচনিৰ জৰিয়তে কন্যা শিশুক সুৰক্ষা প্ৰদানৰ প্ৰচেষ্টা হাতত লৈছে, তেনে সময়তে মহানগৰীৰ সমীপৰ সোণাপুৰত এগৰাকী নাবালিকাৰ জীৱনত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা।

পিতৃ-মাতৃহীনা এই নাবালিকা ছোৱালীজনীৰ ঘৰ সোণাপুৰৰ নাজিৰাখাটত। তাই চতুৰ্থ শ্ৰেণীত পঢ়ে, বয়স প্ৰায় ১০ বছৰ। পিতৃ-মাতৃৰ মৰমৰ পৰা সৰুতেই বঞ্চিত হোৱা ৰাণী বড়ো (আচল নাম সলাই দিয়া হৈছে)ক তুলি লৈছিল এগৰাকী গাৱঁৰে (ডিগাৰু) মহিলাই। কিন্তু সেই মহিলাগৰাকীৰো মৃত্যু হোৱাত ৰাণীক নিজৰ ঘৰত ডাঙৰ কৰিম বুলি লৈ আনে প্ৰায় ১০-১২ কিলোমিটাৰ দূৰৰ নাজিৰাখাট গাৱঁৰ কমল বৰদলৈ নামৰ লোকজনে।

কিন্তু দুৰ্ভাগ্যৱশতঃ যোৱা ৭ জুলাইত অগ্নিদগ্ধ হৈ ৰাণীৰ শৰীৰৰ ঊৰ্ধ্বাংশৰ এটা অংশ বেয়াকৈ জ্বলি যায়। ইয়াৰ পিছত অভিভাৱক কমল বৰদলৈয়ে তাইক সোণাপুৰৰ কামৰূপ মহানগৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰাই সামান্য চিকিৎসা কৰিয়ে ঘৰলৈ লৈ যায়, ইয়াৰ চিকিৎসকে ছোৱালীজনীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ আনিবলৈ পৰামৰ্শ দিয়া সৎত্ত্বেও। তাৰ পিছত ছদিন ধৰি উপযুক্ত চিকিৎসা অবিহনে ছোৱালীজনী কমল বৰদলৈৰ ঘৰতে পৰি থাকে। তাইৰ ঘাবোৰ ক্ৰমে পকিবলৈ ধৰে আৰু বেয়া ৰূপ ল’বলৈ ধৰে। বৰদলৈ দম্পতীয়ে ছোৱালীজনীক বাৰাণ্ডাতে এটা বস্তাৰ ওপৰত শুৱাই থোৱা বুলি অভিযোগ উঠিছে।

এনে অৱস্থাত ছোৱালীজনীৰ স্বাস্থ্যৰ শোচনীয় অৱনতি ঘটে। পাছত স্থানীয় লোকৰ খবৰৰ ভিত্তিত “অসম মহিলা সংঘ’ নামৰ সংগঠনটোৱে সোণাপুৰ আৰক্ষীৰ সহযোগত শিশুটিক উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰে। তাৰ পাছৰ পৰা সোণাপুৰৰ উক্ত চিকিৎসালয়খনতে ৰাণীৰ চিকিৎসা চলি আছে আৰু ক্ৰমে সুস্থ হোৱাৰ পথত।

কিন্তু সুস্থ হৈ উঠিলেও এটা শংকাই এতিয়াও ৰাণীৰ এটা মনৰ আনন্দ কাঢ়ি নিছে। তাইৰ মন নাই পুনৰ কমল বৰদলৈৰ ঘৰখনলৈ ঘূৰি যাবৰ। ইপিনে স্থানীয় লোকৰ পৰা জানিব পৰা মতে, কমল বৰদলৈৰ ঘৰত ৰাণীৰ জীৱন যন্ত্ৰণাময় হৈ পৰিছিল। আন্তঃ ডিমৰীয়া মহিলা সংঘৰ সভানেত্ৰী ৰূপা টিমুঙেও জানিবলৈ দিয়ে যে নাবালিকা ছোৱালীজনীক লালন-পালন কৰাৰ সলনি ঘৰুৱা কামতহে ব্যৱহাৰ কৰিছিল কমল বৰদলৈৰ পৰিয়ালে।

“ছোৱালীজনীক তেওঁলোকে ঘৰৰ কাম-কাজ কৰিবলৈ দিছিল। তাইক নামত তুলি লৈছিল যদিও সৰু ছোৱালী এজনীয়ে পাব লগা মৰম তেওঁলোকে দিয়া নাছিল। তাৰ সলনি তাই যথেষ্ট কষ্টত আছিল আৰু তাইক মাৰধৰো কৰিছিল”, ৰূপা টিমুঙে কয়।

তেওঁ লগতে জনায় যে তাইৰ গা এটা অংশ জ্বলি যোৱাৰ কেইদিন মানৰ পাছত যেতিয়া উপযুক্ত চিকিৎসা নোপোৱাত ঘা বোৰ বাঢ়ি গৈ গোন্ধাবলৈ আৰম্ভ কৰিছিল, তেতিয়া তাইক ঘৰৰ বাৰাণ্ডাত এখন বস্তা পাৰি অতি কদৰ্যপূৰ্ণভাৱে পেলাই থৈছিল।

মন কৰিব লগীয়া যে এই পৰ্যন্ত স্পষ্ট হোৱা নাই নাবালিকাজনী অগ্নিদগ্ধ হোৱাৰ কাৰণ। তাই নিজে কোৱা মতে তাইৰ মূৰত ওকণি হোৱা বাবে তাই কেৰাচিন দি ওকণি মাৰিবলৈ চেষ্টা কৰিছিল আৰু তেতিয়াই তাইৰ মূৰত জুই লাগিছিল।

কিন্তু এই কথাৰ সত্যতাৰ ওপৰতো সন্দেহ আছে। কিয়নো তাইৰ মূৰ বা চুলিৰ সলনি ডিঙি আৰু হাততহে জুয়ে পুৰিছিল।

আনহাতে, কণমানি ছোৱালীজনী কেনেকৈ আগ্নিদগ্ধ হ’ল এইবিষয়ে অজ্ঞতা প্ৰকাশ কৰে তাইক তুলি লোৱা কমল বৰদলৈৰ পৰিয়ালে। কমল বৰদলৈৰ পত্নী মামনি বৰদলৈয়ে জানিবলৈ দিয়া মতে তেওঁ বজাৰলৈ যোৱাৰ সময়ত এই ঘটনা সংঘটিত হৈছিল।

এতিয়া নাবালিকাজনীয়ে তাই সেইখন ঘৰলৈ ঘূৰি যোৱাৰ বাবে অনিচ্ছা প্ৰকাশ কৰা বাবে অসম মহিলা সংঘৰ বিষয়ববীয়াই তাইক কোনো শিশু আশ্ৰয় গৃহলৈ প্ৰেৰণ কৰাৰ চেষ্টা চলাই থকা বুলি জানিবলৈ দিয়ে।

“তাইক পুনৰ সেই পৰিয়ালটোৰ ওচৰলৈ পঠিওৱাটো সমীচীন নহ’ব। লগতে তাই নিজেও তেওঁলোকৰ ঘৰলৈ যাবলৈ বিচৰা নাই। গতিকে তাইৰ সুৰক্ষাৰ কথা চিন্তা কৰি আমি কোনো শিশু আশ্ৰয় গৃহত ৰখাৰ ব্যৱস্থা কৰাৰ চেষ্টা চলাই আছো। তাৰ বাবে প্ৰয়োজনীয় আইনী প্ৰক্ৰিয়া সম্পাদন কৰাৰ বাবে আমি ইতিমধ্যে আগবাঢ়িছো।” অসম মহিলা সংঘৰ ৰাজ্যিক সম্পাদিকা অসমী গগৈয়ে নৰ্থ-ইষ্ট নাওৰ আগত কয়।

আনহাতে নাবালিকাগৰাকী অগ্নিদগ্ধ হোৱা ঘটনাৰ উচিত তদন্ত বিচাৰি সোণাপুৰ থানাত এক গোচৰ ৰুজু কৰা বুলি আন্তঃ ডিমৰীয়া অসম মহিলা সংঘৰ সম্পাদিকা ৰাজকুমাৰী দেউৰীয়ে জানিবলৈ দিয়ে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

September 16, 2025 5:53 pm
উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

September 16, 2025 5:47 pm
কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

September 16, 2025 5:22 pm
বাংলাদেশীৰ পৰা নাইজেৰিয়ানলৈ ১৬ হাজাৰ বিদেশীক ভাৰতৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই

বাংলাদেশীৰ পৰা নাইজেৰিয়ানলৈ ১৬ হাজাৰ বিদেশীক ভাৰতৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই

September 16, 2025 4:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

September 16, 2025 5:53 pm
উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

September 16, 2025 5:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd