• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বগীবিল দলং: ‘অটল’ নহয়, ‘বীৰাংগনা সাধনী’হে হ’ব লাগিব নাম; অটল চুতীয়া ছাত্ৰ সন্থা

এন ই নাও নিউজ by এন ই নাও নিউজ
August 21, 2018 11:10 pm
bogibeel bridge
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সদ্যপ্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ স্মৃতিত বগীবিল দলঙক ‘অটল সেতু’ৰূপে নামকৰণ কৰাৰ বাবে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে দিয়া পৰামৰ্শৰ তীব্ৰ বিৰোধিতা কৰি ইয়াক ‘সতী সাধনী’ সেতুৰূপেহে ঘোষণা কৰাৰ বাবে পূৰ্বৰ পৰা জনাই অহা দাবীত অটল আছে সদৌ অসম চুতীয়া ছাত্ৰ সন্থা।

বাজপেয়ীৰ নামত দেশৰ বিভিন্ন ঠাইৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰ উচৰ্গা কৰিব পৰাৰ সুবিধা আছে বুলি উল্লেখ কৰি মঙলবাৰে চুতীয়া ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিয়ে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ ওচৰত পুনৰ তেওঁলোকৰ পুৰণা দাবীটো উত্থাপন কৰিছে।

‘ভাৰতবৰ্ষৰ বিভিন্ন স্থানত থকা গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহ প্ৰয়াত বাজপেয়ীৰ নামত নামকৰণ কৰাৰ সুবিধা আছে, গতিকে দলংখনৰ নাম বীৰাংগনা সাধনী সেতু নামেৰে নামকৰণ কৰাটোহে যুক্তিসংগত,’ দাবী সন্থাৰ।

দলংখন চুতীয়া বীৰাংগনাগৰাকীৰ নামেৰে নামাংকিত হোৱাটো চুতীয়া জনগোষ্ঠীৰ বহুদিনীয়া আৰু পুৰণি দাবী বুলি উল্লেখ কৰি সন্থাই কয় অসমত ৰাজত্ব কৰা ৪টা ৰাজবংশৰ ভিতৰত আহোমসকলৰ ইতিহাসৰ স্মৃতিত শৰাইঘাট আৰু কলিয়াভোমোৰা সেতু, কোচ ৰজা নৰনাৰায়ণৰ স্মৃতিত নৰনাৰায়ণ সেতু হিচাপে নামকৰণ কৰাৰ দৰে বগীবিল দলঙক চুতীয়া বীৰাংগনাগৰাকীৰ নামেৰে নামকৰণ কৰা উচিত।

ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰ সংযোগ কৰি ডিব্ৰুগড় আৰু ধেমাজি জিলাৰ মাজত নিৰ্মাণ হৈ থকা দলংখন ‘বীৰাংগনা সাধনী’ সেতু নামেৰে নামকৰণ কৰাৰ বাবে অটল বিহাৰী বাজপেয়ী সক্ৰিয় ৰাজনীতিত থকাৰ পৰাই চুতীয়া সংগঠনে দাবী কৰি আহিছে।

চুতীয়া জাতি সন্মিলনীয়ে এই দাবীৰে দুই দশক পূৰ্বেই ১৯৯৭ চনৰ ১২ আগষ্টত তদানীন্তন কেন্দ্ৰীয় ৰে’ল মন্ত্ৰীৰ পৰামৰ্শদাতা সঞ্জয় সচদেৱলৈ এক দাবী পত্ৰ প্ৰেৰণ কৰিছিল।

জনজাতিকৰণ আৰু বগীবিল দলঙৰ নামকৰণক লৈ যোৱা ২০ জুলাইৰ পৰা গুৱাহাটীৰ লক্ষীধৰ বৰা ক্ষেত্ৰত আমৰণ অনশনত বহা সদৌ চুতীয়া ছাত্ৰ সন্থাক ২২ জুলাইত তেওঁলোকৰ দাবী ‘বিবেচনাৰ আশ্বাস’ দিছিল মুখ্য মন্ত্ৰীৰ নিৰ্দেশত যোৱা অগপৰ মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্তই।

আনহাতে বগীবিল দলংখন ‘চহিদ কমলা মিৰি সেতু’ হ’ব লাগে বুলি মিছিং ছাত্ৰ সংগঠন টি এম পি কেয়ো দাবী জনাই আহিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

September 15, 2025 7:42 pm
জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

September 15, 2025 7:04 pm
এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

September 15, 2025 6:40 pm
অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে শৃংখলাত ভাৰত এ দলৰ বাবে নিৰ্বাচিত অসমৰ প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগ

অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে শৃংখলাত ভাৰত এ দলৰ বাবে নিৰ্বাচিত অসমৰ প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগ

September 15, 2025 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

September 15, 2025 7:42 pm
জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

September 15, 2025 7:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd