• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আদালতৰ জবানবন্দীক লৈ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি ভিত্তিহীন : সুব্ৰত থাউচেন

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
August 24, 2018 2:31 pm
Subroto Thaosen,Executive Member,NCHAC in a PC at Haflong

বৃহস্পতিবাৰে হাফলঙত সংবাদমেলত সুব্ৰত থাউচেন। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা কেইবা দিন ধৰি বিজেপি শাসিত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তথা একালৰ দুধৰ্ষ ডিএইচডি (জে) নেতা দেব’লাল গাৰ্লচা ওৰফে ড্যানিয়াল ডিমাচাৰ বিৰুদ্ধে হাফলঙৰ সত্ৰ ন্যায়াধীশৰ আদালতত প্ৰাক্তন ডিএইচডি (জে) সদস্য মাইপুত ৰাজিয়ুঙ ওৰফে একশ্যন ডিমাচাই পূৰ্ণেন্দু লাংথাচা আৰু নিন্দু লাংথাচাৰ হত্যাকাণ্ড সন্দৰ্ভত দিয়া জবানবন্দীক লৈ ডিমা হাচাও জিলাৰ সামগ্ৰিক ৰাজনীতি উত্তপ্ত হৈ পৰিছে।

কিন্তু ইয়াৰ মাজতে এতিয়া বিজেপি স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য সুব্ৰত থাউচেনৰ আদালতত দিয়া সাক্ষ্যক লৈও পাৰ্বত্য জিলাখনত নতুনকৈ মিশ্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Apply Now

কিয়নো একশ্যনে আদালতত যোৱা ২৭ জুলাই তাৰিখে দিয়া জবানবন্দী অনুসৰি দেব’লাল গাৰ্লচাই পৰিষদৰ তেতিয়াৰ কাৰ্যবাহী সদস্য নিন্দু লাংথাচাক হত্যা কৰাৰ বিপৰীতে গাৰ্লচাৰ নিৰ্দেশত গালাইমা নামৰ উগ্ৰপন্থী সদস্যই মুখ্য কাৰ্যবাহী সদস্য পূৰ্ণেন্দু লাংথাচাক হত্যা কৰিছিল।

আনহাতে, বৃহস্পতিবাৰে অসমৰ একাংশ বাতৰিকাকতত বাতৰি প্ৰকাশ পাইছে যে পৰিষদৰ বৰ্তমান কাৰ্যবাহী সদস্য তথা গাৰ্লচাৰ সতীৰ্থ সুব্ৰত থাউচেন ওৰফে ফাইপ্ৰাঙ ডিমাচাই ২১ জুলাইত হাফলং সত্ৰ ন্যায়াধীশৰ আদালতত  মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লচাৰ বিৰুদ্ধে জবানবন্দী দিছে। সুব্ৰতৰ জবানবন্দীত ২০০৭ চনত ডিমা হাচাওত সংঘটিত একাধিক হত্যাৰ ঘটনাৰ সৈতে দেব’লাল গাৰ্লচা জড়িত থকাৰ কথা উল্লেখ কৰা হয়।

কিন্তু কাৰ্যবাহী সদস্য সুব্ৰত থাউচেনে সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিৰ সত্যতা নাই আৰু ইয়াক ভিত্তিহীন বুলি মন্তব্য কৰিছে। বৃহস্পতিবাৰে আবেলি হাফলঙত নিজৰ চৰকাৰী কাৰ্যালয়ত এখন সংবাদমেলৰ আয়োজন কৰি তেওঁ কয় যে এয়া আদালতত দিয়া জবানবন্দী নহয় আৰু ২১ জুলাইত তেওঁ আদালতত যোৱা নাই।

ইপিনে থাউচেনে সেয়া তেওঁৰ আৰক্ষীক দিয়া এক পুৰণি ভাষ্য বুলি উল্লেখ কৰে। থাউচেনৰ মতে মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লচা আৰু তেওঁৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি কৰাৰ কাৰনে এয়া এক ৰাজনৈতিক ষড়যন্ত্ৰ বুলি তেওঁ সদৰী কৰে। উল্লেখ্য সুব্ৰত থাউচেন ওৰফে ফাইপ্ৰাঙ ডিমাচা ডিএইচডি জুৱেল গোটৰ প্ৰাক্তন প্ৰচাৰ সচিব আৰু বৰ্তমান দেব’লাল গাৰ্লচা নেৰ্তৃত্বাধীন পাৰ্বত্য পৰিষদৰ কৃষি বিভাগৰ কাৰ্যবাহী সদস্য।

পংকজ কুমাৰ দেব

পংকজ কুমাৰ দেব

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd