• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমক দ্বিতীয় ত্ৰিপুৰা কৰিব লাগে; মন্ত্ৰী হোৱাৰ লোভতে আছুৰ নেতাসকলে ১৯৭১ চনটো ভিত্তিবৰ্ষ হিচাপে মানি ল’লে : শিলাদিত্য

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 24, 2018 9:45 pm
ShiladityaDeb

দিচপুৰ প্ৰেছক্লাবত মুখামুখি অনুষ্ঠানত শিলাদিত্য দেব।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চুক্তি ১০০ বৃহৎ ঐতিহাসিক ভুল, মন্ত্ৰিত্বৰ লালসাত মানি লোৱা হ’ল ভিত্তিবৰ্ষ ১৯৭১ : বিতৰ্কৰ ৰজা শিলাদিত্য দেব

“অসম চুক্তি ১০০ শতাংশই ঐতিহাসিক ভুল। অসমত কোনোবা মুখ্য মন্ত্ৰী বা মন্ত্ৰী হোৱাৰ লালসাত ৭১ চনটোক ভিত্তিবৰ্ষ হিচাপে মানি লৈ চুক্তি স্বাক্ষৰ কৰি অসমীয়া জাতিক ধ্বংস কৰিলে।”

Apply Now

শুকুৰবাৰে দিচপুৰ প্ৰেছ ক্লাবত অনুষ্ঠিত সাংবাদিকৰ সৈতে মুখামুখি অনুষ্ঠানত ৮৫৫গৰাকী চহিদৰ স্বাভিমান জড়িত হৈ থকা ঐতিহাসিক অসম চুক্তিক অৱমাননা কৰি আজি এনেধৰণৰ মন্তব্য দিয়ে বিতৰ্কৰ ৰজা শিলাদিত্য দেবে।

উল্লেখ্য যে শিলাদিত্যক সাংবাদিকৰ সৈতে মুখামুখি অনুষ্ঠানলৈ মাতি অনা হৈছিল যদিও তেওঁৰ মুখৰ পৰা নিক্ষেপ হ’ল এটাৰ পাছত আন এটা বিতৰ্কিত মন্তব্য।

হোজাই সমষ্টিৰ বিতৰ্কিত বিধায়কগৰাকীয়ে অসম আন্দোলনে সমগ্ৰ বিশ্বতে প্ৰভাৱ পেলাইছিল বুলি কয় যদিও আকৌ কয় যে  হঠাৎ আছুৰ নেতৃবৃন্দই আন্দোলনটোত আপোচ কৰি পেলালে।

আনহাতে, গোটেই ভাৰতবৰ্ষত ৫১ চনটো চলি থকাৰ পাছতো কিহৰ বাবে ৭১ চনটো মানি লোৱা হ’ল? বুলি প্ৰশ্ন কৰি তেওঁ আছুৰ নেতৃত্বক কটাক্ষ কৰি কয় “আছু নেতৃত্বই এই সুবিধা দি থৈ গৈছে ৭১ চনৰ আগলৈকে অহাসকলে অসমত বসবাস কৰিব পাৰিব বুলি।”

তদুপৰি, নাগৰিকত্ব সংশোধনী বিধেয়ক হ’বলৈ নিদিওঁ বুলি চিঞৰি থকা কিছুমান সংগঠনে এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ পোৱাৰ পাছত ৰসগোল্লা পৰ্য্যন্ত খাইছে বুলি আওপকীয়াকৈ হ’লেও আছুক কটাক্ষ কৰে বিধায়কগৰাকীয়ে। তেওঁ লগতে কয় “তেওঁলোকে বাংলাদেশী মুছলমানসকলৰ পক্ষপাতিত্ব কৰি আছে।”

উল্লেখ্য যে, সম্পূৰ্ণৰূপে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপত চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ খচৰাত গোটেই বাংলাদেশী মুছলমানৰ নাম অন্তৰ্ভুক্ত হৈ গ’ল বুলি পুনৰ এক বিতৰ্কিত মন্তব্য কৰে বিধায়কজনে।

তেওঁ কয় “যিবিলাকে সংগঠনে পিছফালৰ পৰা বাংলাদেশী মুছলমানসকলক সমৰ্থন কৰি গৈছিল, সেইসকলে আজি মনে মনে আনন্দ অনুভৱ কৰিছে আৰু চুপ-চাপ বহি আছে।”

আনহাতে, ত্ৰিপুৰাত বাংলাদেশী মূলৰ লোক মুখ্য মন্ত্ৰীৰ দৰে আসনত অধিষ্ঠিত হৈ আছে বুলি চৌপাশে ব্যাপক চৰ্চা চলি থকাৰ সময়তে তেওঁ অসমক ত্ৰিপুৰাৰ দৰে কৰাৰ পোষকতা কৰে।

তেওঁৰ মতে “অসম ত্ৰিপুৰাৰ দৰে হৈ যোৱা হেঁতেন অসম বাচি গ’লোহেঁতেন। ত্ৰিপুৰাত থকা বঙালীসকল দেশপ্ৰেমী বঙালী আৰু জনজাতীয় লোকসকলো দেশপ্ৰেমী।”

“ত্ৰিপুৰাত বাংলাদেশৰ সৈতে ৮৪০ কিল’মিটাৰ সীমা আছে, অসমত মাত্ৰ ২৬৩ কিল’মিটাৰ সীমা আছে। কিন্তু ত্ৰিপুৰাত মুছলমানৰ জনসংখ্যা কেৱল ৮ শতাংশ আৰু অসমত ইয়াৰ পৰিমাণ ৪২ শতাংশতকৈও বেছি।” মুছলমান বিদ্বেষী শিলাদিত্যই এইদৰে কয়।

আনহাতে, ত্ৰিপুৰাত অবৈধ অনুপ্ৰৱেশকাৰীৰ আগ্ৰাসনত প্ৰকৃত খিলঞ্জীয়াসকল সংখ্যলঘুত পৰিণত হোৱা বুলি ত্ৰিপুৰাৰ খিলঞ্জীয়ালোকসকলে অভিযোগ কৰাৰ সময়তে শিলাদিত্যই আগ বঢ়ায় অন্য এক বাখ্যা।

তেওঁ কয় “ত্ৰিপুৰাৰ বঙালী ভাষী আৰু খিলঞ্জীয়াসকলৰ  মাজত বুজাপৰা আছে বাবে বাহিৰৰ পৰা লোকসকলক আহিব নিদিয়ে। তেওঁলোকে হিন্দুসকলকো ত্ৰিপুৰালৈ আহিব দিয়া নাই আৰু মুছলমানসকলকো ত্ৰিপুৰালৈ আহিব দিয়া নাই।”

এই খিনিতে মন কৰিব লগীয়া যে কালি ত্ৰিপুৰাত ৫গৰাকী চাকমা বাংলাদেশীক ত্ৰিপুৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

দেবে মত বিনিময় অনুষ্ঠানটোত গুৱাহাটীত জনসংখ্যা বৃদ্ধিৰ প্ৰসংগতো এক অদ্ভুত বাখ্যা আগ বঢ়ায়। তেওঁৰ মতে, “বাংলাদেশী মুছলমানৰ হাতত নিৰ্য্যাতিত হৈ বৰপেটা, গোৱালপাৰা, ধুবুৰীকে ধৰি অন্যান্য জিলাৰ পৰা যিবিলাক থলুৱা অসমীয়া মানুহ আছিল, তেওঁলোকে নিজৰ গাওঁ এৰি গুৱাহাটীত ঘৰ সাজিবলগীয়া হৈছে।”

এই মন্তব্যতে ক্ষান্ত নাথাকি জ্যোতিষীৰ দৰে হোজাইৰ বিধায়কজনে কয় যে আগন্তুক দিনবোৰত ১১খন জিলাত সকলোবোৰ খিলঞ্জীয়া লোক সেই জিলাসমূহৰ পৰা বাংলাদেশী মুছলমানৰ উৎপাতত থাকিব নোৱাৰি গুৱাহাটীত ঘৰ সাজি বসবাস কৰিব লাগিব অথবা হোজাইৰ মুকলি ঠাইবোৰত বসবাস কৰি থাকিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হ’ব।

মুঠৰ ওপৰত সাংবাদিকৰ সৈতে মুখামুখি অনুষ্ঠানত প্ৰথমৰ পৰা শেষলৈকে মুখ মেলিলেই বিতৰ্কৰ সৃষ্টি কৰা বিধায়কগৰাকীয়ে এটাৰ পিছত আন এক বিতৰ্কিত মন্তব্য কৰি গ’ল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd