• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নগাঁৱত শৈক্ষিক প্ৰমাণ পত্ৰত কাউন্টাৰ চহী প্ৰদানক কেন্দ্ৰ কৰি সৃষ্টি হৈছে বিসংগতি

মিণ্টু দাস by মিণ্টু দাস
August 25, 2018 2:33 pm
main-image2
256
VIEWS
Share on FacebookShare on Twitter

অবিভক্ত নগাঁও জিলাত ১১ টা প্ৰাথমিক শিক্ষাখণ্ড আছে।এই শিক্ষাখণ্ড সমূহৰ অধীনত কেইবা শতাধিক উচ্চ প্ৰাথমিক বিদ্যালয় আৰু নিম্ন প্ৰাথমিক বিদ্যালয় আছে। এই বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক প্ৰমাণ পত্ৰত কাউন্টাৰ চহী কৰা বিষয়ক কেন্দ্ৰ কৰি সম্প্ৰতি বিসংগতিৰ সৃষ্টি হৈছে।

উল্লেখ্য যে পূৰ্বতে খণ্ড প্ৰাথমিক শিক্ষা বিষয়াই নিজে কোনো ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক প্ৰমাণ পত্ৰত প্ৰতি স্বাক্ষৰ (কাউন্টাৰ চহী) দিয়াৰ সময়ত সেই ছাত্ৰ-ছাত্ৰীজন বিদ্যালয়খনত পঢ়িছেনে নাই, কিমান শ্ৰেণী পৰ্যন্ত পঢ়িছে আদি বিষয়সমূহ সংশ্লিষ্ট বিদ্যালয়সমূহৰ প্ৰধান শিক্ষকৰ জৰিয়তে অনুসন্ধান কৰি, তথ্য পাতি চাই শৈক্ষিক প্ৰমাণ পত্ৰত কাউন্টাৰ চহী কৰি দিছিল।

কিন্তু শেহতীয়াকৈ নগাঁও জিলাৰ প্ৰাথমিক শিক্ষা বিষয়াই নগাঁও, হোজাই আৰু কলিয়াবৰৰ বিদ্যালয়সমূহৰ উপ পৰিদৰ্শক আৰু খণ্ড প্ৰাথমিক শিক্ষা বিষয়ালৈ প্ৰেৰণ কৰা এখন পত্ৰই বিসংগতিৰ সৃষ্টি কৰিছে। এই পত্ৰখনত উল্লেখ কৰা মতে উচ্চ প্ৰাথমিক বিদ্যালয়ৰ কোনো ছাত্ৰ-ছাত্ৰীয়ে যদি শৈক্ষিক প্ৰমাণ পত্ৰত কাউন্টাৰ চহী কৰিব বিচাৰে তেন্তে সেই স্বাক্ষৰ জিলা প্ৰাথমিক শিক্ষা বিষয়াই কৰিব লাগিব।

আনহাতে, নিম্ন প্ৰাথমিক বিদ্যালয়ৰ কোনো ছাত্ৰ-ছাত্ৰীয়ে যদি শৈক্ষিক প্ৰমাণপত্ৰত কাউন্টাৰ চহী কৰিব বিচাৰে তেন্তে সেই স্বাক্ষৰ বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শকেহে কৰিব পাৰিব। অৱশ্যে এনেদৰে স্বাক্ষৰ কৰাৰ পূৰ্বে খণ্ড প্ৰাথমিক শিক্ষা বিষয়াই সংশ্লিষ্ট বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ জৰিয়তে এই শৈক্ষিক প্ৰমাণ পত্ৰসমূহ পৰীক্ষা কৰি দিব লাগিব।

কিন্তু এনে কৰাৰ ফলত বহু ছাত্ৰ-ছাত্ৰী তথা বহু বিদ্যালয়ৰ প্ৰধান শিক্ষক বিপাঙত পৰিছে। কিয়নো বহু কেইটা প্ৰাথমিক শিক্ষাখণ্ডৰ বিদ্যালয় চৰাঞ্চলত স্থাপিত। উপ পৰিদৰ্শকৰ কাৰ্যালয়লৈ চৰাঞ্চলৰ বিদ্যালয়সমূহৰ পৰা কম পক্ষেও ৩০-৪০ কিলোমিটাৰ দূৰত্ব হ’ব। ফলত শৈক্ষিক প্ৰমাণ পত্ৰত কাউন্টাৰ চহী কৰাবলৈকে এটা দিন ক্ষতি হয়। সেই দিনটোত যদি উপ-পৰিদৰ্শকগৰাকী কাৰ্যালয়ত নাথাকিলে তেন্তে কাউন্টাৰ চহী কৰাব নোৱাৰে দায়িত্বত থকা বিদ্যালয়ৰ প্ৰধান শিক্ষক অথবা শৈক্ষিক প্ৰমাণ পত্ৰ উলিয়াব বিচৰা ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকে।

আনহাতে, উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক প্ৰমাণ পত্ৰত কাউন্টাৰ চহী নগাঁও চহৰত থকা জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত কৰিব লাগিব। এনে ক্ষেত্ৰত হোজাই বা কলিয়াবৰৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক বা বিদ্যালয়ৰ প্ৰধান শিক্ষকে ৪০ কিলোমিটাৰৰ অধিক পথ কাউন্টাৰ চহীৰ বাবে নগাঁও চহৰলৈ আহিবলগীয়া হ’ব।

তাৎপৰ্যপূৰ্ণ যে জিলা প্ৰাথমিক বিষয়াই বিদ্যালয়সমূহৰ উপপৰিদৰ্শক তথা খণ্ড প্ৰাথমিক শিক্ষা বিষয়ালৈ যিখন নিৰ্দেশ পত্ৰ প্ৰেৰণ কৰিছে সেই পত্ৰখনত তেওঁ হোজাই জিলাৰ উপায়ুক্ত আৰু শিক্ষা বিভাগৰ দায়িত্বত থকা নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্তৰ মৌখিক নিৰ্দেশক্ৰমে এই নিৰ্দেশ প্ৰদান কৰিছে বুলি উল্লেখ কৰিছে। কিন্তু এই গুৰুত্বপূৰ্ণ বিষয়টোত দুয়োখন জিলাৰ শীৰ্ষ আমোলা দুগৰাকীয়ে জিলা প্ৰাথমিক শিক্ষা বিষয়াগৰাকীক লিখিত নিৰ্দেশ নিদি কিয় মৌখিক নিৰ্দেশ প্ৰদান কৰিলে ই ৰহস্যজনক।

নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ এটা সূত্ৰৰ পৰা জানিব পৰা মতে, এনেধৰণৰ কোনো মৌখিক নিৰ্দেশৰ বিষয়ে উপায়ুক্ত কাৰ্যালয়ৰ সংশ্লিষ্ট বিষয়া জ্ঞাত নহয়েই। এন আৰ চিৰ নাম অন্তৰ্ভূক্তিৰ বাবে আবেদন কৰাৰ সময়ত শৈক্ষিক প্ৰমাণ পত্ৰৰো প্ৰয়োজন হৈ পৰিছে। এনে ক্ষেত্ৰত অবিভক্ত নগাঁও জিলাত এটা বিশেষ চক্ৰ শিক্ষা বিভাগৰ সংশ্লিষ্ট কাৰ্যালয়ৰ পৰা ধনৰ বিনিময়ত শৈক্ষিক প্ৰমাণ পত্ৰ উলিয়াই দিবলৈ সক্ৰিয় হৈ পৰিছে।

এই সময়তে খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ পৰিবৰ্তে বিদ্যালয়সমূহৰ উপ পৰিদৰ্শক অথবা জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ দ্বাৰা শৈক্ষিক প্ৰমাণ পত্ৰত কাউন্টাৰ চহী গ্ৰহণ কৰিবলৈ প্ৰদান কৰা নিৰ্দেশ অথবা কাউন্টাৰ চহী প্ৰদানৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ৰ ক্ষেত্ৰত শীৰ্ষ আমোলা-বিষয়াই লিখিত নিৰ্দেশ দিয়াৰ বিপৰীতে মৌখিক নিৰ্দেশ দিয়া কাৰ্যই সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰতে সন্দেহৰ সৃষ্টি কৰিছে।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd