• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এবিএমছুৰ সভাপতিক বিদেশীৰ অপবাদ : ৰাজনৈতিক চক্ৰান্তৰ অভিযোগ সংগঠনটোৰ

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
August 26, 2018 8:10 am
এবিএমছু

কোকৰাঝাৰত শনিবাৰে অনুষ্ঠিত এবিএমছুৰ সংবাদমেল। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম চূড়ান্ত নৌহওঁতেই মহামান্য উচ্চতম ন্যায়ালয় আৰু ৰাজ্যৰ গৃহ বিভাগক ভেঙুচালি কৰি বঙাইগাওঁৰ মাজাৰুল হক নামৰ এগৰাকী ব্যক্তিয়ে চক্ৰান্তমূলকভাৱে সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুৰ সভাপতি শ্বাহকামাল খন্দকাৰক বিদেশী সজোৱাৰ অপপ্ৰচাৰত লিপ্ত হোৱাত বিটিএডিৰ সৰ্বত্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

অভিযোগ মতে,এবিএমছুৰ সভাপতি শ্বাহকামাল খন্দকাৰে এনআৰচিৰ খচৰাত তেখেতৰ আজো ককা মফিজুদ্দিনৰ ১৯৫১ চনৰ লিগেচী ডাটা ব্যৱহাৰ কৰি দেউতাকৰ বংশবৃক্ষৰ সংযোগী নথিপত্ৰৰে আবেদন কৰিছিল যদিও দ্বিতীয় খচৰাত শ্বাহকামাল খন্দকাৰৰ লগতে পৰিয়ালটোৰ দুই-চাৰি গৰাকী ব্যক্তিৰ নাম অন্তৰ্ভুক্ত নোহোৱাৰ গইনালৈ এটা চক্ৰই বিদেশীৰ অপবাদ জাপি দিয়ে ৷

Apply Now

মাজাৰুল হক নামৰ ব্যক্তিজনে ৰাজনৈতিক চক্ৰান্তৰ শ্ৰুতলিপিত বিটিএডিৰ এবিএমছু নামৰ ছাত্ৰ সংগঠনটোৰ সভাপতি শ্বাহকামাল খন্দকাৰক বিদেশীৰ অপবাদ জাপি দিয়া কাৰ্যক লৈ খড়্গহস্ত হৈ পৰিছে সংগঠনটো।

শনিবাৰে কোকৰাঝাৰ প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলত এবিএমছুৰ সভাপতি শ্বাহকামাল খন্দকাৰে কয় যে উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত চলা এন আৰ চিৰ কাম সম্পূৰ্ণ নৌহওঁতেই চক্ৰান্তমুলকভাৱে বিদেশী বুলি অপবাদ দিয়া কাৰ্যই প্ৰকৃততে আদালত অৱমাননা কৰাকে সূচাইছে।

সংবাদমেলত এবিএমছুৰ সভাপতি গৰাকীয়ে তেওঁৰ বিৰুদ্ধে বিদেশী বুলি চলা অপপ্ৰচাৰক ভিত্তিহীন আখ্যা দি মাজাৰুল হক নামৰ ব্যক্তিগৰাকীৰ সৎ সাহস থাকিলে তথ্য দাঙি ধৰাৰ প্ৰত্যাহ্বান জনায় ৷ সংবাদমেলত এন আৰ চিৰ কাম সম্পূৰ্ণ নৌহওঁতেই মাজাৰুল হকে ব্যক্তিগতভাৱে তেওঁক বিদেশী বুলি আগতীয়াকৈ ৰায় দিয়াত ক্ষুব্ধ হৈ মাজাৰুলৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ হুংকাৰ দিয়ে খন্দকাৰে ৷

মাজাৰুল হক নামৰ ব্যক্তিজনে কাৰোবাৰ ৰাজনৈতিক চক্ৰৰ ছত্ৰছায়াত থাকি এবিএমছুৰ সাংগঠনিক ভাৱমূৰ্তি বিনষ্ট কৰাৰ চক্ৰান্ত কৰা বুলি অভিযোগ কৰি এনে চক্ৰান্তকাৰীক ওফৰাৱলৈ এবিএমছু সাজু বুলি সকীয়াই দিয়ে ৷

আনহাতে যোৱা ৩০ জুলাইত প্ৰকাশিত এন আৰ চিৰ চুড়ান্ত খচৰাত প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সদস্যকে ধৰি বহু খিলঞ্জীয়াৰ বৈধ নথিপত্ৰ থকা সত্বেও ৪০ লক্ষাধিক মানুহৰ নাম বাদ পৰিছে বুলি উল্লেখ কৰি নাম অন্তৰ্ভুক্ত নোহোৱা নাগৰিকক লৈ মাজাৰুল হক নামৰ ব্যক্তি গৰাকীয়ে উচ্চতম ন্যায়ালয়ৰ নীতি নিৰ্দেশনাক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি সেইসকলক বিদেশী বুলি অপপ্ৰচাৰ চলোৱাত এবিএমছুৱে তীব্ৰ নিন্দা কৰিছে ৷

উল্লেখ্য যে দেশৰ গৃহ মন্ত্ৰালয়ে এন আৰ চিৰ দ্বিতীয় খচৰাত বাদ পৰা নাগৰিকক শংকিত নহবলৈ আৰু কোনো ধৰণৰ বিদেশীৰ অপবাদ জাপি নিদিবলৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছিল ৷ তেনেক্ষেত্ৰত বঙাইগাওঁৰ মাজাৰুল হক নামৰ ব্যাক্তিগৰাকীয়ে গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশনাকো ভেঙুচালি কৰি হ’কে বিহকে এবিএমছুৰ সভাপতি শ্বাহকামাল খন্দকাৰক বিদেশী বুলি অপপ্ৰচাৰ চলাই ৰাজ্যৰ আইন শৃংখলা বিঘ্নিত কৰিবলৈ পশ্চিমবংগৰ এক ৰাজনৈতি দলৰ শ্ৰুতলিপিত কাম কৰাত গভীৰ উদ্বেগ ব্যক্ত কৰিছে এবিমএছুয়ে ৷

এইক্ষেত্ৰত এন আৰ চিৰ চূড়ান্ত প্ৰক্ৰিয়াত অপপ্ৰচাৰেৰে বিঘ্নিত কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱা মাজাৰুল হকৰ বিৰুদ্ধে তাৎক্ষণিকভাৱে আইনী ব্যৱস্থা লোৱাৰ বাবে চৰকাৰৰ ওচৰত দাবী তোলে এবিএমছুৱে ৷ সাংবাদিকমেলত এবিএমছুৰ মুখ্য সাংগঠনিক সম্পাদক সাহানুৰ ৰহমান,কাৰ্যকৰী সভাপতি আবুছায়েদ আনচাৰী, উপসভাপতি আলি আজম সেখ,জিলা মুখ্য উপদেষ্টা জবান আলি আকন্দ আৰু জিলা সভাপতি জাইদুল ইছলামকে ধৰি আন কেইবাগৰাকী ছাত্ৰনেতা উপস্থিত আছিল ৷

 

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd