• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাজপেয়ীয়ে তেওঁৰ সুযোগ্য নেতৃত্বৰে সমগ্ৰ দেশক একত্ৰিত কৰিব পাৰিছিল : মুখ্য মন্ত্ৰী সোণোৱাল

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
August 27, 2018 6:09 pm
Sonowal_Bajpayee

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“বাজপেয়ীৰ বাকশৈলী খুব বেলেগ ধৰণৰ আছিল আৰু তেওঁ আলোচনাৰ মাজেৰে সমস্যা সমাধানত বিশ্বাসী আছিল।” সদ্যপ্ৰয়াত দেশৰ প্ৰাক্তন প্ৰধান মন্ত্ৰীজনৰ বিষয়ে এই মন্তব্য কৰিছে অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে।

সোমবাৰে অসম চৰকাৰৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত প্ৰাক্তন প্ৰধান মন্ত্ৰী অতলবিহাৰী বাজপেয়ীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অনুষ্ঠিত থাকি ৰাজ্যপালজনে বাজপেয়ীৰ বিষয়ে এইদৰে কয়।

Apply Now

আনহাতে অনুষ্ঠানটোত উপস্থিত থকা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেশৰ স্বাৰ্থত কাম কৰাৰ বাবে প্ৰতিজ্ঞাবদ্ধ জনপ্ৰতিনিধিসকলক সদ্য প্ৰয়াত প্ৰাক্তন প্ৰধান মন্ত্ৰী অতলবিহাৰী বাজপেয়ীৰ আদৰ্শেৰে অনুপ্ৰাণিত হোৱাৰ আহ্বান জনাইছে।

তেওঁ কয়, “আমি যিসকল জনপ্ৰতিনিধিয়ে দেশৰ স্বাৰ্থত নিষ্ঠাৰে দায়িত্ব পালন কৰাৰ ক্ষেত্ৰত প্ৰতিজ্ঞাবদ্ধ হৈছো, প্ৰত্যেকেই বাজপেয়ী ডাঙৰীয়াৰ আদৰ্শেৰে যদি অনুপ্ৰাণিত হৈ জীৱনৰ বাটত অগ্ৰসৰ হয় নিশ্চিতভাৱে মানৱ সমাজ উপকৃত হ’ব।”

তেওঁ লগতে কয় যে আতলবিহাৰী বাজপেয়ীয়ে সততা আৰু নিষ্ঠাৰে কেনেকৈ দেশৰ সেৱা আগ বঢ়াব পাৰি ভাৰতবাসীক তাৰ এটা সুস্পষ্ট আৰু শক্তিশালী ধাৰণা দি থৈ গ’ল। বাজপেয়ীয়ে মানৱীয় ব্যক্তিত্বৰে সমগ্ৰ ভাৰতবৰ্ষৰ লোকক একত্ৰিত কৰিবলৈ সক্ষম হৈছিল আৰু সকলোৰে অন্তৰত মানৱীয় অনুভূতি জগাই তুলিছিল বুলিও মুখ্য মন্ত্ৰী সোণোৱালে কয়।

অনুষ্ঠানত উপস্থিত থাকি বিত্ত আৰু স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, “বাজপেয়ী ডাঙৰীয়াই কেন্দ্ৰৰ সকলো বিভাগৰ বাজেটৰ ১০ শতাংশ অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বাবে খৰচ কৰাটো বাধ্যতামূলক কৰি আমাৰ এই অঞ্চলৰ উন্নয়নত এক গতিৰ সূচনা কৰিছিল।”

ইয়াৰ উপৰি তেওঁ কয় যে বাজপেয়ীয়ে এই ধৰণৰ যুগান্তকাৰী নিয়মৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চল মানুহৰ বহু নোপোৱাৰ বেদনা এটা এটা নিয়মৰ জৰিয়তে সমাধানৰ বাট মুকলি কৰি অনন্ত দিনলৈ উত্তৰ-পূবক ভাৰতৰ ৰাজনীতি, প্ৰশাসন আৰু শাসনৰ কেন্দ্ৰবিন্দু কৰি থৈ গৈছে।

একেটা অনুষ্ঠানতে প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই কয়, “অতলবিহাৰী বাজপেয়ী এজন কেৱল ৰাজনীতিবিদেই নহয়। তেওঁৰ আৰ এছ এছৰ পৰা জনসংঘ, তাৰ পাছত জনতা দল আৰু তাৰ পাছত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ, তেওঁ এই দীঘলীয়া জীৱন পৰিক্ৰমায়ো তেওঁক কিন্তু নিৰহংকাৰী কৰি ৰাখিলে। তেওঁ আছিল এজন অজাতশত্ৰু।”

প্ৰাক্তন মুখ্য মন্ত্ৰী মহন্তই বাজপেয়ীয়ে মূল্যবোধৰ ৰাজনীতিক সদায় প্ৰথম স্থান দিছিল বুলি উল্লেখ কৰি অসমৰ প্ৰতি থকা তেওঁৰ আন্তৰিকতাৰ কথা দোহাৰে। লগতে তেওঁ অসম আন্দোলনৰ সময়ত অতলবিহাৰী বাজপেয়ীৰ বলিষ্ঠ অংশগ্ৰহণৰ বিষয়েও ভাষণত দাঙি ধৰে।

নিজৰ ভাষণত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বিটিচি চুক্তিৰ প্ৰণয়ন আৰু বড়ো ভাষা সংবিধানৰ অষ্টম অনুসূচীৰ অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত বাজপেয়ীৰ অৱদান সম্পৰ্ককে মন্তব্য প্ৰকাশ কৰে।

অনুষ্ঠানৰ শেষত ৰাজ্যপাল ড০ জগদীশ মুখীয়ে প্ৰয়াত প্ৰাক্তন প্ৰধান মন্ত্ৰী বাজপেয়ীৰ কৰ্মৰাজি সম্পৰ্কে বক্তব্য দাঙি ধৰে।

অনুষ্ঠানত এ আই য়ু ডি এফৰ নেতা হাফিজ ৰচিদ ৱচিৰ কাচিমি, অসম সাহিত্য সভাৰ সভাপতি ড০ পৰামানন্দ ৰাজবংশী, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকা, এবছুৰ সভাপতি প্ৰমোদ বড়োকে ধৰি বিভিন্ন দল-সংগঠনৰ নেতা, বিশিষ্ট ব্যক্তি, ভালেসংখ্যক মন্ত্ৰী, সাংসদ আৰু বিধায়কৰ উপৰি যথেষ্ট সংখ্যক সাধাৰণ লোক উপস্থিত থাকে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am
লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am
লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd