• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহানগৰ আৰক্ষীৰ আয়ুক্ত হিচাপে দায়িত্ব ল’লে প্ৰদীপ শালৈয়ে : থানাত পৰি থকা গোচৰসমূহ নিষ্পত্তিত গুৰুত্ব

এন ই নাও নিউজ by এন ই নাও নিউজ
September 1, 2018 7:35 pm
Pradeep Saloi

নৱনিযুক্ত মহানগৰ আৰক্ষী আয়ুক্ত প্ৰদীপ শালৈলৈ দায়িত্ব হস্তান্তৰ কৰা মুহূৰ্তত হীৰেন নাথ (বাওঁফালৰজন)।

8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহানগৰীৰ থানাসমূহত বছৰ বছৰ ধৰি পৰি আছে বহু গোচৰ। এই গোচৰসমূহৰ তদন্ত আগ নবঢ়াক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিলে আজি মহানগৰ আৰক্ষীৰ আয়ুক্ত হিচাপে দায়িত্ব লোৱা প্ৰদীপ শালৈয়ে।

শনিবাৰে গুৱাহাটী মহানগৰ আৰক্ষীৰ আয়ুক্ত হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছতেই শালৈয়ে সাংবাদিকৰ আগত কয়, “আমাৰ বহু সংখ্যক গোচৰৰ তদন্ত আগ নবঢ়াকৈ পৰি আছে। ইয়াৰ বাবেই বহু অভিযুক্তক আদালতৰ কাঠগৰালৈ নিব পৰা নাই বা তেওঁলোকক দোষী প্ৰমাণিত কৰি শাস্তিৰ ৱ্যৱস্থা কৰিব পৰা নাই।”

Apply Now

মহানগৰ আৰক্ষী আয়ুক্তৰ দায়িত্ব লৈয়ে প্ৰদীপ শালৈয়ে এই গোচৰসমূহৰ তদন্ত প্ৰক্ৰিয়া খৰতকীয়া কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে। লগতে তদন্তৰ মান উন্নত কৰাৰ ক্ষেত্ৰতো তেওঁ প্ৰচেষ্টা হাতত ল’ব বুলি জানিবলৈ দিয়ে।

ইয়াৰ উপৰি সমগ্ৰ ৰাজ্যৰ লগতে মহানগৰীত বৃদ্ধি পোৱা নাৰীজনিত অপৰাধ হ্ৰাস কৰাৰ ক্ষেত্ৰত এই বিষয়ৰ গৱেষণাৰ লগত জড়িত ব্যক্তিৰ পৰা সহায় বিচাৰিব বুলি কয় নৱনিযুক্ত আয়ুক্তজনে।

উল্লেখ্য যে, শেহতীয়াভাৱে অসম আৰক্ষীৰ প্ৰশাসনিক শাখাৰ মহাপৰিদৰ্শক হিচাপে দায়িত্বত থকা প্ৰদীপ শালৈ পূৰ্বেও গুৱাহাটী মহানগৰ আৰক্ষীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ দায়িত্ব আছিল। মহানগৰ আৰক্ষীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পদৰ পৰা শালৈ ২০১১ চনত বদলি হৈছিল। এতিয়া পুনৰ মহানগৰৰ দায়িত্ব লাভ কৰি আনন্দিত বুলি প্ৰকাশ কৰে শালৈয়ে।

ইপিনে, আজি প্ৰদীপ শালৈক দায়িত্বভাৰ অৰ্পণ কৰাৰ আগমুহূৰ্তত বিদায়ী আৰক্ষী আয়ুক্ত হীৰেন চন্দ্ৰ নাথে দায়িত্বত সহযোগিতা আগবঢ়োৱাৰ বাবে মহানগৰ আৰক্ষীৰ সকলো বিষয়া-জোৱান-কৰ্মচাৰীৰ উপৰি অসম চৰকাৰ আৰু গুৱাহাটীবাসী ৰাইজলৈ ধন্যবাদ জ্ঞাপন কৰে।

নাথে কয়, “আৰক্ষী আয়ুক্তৰ দায়িত্বত থকা সময়ছোৱাক প্ৰত্যাহ্বান হিচাপে লৈছিলো আৰু বিভিন্ন ক্ষেত্ৰত যথেষ্ট সফলতাও লাভ কৰিবলৈ সক্ষম হৈছিলো। বিশেষকৈ শিশু অপহৰণৰ ঘটনা কেইবাটাও হৈছিল আৰু আটাইকেইটা ঘটনাতেই অক্ষত অৱস্থাত শিশুকেইটাক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিলো।”

উল্লেখযোগ্য যে ২০১৬ চনৰ ২৬ আগষ্টৰ পৰা মহানগৰ আৰক্ষী আয়ুক্তৰ দায়িত্বত থকা হীৰেন চন্দ্ৰ নাথে আজি অসম আৰক্ষী বিশেষ শাখাৰ মহাপৰিদৰ্শক হিচাপে দায়িত্ব গ্ৰহণ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১১২ বছৰীয়া ইতিহাসৰ সাক্ষী যোৰহাটৰ ৰঙা ভৱন : এলাগী কৰিব জিলা প্ৰশাসনে!

১১২ বছৰীয়া ইতিহাসৰ সাক্ষী যোৰহাটৰ ৰঙা ভৱন : এলাগী কৰিব জিলা প্ৰশাসনে!

September 8, 2026 10:04 pm
মোদীৰ অনুষ্ঠানস্থলীত অস্ত্ৰসহ যুৱকক আটক : নিজকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া বুলি পৰিচয় দিয়াৰ অভিযোগ

মোদীৰ অনুষ্ঠানস্থলীত অস্ত্ৰসহ যুৱকক আটক : নিজকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া বুলি পৰিচয় দিয়াৰ অভিযোগ

September 8, 2026 9:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd