শেহতীয়াভাৱে অহা বানপানীৰ আশংকাৰ পাছত এতিয়া খহনীয়াই এতিয়া বিপদ মাতিছে ছিয়াঙৰ উত্তৰ পাৰৰ বাসিন্দাসকলৈ। খহনীয়াৰ ফলত পূব ছিয়াং জিলাৰ ছিৰাম (মেব’) গাঁৱৰ ১০টা পৰিয়াল আজি গৃহহাৰা হৈ পৰিছে।
মেব’ৰ পৰা লাভ কৰা বাতৰি অনুসৰি বিগত কেইমাহ মানৰ ভিতৰতে ছিগাৰ, বৰগুলি, স্ৰুম, নামছিং আৰু মেৰ গাঁৱৰ বহু একৰ ঘাঁহনি পথাৰ ছিয়াং নদীয়ে গ্ৰাস কৰিছে। কিন্তু সংশ্লিষ্ট কৰ্তৃপক্ষই খহনীয়াৰোধৰ বাবে কোনো উদ্যোগ গ্ৰহণ কৰা নাই।
আনহাতে, আয়েং আৰু মেব’ৰ মাজেৰে বৈ যোৱা ছিকে নদীয়েও ইয়াৰ সোঁ পাৰত প্ৰচুৰ ক্ষতিসাধন কৰিছে। নদীটোৰ খহনীয়াই উচ্চ ক্ষমতা সম্পন্ন পাছিঘাট-ৰয়িঙৰ ১৩২ কেভি বিদ্যুৎ পৰিবাহী টাৱাৰৰ বাবেও ভাবুকি কঢ়িয়াই আনিছে।
সোমবাৰে মেব’ৰ বিধায়ক তথা আৰুণাচলৰ মুখ্য মন্ত্ৰী লোম্বো তায়েঙে খহনীয়াগ্ৰস্ত এলেকালৈ এটা চৰকাৰী ভ্ৰমণ সম্পন্ন কৰিছে। তায়ঙে খহনীয়াত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহলৈ প্ৰাথমিক সাহায্য হিচাপে নগদ ৫০,০০০ টকা আৰু টিনপাত বিতৰণ কৰিছে আৰু ৰাজ্যিক দুৰ্যোগ প্ৰশমন পুঁজিৰ পৰা দুৰ্গত লোকসকলক নতুনকৈ গৃহ নিৰ্মাণৰ বাবে অধিক সাহায্য কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।
ছিয়াঙত অহা জোৱাৰৰ বাবে ডেয়িং ইৰিং স্মাৰক বন্যপ্ৰাণী অভয়াৰণ্যখনত ব্যাপক খহনীয়া আৰম্ভ হৈছে আৰু যইয়াত বাস কৰা বন্যপ্ৰাণী সমূহলৈ সংশয় নামি আহিছে।
উল্লেখ্য যে এই ছিয়াং নদী অসম-অৰুণাচল সীমান্তত কবুচাপৰি দ্বীপৰ কাষত লালি নদীৰ সৈতে মিলিত হৈছে আৰু নামনিত ব্ৰহ্মপুত্ৰৰ সৈতে মিলি গৈছে।