• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘ডি’ ভোটাৰৰ সন্তানকো এন আৰ চিত অন্তৰ্ভুক্তিৰ দাবী ৰাজ্যিক বিজেপিৰ : ১৩বিধ নথিক বৈধ বুলি ধৰিবলৈ স্মাৰকপত্ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 5, 2018 9:25 am
NRC
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এন আৰ চিৰ খচৰাৰ পৰা ৪০ লাখ লোকক নিৰ্বিচাৰে বিদেশী বুলি অভিহিত কৰা বিজেপিৰ নেতাৰ অভাৱ নাছিল বিজেপি দলত। কিন্তু এতিয়া ওলোটা খৰ মাৰি ৰাজ্যিক বিজেপিয়ে লাখ লাখ ভাৰতীয়ৰ নাম খচৰাৰ পৰা বাদ পৰা বুলি অভিযোগ কৰিছে। আৰু ইয়াৰ বাবে এন আৰ চি কৰ্তৃপক্ষৰ ভুলক জগৰীয়া কৰিছে।

৪ ছেপ্তেম্বৰত এখন সংবাদমেলত এই অভিযোগ উত্থাপন কৰিলে অসম ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পুলক গোহাঁয়ে।

Apply Now

সংবাদমেলত গোহাঁয়ে কয় যে ১৯৭১ চনৰ পূৰ্বৰ বৈধ প্ৰমাণ-পত্ৰ থকা সত্ত্বেও এই নথিসমূহ গ্ৰহণ নকৰাৰ ফলত লাখ লাখ ভাৰতীয় নাগৰিক আৰু অসমৰ খিলঞ্জীয়া লোকৰ নাম এন আৰ চিৰ চূড়ান্ত খচৰাত অন্তৰ্ভুক্ত হোৱা নাই।

তদুপৰি, অভিভাৱক তথা আত্মীয়ৰ নাম এন আৰ চিৰ চূড়ান্ত খচৰাত অন্তৰ্ভুক্ত হৈছে যদিও ‘লিংকেজ’ৰ উপযুক্ত প্ৰমাণ-পত্ৰৰ অভাৱত তেওঁলোকৰ সতি-সন্ততি, বহু মহিলা আৰু শিশুৰ নাম তালিকাৰ পৰা বাদ পৰিছে বুলিও তেওঁ দাবী কৰে।

আনহাতে গোহাঁয়ে কয় যে অভিভাৱক ‘ডি’ ভোটাৰ হোৱা বাবে তেওঁলোকৰ সতি-সন্ততিৰ নাম এন আৰ চিৰ চূড়ান্ত খচৰাৰ পৰা বাদ দিয়া হৈছে। তেওঁৰ মতে, পিতৃ-মাতৃ ‘ডি’ ভোটাৰ হ’লেও ১৯৮৬ চনৰ নাগৰিকত্ব সংশোধনী আইন অনুসৰি ১৯৮৭ চনৰ পহিলা জুলাইৰ পূৰ্বে জন্ম হোৱা তেওঁলোকৰ সন্তানে ভাৰতীয় নাগৰিকত্ব লাভ কৰিব। যিহেতু পূৰ্বতে প্ৰায়বোৰ লোকৰে জন্মৰ প্ৰমাণ-পত্ৰ নাছিল, গতিকে ১৯৫০ চনৰপৰা ১৯৮৭ চন পৰ্যন্ত বিদ্যালয়ৰ প্ৰমাণ-পত্ৰত উল্লেখ কৰা জন্মৰ তাৰিখ গ্ৰহণ কৰিবলৈ বিজেপিয়ে দাবী জনাইছে।

সংবাদমেলত জনোৱামতে, এন আৰ চিৰ উন্নীতকৰণত ১৩বিধ নথি গ্ৰহণ কৰিবলৈ ৰাজ্যিক বিজেপিয়ে আহ্বান জনাই ৪ ছেপ্তেম্বৰত এন আৰ চি অসমৰ সমন্বয়ক প্ৰতীক হাজেলাক স্মাৰক পত্ৰ প্ৰদান কৰে। এই নথিসমূহ হ’ল— অনুপ্ৰৱেশকাৰী প্ৰমাণ-পত্ৰ, নাগৰিকত্ব প্ৰমাণ-পত্ৰ, সকলো প্ৰকাৰৰ ভগনীয়া কাৰ্ড, শিবিৰৰ আশ্ৰয় গ্ৰহণকাৰী পত্ৰ, ভগনীয়া যোগ্যতা প্ৰমাণ-পত্ৰ, ১৯৭১ চন পৰ্যন্ত ঘূৰিব পৰা অনুমতি-পত্ৰ, ১৯৭১ চন পৰ্যন্ত খুঁটি অনুমতি-পত্ৰ, ১৯৭১ চন পৰ্যন্ত তৌজি ৰাজহ আদায়ৰ নথি, ১৯৭১ চন পৰ্যন্ত পশুধন আৰু ৰাজহ আদায়ৰ নথি, ১৯৭১ চন পৰ্যন্ত দেৱালয় আৰু আন ধৰ্মীয় অনুষ্ঠানে প্ৰদান কৰা ৰাজহ সংগ্ৰহৰ নথি, ১৯৭১ চন পৰ্যন্ত বিদ্যালয়ে দিয়া প্ৰমাণ-পত্ৰ, সৈন্য বাহিনীত মকৰল প্ৰমাণ-পত্ৰ আৰু বন বিভাগ বা আন কৰ্তৃপক্ষই দিয়া ৰাজহ আদায়ৰ নথি।

বিজেপিৰ মতে, ৰাজ্যৰ খিলঞ্জীয়া, অনুসূচিত জাতি, অনুসূচিত জনজাতি, আদিবাসী, অন্যান্য পিছপৰা শ্ৰেণী, কোচ ৰাজবংশীকে ধৰি বিভিন্ন সম্প্ৰদায়, জাতি-জনগোষ্ঠীৰো বহু সংখ্যক লোকৰ নাম এন আৰ চিৰ চূড়ান্ত খচৰাৰ পৰা বাদ পৰিছে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd