আজি দিনত উত্তৰ গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত হোৱা শোকাৱহ নাও দুৰ্ঘটনাক প্ৰদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই অতি দুৰ্ভাগ্যজনক আখ্যা দিছে আৰু গভীৰ শোকপ্ৰকাশ কৰিছে।
উল্লেখযোগ্য যে এই দুৰ্ভাগ্যজনক ঘটনাৰ বাবে প্ৰদেশ কংগ্রেছৰ সভাপতিজনে আভ্যন্তৰীণ জলপৰিবহণ বিভাগ আৰু জল পৰিবহণৰ যাত্ৰীসকলৰ প্ৰতি অসম চৰকাৰৰ আওকণীয়া মনোভাৱকে প্ৰধানতঃ দায়ী বুলি অভিযোগ উত্থাপন কৰিছে।
লগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে সৰ্বসাধাৰণ ৰাইজৰ জীৱন আৰু নিৰাপত্তা প্ৰদানত এই চৰকাৰে গুৰুত্ব আৰোপ নকৰাৰ পৰিণতিতেই এনেধৰণৰ অতিশয় দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে বুলিও কয়।
তাৰোপৰি ভৱিষ্যতে যাতে এনে ঘটনাৰ পুনৰাবৃত্তি নহয় অনতিপলমে তাৰ সুব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰু লগতে নিখোজ হোৱা দুৰ্ভগীয়া সকলৰ উদ্ধাৰ অভিযান যুদ্ধকালীন তৎপৰতাৰে আগবঢ়াই নিবলৈ চৰকাৰক আহবান সভাপতি গৰাকীয়ে আহ্বান জনাইছে।