• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সমকামিতা অপৰাধ নহয়, যুগান্তকাৰী ৰায় দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ; গুৱাহাটীতো আনন্দৰ জোৱাৰ

দিবাকৰ বৰুৱা by দিবাকৰ বৰুৱা
September 6, 2018 8:37 pm
lgbtqia in guwahati

গুৱাহাটীত এল জি বি টিসকলৰ পূৰ্বৰ সমাৱেশৰ ছবি। আছাম টাইমছৰ সৌজন্যত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমকামিতাৰ পৰা ‘অপৰাধ’ৰ মোহৰ গুচাই বৃহস্পতিবাৰে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠে দিয়া ঐতিহাসিক ৰায়দানে সমগ্ৰ বিশ্বৰ লগতে অসমৰো মানৱ অধিকাৰ কৰ্মী আৰু এল জি বি টি কিউ আই এ’ (lesbian, gay, bisexual, transgender, queer/questioning, intersex, and asexual/allies)সকলক দিছে নতুন উশাহ।

সৰ্বোচ্চ ন্যায়ালয়ৰ এই ৰায়ক অধিকাৰ প্ৰাপ্তি আৰু মুক্ত জীৱনৰ পথত এক বিজয়ৰূপে অভিহিত কৰি বৃহস্পতিবাৰে সন্ধিয়া ৫.৩০ বজাত গুৱাহাটীৰ চানমাৰিৰ এনই থিং (জানিবলৈ ক্লিক কৰক www.nething.org) নামৰ নাৰীবাদী সমূহ (feiminist collective)টোত বিভিন্ন মানৱাধিকাৰ কৰ্মী আৰু অগতানুগতিক যৌন পৰিচয়ৰ ব্যক্তিয়ে সমূহীয়া আনন্দ উদযাপন কৰে।

Apply Now

এন ই থিঙ-ত নাৰী অধিকাৰৰ হৈ কাম কৰি অহা এন জি অ’ নৰ্থ ইষ্ট নেটৱৰ্ক (জানিবলৈ ক্লিক কৰক http://www.northeastnetwork.org/) -ৰ ড০ মনীষা বেহলৰ লগতে গুৱাহাটীৰ বিভিন্ন ছাত্ৰ-ছাত্ৰী আৰু কৰ্মীয়ে উচ্চতম ন্যায়ালয়ৰ ৰায়ক আদৰণি জনাই কে’ক কাটি আনন্দ উদযাপন কৰে।

‘এইটো আমাৰ অধিকাৰপ্ৰাপ্তিৰ যুঁজৰ আৰম্ভণিহে। আৰু বহু যুঁজ বাকী আছে। আমি আজি দিনজুৰি উদযাপন কৰি আহিছো। সন্ধিয়া এন ই থিঙ-ত বহুবিলাক সমমৰ্মী লোক লগ হৈ কে’ক কাটিলো। দীঘলীপুখুৰীলৈকো গৈ আমি সমৱেত হ’লো। আমাৰ নিজৰ মাজতে আলোচনা কৰিলো- এই যুঁজ আৰম্ভণিহে,’ নৰ্থ ইষ্ট নাও-ক জনালে এনই থিঙ-ৰ ইন্দ্ৰানীয়ে।

আয়াৰলেণ্ডৰ দাবলিন চিতি বিশ্ববিদ্যালয়ত গৱেষণাৰত অসমৰ বিতপী দত্তই এই ৰায়ত আনন্দ প্ৰকাশ কৰি ফে’ছবুকত লিখিছে, ‘মোৰ কান্দিবৰ মন গৈছে!! ইয়াৰ বাবে যুঁজা সকলোলৈকে ধন্যবাদ।’

বৃতিশ্ব প্ৰণীত ভাৰতীয় দণ্ডবিধিৰ ৩৭৭ ধাৰাই যোৱা প্ৰায় ডেৰ শতিকা ধৰি ভাৰতত সমকামিতাক আইন বিৰুদ্ধ কৰি ৰখাৰ বিপৰীতে য়ুকে’ত কিন্তু কাহানিবাই বিলুপ্ত হৈছে এই বিধি।

সন্মত প্ৰাপ্তবয়স্কৰ ‘অস্বাভাৱিক যৌনতা’ক বাধা দিয়াৰ নামত ভাৰতত সমকামিতাক ‘অপৰাধ’ৰূপে চিনাক্ত কৰি অহা ধাৰা ৩৭৭ৰ ‘জন্তু বা শিশুৰ সৈতে যৌনতা বিষয়ক অংশসমূহ বাহাল থাকিব,’ ঘোষণা ন্যায়ালয়ৰ।

লক্ষণীয়ভাৱে ‘ঐকমত্যভাৱে’ এই ৰায় প্ৰদান কৰিছে মুখ্য ন্যায়াধীশ দীপক মিশ্ৰ আৰু সাংবিধানিক বিচাৰপীঠৰ আনসকল ন্যায়াধীশ ৰহিন্তন ফলি নৰিমন, দি ৱাই চন্দ্ৰচূড়, এ’ এম খানৱিলকাৰ আৰু ইন্দু মালহ’ত্ৰাই।

সাংবিধানিক বিচাৰপীঠে প্ৰদান কৰা এই যুগান্তকাৰী ৰায়দান সমকামীসকলৰ উপৰি সমতা, মানৱ অধিকাৰ আৰু মত প্ৰকাশৰ অধিকাৰৰ ক্ষেত্ৰটো দিক নিৰ্ণায়ক হিচাপে পৰিগণিত হৈছে।

গণতন্ত্ৰত সংখ্যাগৰিষ্ঠতাৰ মদমত্ততা নহয়; ক্ষুদ্ৰতকৈও ক্ষুদ্ৰ গোট, কেৱল এজন লোকৰো অধিকাৰ, মত প্ৰকাশৰ স্বাধীনতা বৃহস্পতিবাৰৰ ৰায়দানত পুনৰবাৰ স্বীকৃত হ’ল ৰায়দানত দেশৰ মুখ্য বিচাৰ্পতি ন্যায়াধীশ দীপক মিশ্ৰই আগবঢ়োৱা মন্তব্যত।

‘সংখ্যাগৰিষ্ঠ মত আৰু সাৰ্বজনীন (popular) নৈতিকতাই সাংবিধানিক অধিকাৰক পৰিচালিত কৰিব নোৱাৰে,’ ৰায়দানত এই মন্তব্য মিশ্ৰৰ।

আনহাতে ১৬৫ বছৰ পূৰ্বে ব্ৰিতিশ্ব প্ৰণীত এই আইনক ‘ঔপনিৱেশিক’ৰূপে অভিহিত কৰিছে ন্যায়াধীশ দি ৱাই চন্দ্ৰচূড়ে। ‘ধাৰা ৩৭৭এ কাৰুণ্য আৰু যন্ত্ৰণাৰে পীড়িত কৰিছে। এই ঔপনিৱেশিক শোষণকাৰী আইনৰ অন্ধকাৰলৈ তেওঁলোকক ঠেলি দিব নোৱাৰি,’ নিজৰ ৰায়ত ক’লে ন্যায়াধীশ চন্দ্ৰচূড়ে।

হিন্দু, মুছলমান, খ্ৰিষ্তান নিৰ্বিশেষে ভাৰতৰ কিছুমান ধৰ্মীয় আৱেগজৰিত সংগঠনে দীৰ্ঘদিনৰ পৰা এই আইনৰ পক্ষ লৈ সমকামিতাৰ বিৰোধিতা কৰি আহিছিল। সমকামিতাক বৈধতা প্ৰদানৰ বিৰোধিতাৰে বৃহস্পতিবাৰৰ ৰায়দানত উপস্থিত ৩টা খ্ৰিষ্তান সংগঠনক এই সন্দৰ্ভত দিহা দিয়ে সৰ্বোচ্চ ন্যায়ালয়ে।

‘ই আপোনাৰ ধৰ্মৰ ওপৰত কি প্ৰভাৱ পেলাইছে? আপোনালোক আগবাঢ়ক আৰু স্ব-ধৰ্মৰ চৰ্চা কৰক,’ খ্ৰিষ্তান সংগঠনক ন্যায়াধীশ নৰিমনৰ দিহা।

দিবাকৰ বৰুৱা

দিবাকৰ বৰুৱা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

June 27, 2026 11:23 pm
কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

June 27, 2026 10:42 pm
‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

June 27, 2026 9:34 pm
ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

June 27, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

June 27, 2026 11:23 pm
কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

June 27, 2026 10:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd