• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জাতীয় প্রাক্-প্রাথমিক বিদ্যালয় স্থাপনৰ চিন্তা-চৰ্চা অসম সাহিত্য সভাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 8, 2018 8:44 am
201804101436462122_Assam-sahitya-sabha-constitution_SECVPF
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যখনৰ কেইবাহাজাৰো মাতৃভাষাৰ শিক্ষানুষ্ঠান বন্ধ হৈ পৰাত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে অসম সাহিত্য সভাই। সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীৰ সভাপতিত্বত বৃহস্পতিবাৰে গুৱাহাটীত অনুষ্ঠিত হোৱা কৰ্ণধাৰ সমিতিৰ বৈঠকত এই বিষয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰা হয়।

অসম সাহিত্য সভাৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনৰ ড০ মহেন্দ্ৰনাথ বৰুৱা সভাকক্ষত বৃহস্পতিবাৰে অনুষ্ঠিত কৰ্ণধাৰ সমিতিৰ বৈঠকত বিশেষভাৱে মাতৃভাষাৰ শিক্ষানুষ্ঠান বন্ধ হোৱা বিষয়টো সন্দৰ্ভত আলোচনা কৰা হয়।

মাতৃভাষাৰ শিক্ষানুষ্ঠান বন্ধ হোৱাৰ বিষয়ত গভীৰ চিন্তা ব্যক্ত কৰি অসম সাহিত্য সভাই এইক্ষেত্ৰত বিকল্প ব্যৱস্থাৰ চিন্তা-চৰ্চা কৰিছে।

শিশু এটাই মাতৃভাষাত আনুষ্ঠানিক শিক্ষা লাভ কৰাটো কেৱল প্ৰধান গুৰুত্বপূৰ্ণ বিষয়েই নহয়, ই সম্পূৰ্ণভাৱে মৌলিক অধিকাৰ। সেয়ে অসম সাহিত্য সভাৰ নেতৃত্বত এক নতুন ‘জাতীয় প্ৰাক্‌-প্ৰাথমিক আদৰ্শ বিদ্যালয় প্ৰকল্প’ আৰম্ভ কৰাৰ  প্ৰচেষ্টা হাতত লোৱা হ’ব। এই আদৰ্শ প্ৰকল্পত অসমীয়া ভাষাৰ মাধ্যমেৰে ইংৰাজী ভাষা শিকোৱাত প্ৰধান গুৰুত্ব দিয়া হ’ব।

আনহাতে, অসম সাহিত্য সভাই অসমৰ জাতীয় জীৱনৰ লগত জড়িত এই গুৰুত্বপূৰ্ণ বিষয়টো সমাধানৰ বাবে অসম চৰকাৰৰ সৈতে আলোচনা কৰি সমস্যাটো সমাধানৰ বাবে বিকল্প ব্যৱস্থা গঢ়ি তোলাৰ বাবে সাজু হৈছে।

অসম চৰকাৰৰ পৰা সেউজ সংকেত পালেই এই কামখিনি আগন্তুক বৰ্ষৰ পৰাই আৰম্ভ কৰাৰ কথা চিন্তা কৰিছে সভাই। এই প্ৰকল্পৰ বাবে আৰম্ভণিতে এশখন ঠাই বিশেষকৈ গুৰুত্বপূৰ্ণ নগৰ নিৰ্বাচন কৰিবলৈ সভাই সিদ্ধান্ত গ্ৰহণ কৰিছে।

তদুপৰি, এই প্ৰকল্প ৰূপায়ণৰ বাবে অসম সাহিত্য সভাই শিক্ষাবিদ আৰু প্ৰৱাসী অসমীয়াক লৈ এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰিছে।

অসম সাহিত্য সভাই এই সন্দৰ্ভত অসমৰ সকলো শ্ৰেণীৰ ৰাইজৰ পৰামৰ্শ বিচাৰিছে। পৰামৰ্শসমূহ অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱালৈ [email protected] এই ঠিকনালৈ প্ৰেৰণ কৰিবলৈ সভাই অনুৰোধ জনাইছে।

অসম সাহিত্য সভাৰ উদ্যোগতে অসমীয়া ভাষা ৰক্ষাৰ গুৰু দায়িত্ব আহি পৰাৰ সময়ত সভাই গ্ৰহণ কৰা এই পদক্ষেপ আদৰণীয় হৈ পৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত বিএমডব্লিউৰ খুন্দাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য, চলিছে তদন্ত

দিল্লীত বিএমডব্লিউৰ খুন্দাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য, চলিছে তদন্ত

September 15, 2025 8:28 am
পাকিস্তানৰ আত্মসমৰ্পণ! উত্তাপহীন মেচত সূৰ্য-কূলদীপৰ দমনীয় প্ৰদৰ্শনেৰে মসৃন জয় ভাৰতৰ

পাকিস্তানৰ আত্মসমৰ্পণ! উত্তাপহীন মেচত সূৰ্য-কূলদীপৰ দমনীয় প্ৰদৰ্শনেৰে মসৃন জয় ভাৰতৰ

September 15, 2025 7:51 am
মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

September 14, 2025 9:30 pm
ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

September 14, 2025 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত বিএমডব্লিউৰ খুন্দাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য, চলিছে তদন্ত

দিল্লীত বিএমডব্লিউৰ খুন্দাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য, চলিছে তদন্ত

September 15, 2025 8:28 am
পাকিস্তানৰ আত্মসমৰ্পণ! উত্তাপহীন মেচত সূৰ্য-কূলদীপৰ দমনীয় প্ৰদৰ্শনেৰে মসৃন জয় ভাৰতৰ

পাকিস্তানৰ আত্মসমৰ্পণ! উত্তাপহীন মেচত সূৰ্য-কূলদীপৰ দমনীয় প্ৰদৰ্শনেৰে মসৃন জয় ভাৰতৰ

September 15, 2025 7:51 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd