• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

শিল্পী সৈনিক ব্ৰজনাথ শৰ্মাক সুঁৱৰি: অসমীয়াই পাহৰিব নোৱৰা শিল্প যোদ্ধাজন

ৰাজেন শৰ্মা by ৰাজেন শৰ্মা
September 12, 2018 9:13 pm
ব্ৰজনাথ শৰ্মা

ব্ৰজনাথ শৰ্মা

94
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৮৯৫ চনৰ ১৫ ছেপ্টেম্বৰত বৰপেটাৰ শিলা গাঁৱত জন্মগ্ৰহণ কৰা শিল্পী সৈনিক ব্ৰজনাথ শৰ্মা অসমৰ জাতীয় জীৱনৰ এটা পাহৰিব নোৱৰা নাম। এগৰাকী সৈনিক ব্ৰজনাথে স্বাধীনতা আন্দোলনত স্বদেশৰ বাবে লোৱা ভূমিকাৰ কথা ইতিহাসৰ এটি স্বৰ্ণিল অধ্যায়।

বৰনগৰৰ বুকুত বিপ্লৱৰ নিচান উৰুৱাই ব্ৰিটিছৰ নিদ্ৰাহৰণ কৰা ‘বজ্ৰ ওস্তাদ’ৰ জীৱনটোও আছিল সংগ্ৰামৰেই নামান্তৰ। নানা ঘাত-প্ৰতিঘাতৰ মাজতো থমকি নোৰোৱা এটা অপৰাজেয় সত্ত্বা আছিল ব্ৰজ শৰ্মা।

Apply Now

একাধাৰে সুদক্ষ অভিনেতা, নাট্যকাৰ আৰু অসমৰ ভ্ৰাম্যমাণ নাটকৰ জনক তথা সহ অভিনয়ৰ বাটকটীয়া ব্ৰজনাথ শৰ্মাই তদানীন্তন ৰক্ষণশীল সমাজখনৰ প্ৰত্যাহ্বান নেওচি  অসমীয়া শিল্প-সংস্কৃতিৰ বাবে অহোপুৰুষাৰ্থ কৰাই নহয়, ’৪২ৰ ভাৰত ত্যাগ আন্দোলনত সৰভোগৰ বেঁকী নৈৰ পাৰত থকা ব্ৰিটিছৰ সামৰিক ঘাটি নিশাৰ ভিতৰতে জ্বলাই দি ইংৰাজৰ প্ৰভুত্বকো প্ৰত্যাহ্বান জনাইছিল।

বৰনগৰৰ এদল দুৰন্ত সহযোদ্ধাক লগত লৈ ব্ৰজ শৰ্মাই অসীম সাহসেৰে, সুপৰিকল্পিতভাৱে বিমান ঘাটি জ্বলাই দি বৰনগৰত স্বাধীনতা সংগ্ৰামৰ ইতিহাসত এক বীৰগাঁথাৰ সংযোজন ঘটাইছিল।

ব্ৰজনাথ শৰ্মাৰ বৰনগৰৰ বাসগৃহটো

ৰাজ্য চৰকাৰে ইতিমধ্যে শিল্পীগৰাকীৰ নামত সৈনিক শিল্পী ব্ৰজনাথ শৰ্মা বঁটা প্ৰৱৰ্তন কৰিছে। বৰনগৰত তেওঁৰ এটা প্ৰতিমূৰ্তি স্থাপনো কৰিলে। বহু অপেক্ষাৰ অন্তত সৈনিক শিল্পীগৰাকীয়ে চৰকাৰী স্বীকৃতিবোৰ যেন পাবলৈ আৰম্ভ কৰিছে।

অভিনয়াচাৰ্য হিচাপে স্বীকৃতি পোৱা ব্ৰজনাথ শৰ্মাই সেই সময়ৰ অসমত যি নাট্য আন্দোলনৰ সূচনা কৰিছিল, তাৰ বাবে তেওঁ যি ত্যাগ কৰিছিল, সেই সকলোবোৰ ইতিহাসৰ এটি অবিস্মৰণীয় অধ্যায়।

স্বাধীনতা আন্দোলনৰ ১৪১ গৰাকী বীৰ মুক্তিযোদ্ধাৰ বীৰভূমি বৰনগৰতে নাট্য আন্দোলনৰ সূচনা কৰি তথা সহ-অভিনয়ৰ পাতনি মেলি ব্ৰজনাথ শৰ্মাই যুগান্তকাৰী ইতিহাসৰ সৃষ্টি কৰি গৈছে।

১৯৬০ চনৰ ১২ ছেপ্টেম্বৰত অভিনয়াচাৰ্য ব্ৰজনাথ শৰ্মাই ইহলীলা সম্বৰণ কৰে। চৰম চৰকাৰী অৱহেলাৰ সন্মুখীন হৈ কৰুণ মৃত্যুক সাৱটি লোৱা শৰ্মাদেৱৰ আপোচহীন সংগ্ৰামী সত্ত্বাই শেষ মুহূৰ্তলৈকে কোনো প্ৰলোভনৰ ওচৰত হাৰ মনা নাছিল।

শিল্পী সৈনিক ব্ৰজনাথ শৰ্মাৰ বৰনগৰৰ দক্ষিণ গণকগাড়ী গাঁৱত থকা বাসগৃহটো এতিয়াও পৰিত্যক্ত হৈ পৰি ৰৈছে। জীৱনকালত তেওঁ চ’ৰাঘৰ হিচাপে ব্যৱহাৰ কৰা এই ঘৰটোৰ সৈতে ’৪২ৰ সংগ্ৰামৰ বহু স্মৃতি বিজড়িত হৈ আছে। বৰনগৰৰ বেঁকী নৈৰ পাৰত ঔপনিবেশিক ব্ৰিটিছে স্থাপন কৰা সামৰিক ঘাটি জ্বলাই দিয়াৰ পৰিকল্পনা ৰচনা কৰা হৈছিল এই ঘৰটোতে। ইতিহাসৰ সাক্ষী এই বাসগৃহটো চৰকাৰে সংৰক্ষণ কৰাটো বিচাৰিছে বৰনগৰৰ সুধী সমাজে।

আজি সৈনিক শিল্পী ব্ৰজনাথ শৰ্মাৰ মৃত্যু তিথি। এই দিনটোত বিপ্লৱী শিল্পীগৰাকীলৈ একাঁজলি শ্ৰদ্ধাঞ্জলি যাচিছোঁ।

ৰাজেন শৰ্মা

ৰাজেন শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd