নগাঁও জিলাৰ বেবেজীয়া আৰক্ষী চকীৰ অন্তৰ্গত বেবেজীয়া ষ্টেচনৰ সমীপৰ এটা পুখুৰীত আজি পুৱা এজন যুৱকৰ মৃতদেহ ওপঙি থকা অৱস্থাত উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ বেবেজীয়া অঞ্চলত চাঞ্চল্যৰ সৃষ্টি হৈছে। মৃতদেহটো বেবেজীয়া খাটগুৰি গাঁও নিৱাসী মন্টু কুমাৰ নাথৰ পুত্ৰ দীপজ্যোতি নাথৰ বুলি চিনাক্ত কৰা হৈছে।
জানিব পৰা মতে, পুৱতি নিশা নিজগৃহৰ শোৱাপাটিৰ পৰা হঠাৎ বাহিৰলৈ উঠি অহা যুৱকজন সেই সময়ৰ পৰা সন্ধানহীন হৈ আছিল। পুৱা পৰিয়ালৰ লোকে যুৱকজনক ঘৰত নেদেখি বহু বিচাৰ-খোচাৰ কৰাত ঘৰৰ চৌহদতে থকা এটা পুখুৰীত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে মৃতদেহটো।
অতি অমায়িক, সৎ প্ৰকৃতিৰ যুৱকজনৰ মৃতদেহ এইদৰে উদ্ধাৰ হোৱাত ৰহস্যৰ সৃষ্টি হৈছে। কিছু লোকে এয়া এক আত্মহত্যা বুলি সন্দেহ প্ৰকাশ কৰিছে যদিও অন্য একাংশই এয়া এক হত্যাকাণ্ড বুলি ক’ব খোজে।
অৱশ্যে, মৃতদেহটোত কোনো ধৰণৰ আঘাতৰ চিন পৰিলক্ষিত হোৱা নাই। ইপিনে, ঘটনাৰ খবৰ লাভ কৰাৰ পিছতেই বেবেজীয়া আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।
আৰক্ষীৰ তদন্ত আৰু মৰণোত্তৰ পৰীক্ষাৰ পিছতহে যুৱকজনৰ মৃত্যুৰ ৰহস্য পোহৰলৈ আহিব।