• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উগ্ৰপন্থী সংগঠনৰ অনলাইন প্ৰচাৰৰ বিৰুদ্ধে ব্যৱস্থা ল’ব অসম আৰক্ষীয়ে : আৰক্ষী সঞ্চালক প্ৰধান

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 22, 2018 11:28 pm
Kuladhar Saikia

আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াৰ সংবাদমেল সম্বোধন।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“উগ্ৰপন্থী সংগঠনসমূহে অনলাইনৰ জৰিয়তে বৃহৎ প্ৰচাৰ চলোৱা পদ্ধতিটো বাছি লৈছে। অসমত যাতে এনেধৰণৰ প্ৰচাৰ চলাব নোৱাৰে তথা বিক্ষিপ্ত ঘটনা ঘটাব নোৱাৰে সেই সম্পৰ্কত অসম আৰক্ষী সচেতন।”

শনিবাৰে গুৱাহাটীৰ পল্টন বজাৰস্থিত পুলিচ ৰিজাৰ্ভত আৰক্ষী বিষয়াসকলৰ বৈঠকৰ পাছতেই আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই এখন সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে।

তেওঁ লগতে কয় যে উত্তৰ-প্ৰদেশৰ আৰক্ষী তথা বিভিন্ন দল-সংগঠনৰ ফালৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত ইতিমধ্যে সাতজনক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু তদন্ত প্ৰক্ৰিয়া চলাই থকা হৈছে।

আনহাতে, উগ্ৰবাদ সন্দৰ্ভত আৰক্ষীয়ে নোপোৱা খবৰসমূহ ৰাইজে পালে আৰক্ষীক তাৎক্ষণিকভাৱে জনাবৰ বাবে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে সংবাদমেলত আহ্বান জনায়। তেওঁ কয় ‘যিসমূহ খবৰ আৰক্ষীয়ে নাপাই, সেই খবৰসমূহ জনসাধাৰণে আৰক্ষীক যোগান ধৰিলে সহায়ক হ’ব।

ইয়াৰোপৰি, বিশ্বব্যাপী কোনবোৰ উগ্ৰবাদী সংগঠনৰ সৈতে গ্ৰেপ্তাৰ হোৱাসকলৰ সম্পৰ্ক আছে, সেই সম্পৰ্কে তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব বুলি গম পোৱা যাব। এইবুলি আৰক্ষী সঞ্চালক প্ৰধানে সংবাদমেলত কয়।

আনহাতে, উগ্ৰপন্থী সংগঠনসমূহৰ প্ৰতি আকৃষ্ট হৈ কোনেও যাতে সেইবোৰ যোগদান নকৰে তাৰ ওপৰতো আৰক্ষীয়ে চোকা দৃষ্টি ৰখা বুলি সংবাদমেলত শইকীয়াই জানিবলৈ দিয়ে। তেওঁ কয়, “কৰ্মসূত্ৰে ঘৰৰ পৰা বাহিৰলৈ গ’লেও, তেওঁলোকে ঘৰৰ পৰিয়ালৰ মানুহৰ সৈতে সম্পৰ্ক ৰাখিছেনে নাই, সেই সম্পৰ্কতো আমি নজৰ ৰাখিম। তাৰ পৰা আৰক্ষীয়ে নতুন সা-সম্ভেদ লাভ কৰিব পাৰিব।”

উক্ত সংবাদমেলত উপস্থিত থাকি বিশেষ শাখাৰ আৰক্ষী সঞ্চালক প্ৰধান  পল্লৱ ভট্টাচাৰ্য্যই কয়, “উগ্ৰপন্থী সংগঠনসমূহে খুব মনে মনে তথা সন্তৰ্পণে কামবোৰ কৰে। সেয়েহে এইক্ষেত্ৰত আৰক্ষীৰ কিছু অসুবিধা হয়।”

তেওঁ লগতে কয় যে উগ্ৰপন্থী সংগঠনসমূহে যিহেতু অতি গোপনীয়ভাৱে কামবোৰ কৰে গতিকে আৰক্ষীয়েও অতি গোপনীয়ভাৱে তদন্ত কৰিব লগীয়া হয়, তেতিয়াহে এনেবোৰ কাৰ্য্যত কৃতকাৰ্য্যতা লাভ কৰিব পাৰি।

মন কৰিব লগীয়া যে উত্তৰ প্ৰদেশৰ কানপুৰ আৰক্ষীয়ে কামৰুজ জামানক গ্ৰেপ্তাৰ কৰিছিল অথবা অসমত আহি তেওঁ ১১-১২ দিন থাকি যোৱাৰ পাছতো অসম আৰক্ষীয়ে গম পোৱা নাছিল তথা কামৰুজক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাছিল বুলি এক অভিযোগ উঠিছিল।

এই সন্দৰ্ভত আৰক্ষীৰ বিশেষ শাখাৰ সঞ্চালক প্ৰধানগৰাকীয়ে কয়, “উত্তৰ-প্ৰদেশৰ আৰক্ষীয়ে অকলে কামৰুজক ধৰা নাই, আচলতে এক জালৰ সৃষ্টি কৰা হৈছিল তথা ইণ্টেলিজেন্সৰ ইনপুট শ্বেয়াৰিং হৈছিল। তাৰ ওপৰত ভিত্তি কৰিয়েই উত্তৰ-প্ৰদেশৰ আৰক্ষীয়ে কমৰ উজ জামানক ধৰিছে।”

তেওঁ লগতে কয়, “৩০ শতাংশতকৈও অধিক মুছলমান সম্প্ৰদায়ৰ লোক অসমত আছে, তেওঁলোকৰ সহায় লৈহে অসমীয়া কৃষ্টিটো আগ বাঢ়িছে।”

ইয়াৰোপৰি, উগ্ৰবাদী দল-সংগঠনৰ ভাবধাৰা অসমীয়া সমাজে স্বীকাৰ নকৰে, সেই কথা ইতিমধ্যে গম পোৱা গৈছে বুলিও আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে সংবাদমেলৰ জৰিয়তে দাবী কৰে।

আনহাতে, উক্ত সংবাদমেলত আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই আৰক্ষী বিষয়াসকলৰ সৈতে অনুষ্ঠিত হোৱা বৈঠকত হোৱা আলোচনা সম্পৰ্কে সাংবাদিকক অৱগত কৰে।

তেওঁ জানিবলৈ দিয়া অনুসৰি অহা সোমবাৰৰ পৰা আৰম্ভ হ’বলগীয়া বিধানসভাৰ অধিবেশনৰ নিৰাপত্তা সন্দৰ্ভত আলোচনা হোৱাৰ উপৰিও ধৰ্ণা, প্ৰতিবাদ কাৰ্য্যসূচীৰ বাবে কেনে ধৰণৰ ব্যৱস্থা লোৱা হ’ব, সেই সম্পৰ্কে আলোচনা কৰা হয় উক্ত আলোচনা চক্ৰত।

আনহাতে, পৰৱৰ্তী সময়ত উগ্ৰপন্থীসকলে যাতে কোনো ধৰণৰ অঘটন ঘটাব নোৱাৰে, সেই সম্পৰ্কে বৈঠকত আলোচনা কৰা হয়।

ইয়াৰোপৰি, গুৱাহাটীত চলি থকা মদ, ভাং, জুৱাৰ আড্ডা ইত্যাদি সামাজিক অপৰাধসমূহৰ সন্দৰ্ভতো আলোচনা হয় বুলি জানিবলৈ দি আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে লগতে কয়, “গুৱাহাটীৰ সমূহ আৰক্ষী থানাৰ আৰক্ষী বিষয়া, এ চি পিক যিবোৰ অঞ্চলত এনেধৰণৰ অসামাজিক কাম-কাজ চলি আছে, সেই অঞ্চলসমূহ চিনাক্ত কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে বিশেষ অভিযান চলাবলৈও নিৰ্দেশ দিয়া হৈছে। ইতিমধ্যে ২০টা স্কোৱাড বনাবলৈ দিয়া হৈছে যাতে অসামাজিক কাম-কাজ চলা অঞ্চলসমূহত তেওঁলোকে অভিযান চলাব পাৰে।”

আনহাতে, পূজা সমিতিসমূহৰ সৈতে আলোচনা কৰি আইন-শৃংখলা পৰিস্থিতি কেনেদৰে গঢ় দিয়া হ’ব সেই সম্পৰ্কেও বৈঠকত আলোচনা কৰা হয় বুলি সংবাদমেলত জনায়।

আনহাতে, অহা ১ অক্টোবৰত অনুষ্ঠিত হ’ব লগীয়া আৰক্ষী দিৱস উপলক্ষে ২৮ ছেপ্তেম্বৰৰ পৰা তিনিদিন ধৰি ৰাজ্যৰ জিলাসমূহৰ স্কুল-কলেজত আৰক্ষীৰ তৰফৰ পৰা চাইবাৰ অপৰাধ , ছ’চিয়েল মেডিয়াৰ ভাল আৰু বেয়া উদ্দেশ্যৰ ব্যৱহাৰ, চাইবাৰ ড’ম সম্পৰ্কে তথা ড্ৰাগছৰ বিৰুদ্ধে আৰু পথ নিৰাপত্তা সম্পৰ্কত এক প্ৰচাৰ অভিযান চলোৱা হ’ব বুলি তেওঁ সংবাদমেলত জানিবলৈ দিয়ে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd