• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগ্ৰীজুলিত বাঢ়নী নদীৰ পানীয়ে খহালে দুখনকৈ দলং; যোগাযোগ বিচ্ছিন্ন

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
September 27, 2018 8:08 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত তামুলপুৰ-নাগ্ৰীজুলি পথত থকা  বাল্টিনদীৰ বাঢ়নী পানীয়ে দলংখনৰ পশ্চিম দিশৰ মূৰটো খহাই নিয়াত তামুলপুৰ-নাগ্ৰীজুলি পথেৰে যোগাযোগ প্ৰায় বিছিন্ন হৈ পৰিছে।

বিগত কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা  বৰষুণৰ ফলত ফেনে-ফুটুকাৰে ভূটান পাহাৰৰ পৰা বৈ অহা খৰস্ৰোতা বাল্টিনদীৰ বাঢ়নী পানীয়ে বাল্টিনদীৰ ওপৰত থকা দলংখনৰ পশ্চিম দিশৰ মূৰটো খহাই নিয়াৰ ফলত দলংখনৰ ওপৰেৰে যাতায়ত প্ৰায় বন্ধ হৈ পৰিছে।

Apply Now

বাল্টিনদীৰ ওপৰত এখন দলঙৰ নিৰ্মাণ কাৰ্য চলি আছে যদিও উপপথত থকা সৰু পকী দলং এখনৰ ওপৰেদি গাড়ী-মটৰৰ চলাচল অব্যাহত আছিল। কিন্তু দলংখনৰ পশ্চিম ফালৰ মূৰটো নদীৰ পানীৰ সোঁতত খহি যোৱাৰ ফলত এতিয়া স্থানীয় ৰাইজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।

আনহাতে নদীৰ বাঢ়নী পানীয়ে বিমলানগৰ, বাঘমাৰা, মতিগাঁও, সাহপুৰ, বাল্টিপাৰ আদি অঞ্চলত সৃষ্টি কৰিছে তীব্ৰ গঢ়াখহনীয়াৰ। ফলত স্থানীয় ৰাইজে অনতি পলমে বাল্টিনদীৰ ওপৰত থকা দলংখনৰ খহি যোৱা মূৰটো মেৰামতি কৰি দলংখনৰ ওপৰেদি যোগাযোগ সুচল কৰাৰ বাবে দাবী জনাইছে।

ইফালে নাগ্ৰীজুলি-আহিয়াবাৰী-লাতিবাৰী পথত বৰলীয়া নদীৰ ওপৰত থকা লোৰ দলংখনৰো এটা মূৰ বাঢ়নী পানীয়ে খহাই নিয়ে। ফলত দোৱামখা, ঘিলাঝাৰ, বৰলীয়াপাৰ আদি গাঁৱৰ ৰাইজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।

পৰিস্থিতি ইমানেই বেয়া যে গাঁও কেইখনৰ সাধাৰণ ৰাইজ আৰু অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকলে ৰেলিঙৰ ওপৰেৰে নিজৰ জীৱনটো হাতৰ মুঠিত লৈ অহা-যোৱা কৰিব লগাত পৰিছে। তাৰোপৰি দলংখনৰ এটা মূৰ খহাই নিয়াৰ ফলত বহু কণ কণ ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়লৈ যাব নোৱাৰাত শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হ’ব লগাত পৰিছে।

গতিকে স্থানীয় ৰাইজে দুয়োখন দলং অতি শীঘ্ৰে মেৰামতি কৰি যোগাযোগ সূচল কৰাৰ বাবে চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বজাৰত জুই, দেশত নিয়ন্ত্ৰণহীন খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি:  ৪.৮২ শতাংশলৈ বৃদ্ধি পালে খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ

বজাৰত জুই, দেশত নিয়ন্ত্ৰণহীন খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি:  ৪.৮২ শতাংশলৈ বৃদ্ধি পালে খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ

September 14, 2026 5:08 pm
গুৱাহাটীৰ হত্যাকাণ্ডৰ অভিযুক্ত ৰামানু্জ গোস্বামীৰ দেহত গুলীৰ কোনো আঘাত নাই: জিএমচিএইচৰ অধীক্ষকৰ স্পষ্টীকৰণ

গুৱাহাটীৰ হত্যাকাণ্ডৰ অভিযুক্ত ৰামানু্জ গোস্বামীৰ দেহত গুলীৰ কোনো আঘাত নাই: জিএমচিএইচৰ অধীক্ষকৰ স্পষ্টীকৰণ

September 14, 2026 4:04 pm
প্ৰযুক্তিৰ ক্ষেত্ৰত কেন্দ্ৰৰ ডাঙৰ পদক্ষেপ: নিৰ্মাণ কৰিব ‘ছ’ভাৰেইন ক্লাউড’ ব্যৱস্থা

প্ৰযুক্তিৰ ক্ষেত্ৰত কেন্দ্ৰৰ ডাঙৰ পদক্ষেপ: নিৰ্মাণ কৰিব ‘ছ’ভাৰেইন ক্লাউড’ ব্যৱস্থা

September 14, 2026 3:38 pm
১৩ বছৰৰ আইনী যুঁজৰ অন্ত! উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আদালতত আত্মসমৰ্পণ তৰুণ তেজপালৰ

১৩ বছৰৰ আইনী যুঁজৰ অন্ত! উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আদালতত আত্মসমৰ্পণ তৰুণ তেজপালৰ

September 14, 2026 3:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বজাৰত জুই, দেশত নিয়ন্ত্ৰণহীন খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি:  ৪.৮২ শতাংশলৈ বৃদ্ধি পালে খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ

বজাৰত জুই, দেশত নিয়ন্ত্ৰণহীন খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি:  ৪.৮২ শতাংশলৈ বৃদ্ধি পালে খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ

September 14, 2026 5:08 pm
গুৱাহাটীৰ হত্যাকাণ্ডৰ অভিযুক্ত ৰামানু্জ গোস্বামীৰ দেহত গুলীৰ কোনো আঘাত নাই: জিএমচিএইচৰ অধীক্ষকৰ স্পষ্টীকৰণ

গুৱাহাটীৰ হত্যাকাণ্ডৰ অভিযুক্ত ৰামানু্জ গোস্বামীৰ দেহত গুলীৰ কোনো আঘাত নাই: জিএমচিএইচৰ অধীক্ষকৰ স্পষ্টীকৰণ

September 14, 2026 4:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd