• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্যমন্ত্ৰীৰ বিশেষ উদ্যোগ : পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ় দিব গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাক

মিণ্টু দাস by মিণ্টু দাস
September 27, 2018 10:39 pm
fbb7d515-b074-48b8-a789-3aa9fc357a80
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পবিত্ৰ জন্মভূমি শ্ৰীশ্ৰী বটদ্ৰৱা থানখনক ধৰ্মীয় আৰু সাংস্কৃতিক পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তুলিবলৈ অসম চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে। ১৪৫ কোটি টকা ব্যয়েৰে এই প্ৰকল্পৰ কাম শীঘ্ৰে আৰম্ভ হ’ব। এই ক্ষেত্ৰত লৈছে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। গুৰুজয়ন্তীৰ পিছতেই বিষয়টোৰ ক্ষেত্ৰত খোদ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়েই বটদ্ৰৱা থানৰ উন্নয়নৰ প্ৰসংগটোত বিশেষ তৎপৰ হোৱা পৰিলক্ষিত হৈছে।

বটদ্ৰৱাত গুৰুজনাৰ স্মৃতি বিজড়িত ঐতিহাসিক সম্পদসমূহ বৈজ্ঞানিকভাৱে সংৰক্ষণৰ লগতে থানখনৰ উপৰি থান এলেকাৰ বিভিন্ন ক্ষেত্ৰৰ উন্নয়নকল্পে চৰকাৰীভাৱে ল’বলগীয়া বিভিন্ন কাম-কাজৰ অগ্ৰগতি সম্পৰ্কত ৰাজ্যৰ বিভাগীয় মন্ত্ৰী, বিষয়া তথা থান পৰিচালনা সমিতিৰ বিষয়ববীয়াৰ সৈতে মুখ্যমন্ত্ৰীগৰাকীয়ে বুধবাৰে অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে।

Apply Now

এই বৈঠকতে বটদ্ৰৱা থানৰ ঐতিহাসিক সম্পদসমূহৰ সংৰক্ষণৰ লগতে আন্তঃগাঁথনি উন্নয়ন সন্দৰ্ভত বিস্তৃত আৰু পূৰ্ণাংগ ডি পি আৰ শীঘ্ৰে প্ৰস্তুত কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিভাগীয় বিষয়াক নিৰ্দেশ প্ৰদান কৰে।

অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষজনাৰ জন্মস্থানখনিক সৰ্বাংগসুন্দৰ ৰূপ দি ধৰ্মীয় আৰু সাংস্কৃতিক পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তুলিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে নিজাববীয়াকৈ লোৱা প্ৰচেষ্টাক বৃহত্তৰ বটদ্ৰৱাবাসী ৰাইজে শলাগ লোৱাৰ লগতে মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশ প্ৰকৃতাৰ্থত কাৰ্যকৰী কৰাৰ দিশত চৰকাৰী বিষয়াসকলে কেনে ভূমিকা পালন কৰে সেয়া সময়তহে দেখা যাব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উদ্যোগত অনুষ্ঠিত বিশেষ সভাখনত মন্ত্ৰীদ্বয় কেশৱ মহন্ত, নৱ কুমাৰ দলে, বিধায়ক ক্ৰমে আঙুৰলতা ডেকা, ৰূপক শৰ্মা, ডিম্বেশ্বৰ দাস, নগাঁও জিলা উপায়ুক্ত বিশ্বজিৎ পেগুসহ কেইবাজনো শীৰ্ষ পৰ্যায়ৰ বিষয়া উপস্থিত আছিল। এই অভিলাষী প্ৰকল্পৰ কাম শীঘ্ৰে আৰম্ভ হ’ব বুলি বৃহত্তৰ বটদ্ৰৱাবাসী ৰাইজে অতি আগ্ৰহেৰে বাট চাই ৰৈছে।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd