• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পাঁচশ কোটিটকীয়া বীমা কেলেংকাৰি : বৰপেটাত পুনৰ এজন চিকিৎসকক গ্ৰেপ্তাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 29, 2018 11:54 am
iStock-handcuff_611631070 (500 x 334)

প্ৰতিনিধিত্বমূলক ফটো

222
VIEWS
Share on FacebookShare on Twitter

মৃত ব্যক্তিৰ নামত সংঘটিত পাঁচশ কোটিটকীয়া বীমা কেলেংকাৰি সন্দৰ্ভত কেইবাজনো লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰাৰ পাছত শুকুৰবাৰে পুনৰ এজন চিকিৎসকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চৰকাৰী চিকিৎসকজনৰ নাম ডাঃ নুৰুল ইছলাম। ডাঃ নুৰুল ইছলাম বৰপেটাৰ বাঘবৰৰ মন্দিয়া আদৰ্শ চিকিৎসালয়ৰ চিকিৎসক।

জিতুল ডেকা নামৰ ব্যক্তি এজনে উচ্চ ন্যায়ালয়ত দাখিল কৰা এক ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ ভিত্তিত ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে যোৱা ২০ ছেপ্টেম্বৰত কেইবাজনো লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোককেইজন আছিল বৰপেটা ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক ছহিদুল ইছলাম, মফিদা বেগম, দালাল ইছমাইল হুছেইন আৰু এক্কাবৰ আলী। আদালতে এই চাৰিওজনক সাতদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছিল।

আনহাতে, ২১ ছেপ্টেম্বৰত আৰক্ষীয়ে এই সন্দৰ্ভত ভৱানীপুৰ চিকিৎসালয়ৰ এজন কৰ্মী আজিজুল হকক গ্ৰেপ্তাৰ কৰিছিল।

এই সমগ্ৰ ঘটনাটোক লৈ প্ৰতিক্ৰিয়া অব্যাহত থকা সময়তে শুকুৰবাৰে পুনৰ এজন চৰকাৰী চিকিৎসকক আৰক্ষীয়ে পাঁচশ কোটিটকীয়া বীমা কেলেংকাৰিৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰাৰ পিছত কেলেংকাৰিটোৰ তদন্তই নতুন গতি লাভ কৰিছে।

জানিব পৰা মতে  আন্নাছ আলী নামৰ গাঁওবুঢ়া এজনকো আৰক্ষীয়ে সোধা-পোছাৰ বাবে থানালৈ মাতি নিয়ে। বৰপেটাৰ আৰক্ষী অধীক্ষক ভায়োলেট বৰুৱাই প্ৰকাশ কৰা মতে এই কেলেংকাৰিৰ সৈতে বহু চৰকাৰী বিষয়া-কৰ্মচাৰীৰ লগতে গাওঁবুঢ়া, আশাকৰ্মী আদি জড়িত হৈ আছে।

আনহাতে, পূৰ্বে  গ্ৰেপ্তাৰ কৰা চিকিৎসক ছহিদুল ইছলামক আদালতে পুনৰ দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে। সেইদৰে শুকুৰবাৰে গ্ৰেপ্তাৰ কৰা চিকিৎসক নৰুল ইছলামকো আদালতে তিনিদিনৰ বাবে বৰপেটা আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে।

মৃত ব্যক্তিৰ নামত সংঘটিত পাঁচশ কোটিটকীয়া বীমা কেলেংকাৰিৰ তদন্তৰ বাবে পাঁচজনীয়া চি আই ডিৰ দল এটা ইতিমধ্যে বৰপেটাত উপস্থিত হৈছে বুলি জানিব পৰা গৈছে।

Recent News

ট্ৰেজিক হিৰো! অথলে গ’ল জাদেজাৰ যুঁজ; ২২ ৰানত পৰাস্ত ভাৰত, শৃংখলাত আগবাঢ়িল ইংলেণ্ড

ট্ৰেজিক হিৰো! অথলে গ’ল জাদেজাৰ যুঁজ; ২২ ৰানত পৰাস্ত ভাৰত, শৃংখলাত আগবাঢ়িল ইংলেণ্ড

ভ্ৰমণ প্ৰিয় এটা বান্দৰ! বান্দৰৰ ভ্ৰমণ কাহিনীয়ে খলকনি তুলিছে সামাজিক মাধ্যমত

ভ্ৰমণ প্ৰিয় এটা বান্দৰ! বান্দৰৰ ভ্ৰমণ কাহিনীয়ে খলকনি তুলিছে সামাজিক মাধ্যমত

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd