মৃত ব্যক্তিৰ নামত সংঘটিত পাঁচশ কোটিটকীয়া বীমা কেলেংকাৰি সন্দৰ্ভত কেইবাজনো লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰাৰ পাছত শুকুৰবাৰে পুনৰ এজন চিকিৎসকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চৰকাৰী চিকিৎসকজনৰ নাম ডাঃ নুৰুল ইছলাম। ডাঃ নুৰুল ইছলাম বৰপেটাৰ বাঘবৰৰ মন্দিয়া আদৰ্শ চিকিৎসালয়ৰ চিকিৎসক।
জিতুল ডেকা নামৰ ব্যক্তি এজনে উচ্চ ন্যায়ালয়ত দাখিল কৰা এক ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ ভিত্তিত ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে যোৱা ২০ ছেপ্টেম্বৰত কেইবাজনো লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোককেইজন আছিল বৰপেটা ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক ছহিদুল ইছলাম, মফিদা বেগম, দালাল ইছমাইল হুছেইন আৰু এক্কাবৰ আলী। আদালতে এই চাৰিওজনক সাতদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছিল।
আনহাতে, ২১ ছেপ্টেম্বৰত আৰক্ষীয়ে এই সন্দৰ্ভত ভৱানীপুৰ চিকিৎসালয়ৰ এজন কৰ্মী আজিজুল হকক গ্ৰেপ্তাৰ কৰিছিল।
এই সমগ্ৰ ঘটনাটোক লৈ প্ৰতিক্ৰিয়া অব্যাহত থকা সময়তে শুকুৰবাৰে পুনৰ এজন চৰকাৰী চিকিৎসকক আৰক্ষীয়ে পাঁচশ কোটিটকীয়া বীমা কেলেংকাৰিৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰাৰ পিছত কেলেংকাৰিটোৰ তদন্তই নতুন গতি লাভ কৰিছে।
জানিব পৰা মতে আন্নাছ আলী নামৰ গাঁওবুঢ়া এজনকো আৰক্ষীয়ে সোধা-পোছাৰ বাবে থানালৈ মাতি নিয়ে। বৰপেটাৰ আৰক্ষী অধীক্ষক ভায়োলেট বৰুৱাই প্ৰকাশ কৰা মতে এই কেলেংকাৰিৰ সৈতে বহু চৰকাৰী বিষয়া-কৰ্মচাৰীৰ লগতে গাওঁবুঢ়া, আশাকৰ্মী আদি জড়িত হৈ আছে।
আনহাতে, পূৰ্বে গ্ৰেপ্তাৰ কৰা চিকিৎসক ছহিদুল ইছলামক আদালতে পুনৰ দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে। সেইদৰে শুকুৰবাৰে গ্ৰেপ্তাৰ কৰা চিকিৎসক নৰুল ইছলামকো আদালতে তিনিদিনৰ বাবে বৰপেটা আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে।
মৃত ব্যক্তিৰ নামত সংঘটিত পাঁচশ কোটিটকীয়া বীমা কেলেংকাৰিৰ তদন্তৰ বাবে পাঁচজনীয়া চি আই ডিৰ দল এটা ইতিমধ্যে বৰপেটাত উপস্থিত হৈছে বুলি জানিব পৰা গৈছে।