• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চতুৰ্থ এছিয়ান পেনকেক চিলেট চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদকেৰে জিলিকিল অসমৰ পম্পী-মানবী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 4, 2018 7:58 pm
Pampi and Manabi
1.3k
VIEWS
Share on FacebookShare on Twitter

পুনৰবাৰ এছিয়া ভিত্তিত জিলিকি উঠিল অসমৰ দুই কন্যা পম্পী দেউৰী(১৯) আৰু মানবী হাজং(১৮)। উল্লেখ্য যে, যোৱা ১ অক্টোবৰৰ পৰা ৩ অক্টোবৰলৈকে শ্ৰীনগৰৰ শ্বেৰ-আই-ইনডৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা চতুৰ্থ পেনকেক চেম্পিয়নশ্বিপত পম্পী আৰু মানবীয়ে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

দুয়োগৰাকীয়ে বুধবাৰে অনুষ্ঠিত হোৱা চিলেট পেনকেক চেমি ফাইনেলত পৰাজিত হয় যদিও ব্ৰঞ্জৰ পদক লাভ কৰি অসম তথা ভাৰতলৈ গৌৰব কঢ়িয়াই আনিছে।

আনহাতে, পম্পী দেউৰীয়ে ৫০-৫৫ কেজি শাখাত আৰু মানবীয়ে ৫৫-৬০ কেজি শাখাত অংশগ্ৰহণ কৰিছিল বুলি জানিব পৰা গৈছে। তদুপৰি চেমি ফাইনেলত পম্পী চিংগাপুৰৰ বিনটে জুলকিফ্লি আৰু মানবী ইন্দোনেচিয়াৰ দেলা কুসুমাৱতীৰ হাতত পৰাজিত হৈ থমক ৰ’বলগীয়া হ’ল।

উল্লেখ্য যে, পম্পী দেউৰীয়ে জাকাৰ্টাত অনুষ্ঠিত হোৱা এছিয়ান গেমছত খেলাৰ সুযোগ থকাৰ পাছতো ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনৰ অনুমতি নোপোৱা বাবে থমকি ৰ’বলগীয়া হৈছিল।

আনহাতে, পম্পী দেউৰীয়ে পূৰ্বে ২০১৫ চনত জুনিয়ৰ পেনকেক চিলেট ফেডাৰেশ্যনৰ উদ্যোগত অনুষ্ঠিত নেশ্যনেল চেম্পিয়নশ্বিপত সোণৰ পদক, ২০১৬ চনত বিহাৰৰ ৰাষ্ট্ৰীয় পেনকেক চেম্পিয়নশ্বিপত ৰূপৰ পদক, ২০১৭ চনত মহাৰাষ্ট্ৰত অনুষ্ঠিত দ্বিতীয় জুনিয়ৰ পেনকেক ফেডাৰেশ্যন কাপত সোণৰ পদকৰ লগতে অন্য বিভিন্ন ঠাইত পদক লাভ কৰিছিল। তদুপৰি,শেহতীয়াকৈ পঞ্জাৱত অনুষ্ঠিত হোৱা নেচেনেল বিচ পেনকেক চিলেট চেম্পিয়নশ্বিপ ২০১৮’ত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল।

ইয়াৰোপৰি উত্তৰ পূবৰ বহুকেইগৰাকী খেলুৱৈয়ে উক্ত প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰি পদক দখলেৰে উত্তৰ-পূবলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। তেওঁলোক হ’ল ক্ৰমে –মণিপুৰৰ হুইদ্ৰন বি মিটেই(সোণৰ পক), টি জনচন মিটেই(সোণ), এ. চৰজুৱালা(ব্ৰঞ্জ) আৰু ত্ৰিপুৰাৰ এন. চক্ৰৱৰ্তী(ব্ৰঞ্জ)

উল্লেখযোগ্য যে, ছিংগাপুৰ, ইন্দোনেছিয়া, ভিয়েটনাম, কোৰিয়া, চীন, বাংলাদেশ, ভাৰতকে ধৰি ১০ খন দেশৰ ২৫০ গৰাকী খেলুৱৈয়ে উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল।

পম্পী লখিমপুৰৰ কুণ্ডিলনগৰৰ বৈদ্যনাথ দেউৰীৰ কন্যা আৰু মানবী গোৱালপাৰাৰ দক্ষিণ কদমতলাৰ শশীন্দ্ৰ হাজং আৰু ৰঞ্জিতা হাজঙৰ কন্যা।

Recent News

বিশিষ্ট লেখকৰ অশিষ্ট আচৰণ! মহিলাক অকথ্য ভাষাৰে অপমান কৰি আৰক্ষীৰ আলহী হ’ল ইছমাইল হুছেইন

বিশিষ্ট লেখকৰ অশিষ্ট আচৰণ! মহিলাক অকথ্য ভাষাৰে অপমান কৰি আৰক্ষীৰ আলহী হ’ল ইছমাইল হুছেইন

সেনাক অপমান মধ্যপ্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী জগদীশ দেৱদাৰ

সেনাক অপমান মধ্যপ্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী জগদীশ দেৱদাৰ

ন্যায়াধীশ বেলা ত্ৰিবেদীৰ অৱসৰগ্ৰহণ, বিদায় অনুষ্ঠান আয়োজন কৰাৰ পৰা বিৰত থাকিল ছুপ্ৰীম কোৰ্ট বাৰ এছ’চিয়েশ্যন

ন্যায়াধীশ বেলা ত্ৰিবেদীৰ অৱসৰগ্ৰহণ, বিদায় অনুষ্ঠান আয়োজন কৰাৰ পৰা বিৰত থাকিল ছুপ্ৰীম কোৰ্ট বাৰ এছ’চিয়েশ্যন

মিত্ৰতা এতিয়া মৃত! বিৰোধীৰ ‘ইণ্ডিয়া’ ঐক্যৰ কোনো ভৱিষ্যত নাই : বিস্ফোৰক মন্তব্য পি চিদাম্বৰমৰ

মিত্ৰতা এতিয়া মৃত! বিৰোধীৰ ‘ইণ্ডিয়া’ ঐক্যৰ কোনো ভৱিষ্যত নাই : বিস্ফোৰক মন্তব্য পি চিদাম্বৰমৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd