ভাৰতীয় জনতা পাৰ্টী চমুকৈ বিজেপিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ বাবে উঠি পৰি লগা কাৰ্যৰ বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে আজি শিৱসাগৰত এই প্ৰসংগত বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰিল অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত।
শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিত অনুষ্ঠিত হোৱা অগপৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসত অংশ গ্ৰহণৰ বাবে অহা দলটোৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তই আজি শিৱসাগৰত আয়োজিত এখন সংবাদ মেলত কয় যে নাগৰিকত্ব বিধেয়ক প্ৰসংগত অগপৰ স্থিতি স্পষ্ট। অসম চুক্তি উলংঘা কৰা কোনো কাৰ্যত অগপই কেতিয়াও সমৰ্থন নজনায়। নাগৰিকত্ব বিধেয়কৰ দৰে জাতিধ্বংসী বিলৰ বিৰুদ্ধে অগপই ধাৰাবাহিক প্ৰতিবাদ অব্যাহত ৰাখিব। নাগৰিকত্ব সংশোধনী বিধেয়কখনে অসমৰ জাতীয় স্বাভিমান, কৃষ্টি, সংস্কৃতি, ভাষা সম্পূৰ্ণৰূপে ধবংস কৰি দিব।
সংবাদ মেলত মহন্তই ইটোৰ পাছত সিটো মন্তব্যৰে মিত্ৰ দল বিজেপিৰ বিৰুদ্ধে অসন্তুষ্টি প্ৰকাশ কৰি কয় যে বিজেপিয়ে এই বিল সংসদত অনুমোদন জনালেও অগপ দলে অসমবাসীক লগত লৈ ইয়াৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ সাব্যস্ত কৰি যাব আৰু বাস্তৱত ইয়াক কেতিয়াও ৰূপায়িত হ’ব নিদিয়ে।
ইয়াৰ উপৰি মহন্তই আগন্তুক পঞ্চায়ত নিৰ্বাচনত অগপই অকলেই প্ৰতিদ্বন্দ্বিতা কৰিব। কোনো পধ্যেই অগপই বিজেপিৰ সৈতে পঞ্চায়তত মিত্ৰতা নকৰে। অসমৰ জাতীয়তাবাদী ভাৱাপন্ন দল-সংগঠন আৰু অসমৰ ৰাইজক লৈ অগপই অকলেই প্ৰতিদ্বন্দ্বিতাত নামিব বুলি মন্তব্য কৰে।
আনহাতে শনিবাৰে গুৱাহাটীত সংঘটিত বোমা বিস্ফোৰণ সন্দৰ্ভতো মহন্তই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। সাংবাদিকে সোধা প্ৰশ্ন উত্তৰত মহন্তই এয়া ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে। ধুবুৰীৰ পৰা শদিয়ালৈ বৰাক, ব্ৰহ্মপুত্ৰৰ দুয়োটা পাৰে এতিয়া কেৱল অনুন্নয়ণৰ ছবিহে ভাঁহি উঠিছে। কৰ্ম সংস্থাপনহীন হৈ লাখ লাখ নিবনুৱা হতাশগ্ৰস্ত হৈ পৰিছে। নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি বৰ্তমানৰ চৰকাৰখনে জাতি-মাটি, ভেটিৰ সুৰক্ষা, পৰ্যাপ্ত নিৰাপত্তা আৰু কৰ্মসংস্থাপনৰ ক্ষেত্ৰত বাৰুকৈয়ে বিফল হোৱাৰ বাবে পঞ্জীভূত ক্ষোভে এনে জটিল ৰূপ ধাৰণ কৰিছে বুলি মহন্তই মন্তব্য কৰে।