• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

একাঁজলি শ্ৰদ্ধাঞ্জলি: দৰদী কণ্ঠশিল্পী জয়ন্ত হাজৰিকাৰ আজি স্মৃতি দিৱস

এন ই নাও নিউজ by এন ই নাও নিউজ
October 15, 2018 2:07 pm
DphY_W-UcAAUMUk
16
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ সংগীত জগতৰ এটি উজ্বল নক্ষত্ৰ, অকালতে জীৱন হেৰুওৱা দৰদী কণ্ঠশিল্পী জয়ন্ত হাজৰিকাৰ মৃত্যু তিথিত সোমবাৰে সমগ্ৰ অসমবাসীয়ে শিল্পীগৰাকীক শ্ৰদ্ধাৰে সুঁৱৰিছে।

সংগীত সূৰ্য ভূপেন হাজৰিকাৰ কনিষ্ঠ ভাতৃ জয়ন্ত হাজৰিকা সকলোৰে বাবে ‘ৰাণা দা’ হিচাপে পৰিচিত হৈ পৰিছিল। ১৯৭৭ চনৰ ১৫ অক্টোবৰত ‘নতুন আশা’ বোলছবিৰ গীত বাণীবদ্ধ কৰিবলৈ যাওঁতে কলিকতাত জয়ন্ত হাজৰিকাৰ অকাল মৃত্যু ঘটে।

Apply Now

১৯৪৩ চনৰ ২০ ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰা জয়ন্ত হাজৰিকাই  কিংবদন্তি শিল্পী জ্যেষ্ঠ ভাতৃ ভূপেন হাজৰিকাৰ লগত সংগীতৰ জীৱন আৰম্ভ কৰি পিছলৈ এগৰাকী কণ্ঠশিল্পী তথা সংগীতজ্ঞ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছিল।

উল্লেখযোগ্য যে জয়ন্ত হাজৰিকাই ৯ বছৰ বয়সত প্ৰথম এটি গীতত সুৰ দিছিল। সেই গীতটো লিখিছিল তেওঁৰ আন এজন ককায়েক নৃপেন হাজৰিকাই।

জয়ন্ত হাজৰিকাই প্ৰথম পাশ্চাত্য সংগীতৰ বিভিন্ন ধাৰা যেনে ৰ’ক এণ্ড ৰ’ল, জাজ আৰু পাশ্চাত্য ধ্ৰুপদী সংগীতক পৰম্পৰাগত অসমীয়া মেল’ডি সংগীতৰ সৈতে সংমিশ্ৰণ কৰি অসমীয়া সংগীতত এক নতুন জোৱাৰৰ সৃষ্টি কৰিছিল।

তেওঁৰ সংগীত ব্যৱস্থাপনাত ৰাণা দাই কেইবাবিধো পাশ্চাত্যৰ বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰি এইক্ষেত্ৰত বাটকটীয়া হৈ পৰিছিল। মাত্ৰ ৩৪ বছৰীয়া চমু জীৱনকালত তেওঁ বহু যুগান্তাকাৰী গীত সৃষ্টি কৰিছিল যিবোৰৰ আজিও অসমত ব্যাপক জনপ্ৰিয়তা আছে।

জয়ন্ত হাজৰিকাই জ্যেষ্ঠ ভাতৃ ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰা ‘মনিৰাম দেৱান’ত সহকাৰী হিচাপে তেওঁৰ সংগীতৰ যাত্ৰা আৰম্ভ কৰিছিল। তাৰ পিছত তেওঁ কেইবাখনো চলচ্চিত্ৰত সংগীত পৰিচালনা কৰাৰ লগতে গীতত কণ্ঠও দিছিল।

ৰাণা দা কেইবাবিধো বাদ্যযন্ত্ৰ ব্যৱহাৰত সিদ্ধহস্ত আছিল। তেওঁ নিজেই গীটাৰ, ডোমৰা, মেণ্ডলিন, একৰডিয়ান, তবলা আৰু হাৰমনিকা বজাইছিল। তেওঁ বিশ্বৰ আন প্ৰান্তৰ পৰাও বিভিন্ন পৰম্পৰাগত সংগীতৰ বাদ্যযন্ত্ৰ সংগ্ৰহ কৰিছিল।

১৯৭৭ চনত জয়ন্ত হাজৰিকাই ‘সুৰ বাহিনী’ নামৰ এটা অনন্য সংগঠনৰ জন্ম দিছিল। গোলাঘাটৰ ৰাইজৰ সহযোগত অসমৰ বানাক্ৰান্ত লোকক সহায় কৰাৰ উদ্দেশ্যেৰে ইয়াৰ জন্ম হৈছিল।

এই বাহিনীটোৱে পথত গান গাই ৰাইজৰ পৰা বৰঙণি তুলি পিছত সেয়া দান কৰিছিল। জয়ন্ত হাজৰিকাৰ নেতৃত্বত গঠন হোৱা সুৰ বাহিনীত বহু কণ্ঠশিল্পীয়ে যোগদান কৰিছিল আৰু ই এক গণ আন্দোলনৰ ৰূপ লৈছিল।

আজি তেওঁৰ মৃত্যু তিথিত গোটেই অসমতে শিল্লীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। শিল্পীগৰাকীৰ মৃত্যু তিথিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও শ্ৰদ্ধাঞ্জলি জনাইছে। টুইটাৰ যোগে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে ‘’তেওঁৰ অমৰ সৃষ্টিসমূহে চিৰকাল আমাৰ অন্তৰত দোলা দি থাকিব।‘’

আনহাতে, বহু কণ্ঠশিল্পী, সংগীতজ্ঞ তথা সংগীত পৰিচালক সোমবাৰে বিভিন্ন কাৰ্যসূচীত সমবেত হৈ অসমৰ চিৰকালৰ মহান সংগীতজ্ঞগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

September 14, 2026 11:15 am
পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

September 14, 2026 10:41 am
পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

September 14, 2026 9:46 am
ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

September 14, 2026 9:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

September 14, 2026 11:15 am
পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

September 14, 2026 10:41 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd