• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বাঙালী সংগঠন নালাগে বিজেপি চৰকাৰেও পাতিব নোৱাৰিব সমাৱেশ, বজ্ৰ ঘোষণা জিতেন দত্তৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 18, 2018 6:49 pm
jiten dutta ulfa assam

জিতেন দত্ত। ছবি- ফে’চবুকৰ।

2.1k
VIEWS
Share on FacebookShare on Twitter

অসমৰ খিলঞ্জীয়া সংগঠনৰ সৰ্বাত্মক বিৰোধিতা আওকাণ কৰি নাগৰিকত্ব বিধেয়কৰ সপক্ষে শেহতীয়াকৈ বিজেপিৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহকৰ সিদ্ধান্তৰ পিছতে সমাৱেশ পাতিবলৈ তৎপৰ হৈ উঠা বাঙালী সংগঠনসমূহৰ উদ্যোগত হেঙাৰ হৈ থিয় দিয়াৰ অংগীকাৰ কৰিছে আলফা নেতা জিতেন দত্তই।

নৰ্থ ইষ্ট নাও-ত বৃহস্পতিবাৰে এই বজ্ৰ সংকল্প ঘোষণা কৰিছে আলফা নেতা দত্তই।

“মই অসমত তেওঁলোকক কোনোধৰণৰ সমাৱেশ পাতিবলৈ নিদিওঁ। যিয়ে যি উদ্দেশ্য লৈ আছে মোৰ দৰকাৰ নাই, প্ৰথম কথা মই এই ব্ৰহ্মপুত্ৰ উপত্যকাত হিন্দু বাংলাদেশীৰ সমৰ্থনত কোনো দল-সংগঠনকে ধৰি আনকি চৰকাৰকো গণ সমাৱেশ অনুষ্ঠিত কৰিবলৈ নিদিওঁ,’‘ স্পষ্ট ভাষাৰে এই মন্তব্য আলফা নেতাজনৰ।

অসমৰ ২৭টা বাঙালী সংগঠনৰ উমৈহতীয়া মঞ্চ বুলি দাবী কৰি অহা চি আৰ পি এফ (Citizens’ Rights Protection Forum) নামৰ মঞ্চটোৱে আগবঢ়োৱা আলোচনাৰ প্ৰস্তাৱো পোনপটীয়াকৈ নাকচ কৰিছে দত্তই।

“হিন্দু বাংলাদেশীৰ পক্ষত থকা কোনো সংগঠনৰ সৈতে কোনো আলোচনা নহয়,” আলোচনাৰ বাবে কোনেও “যোগাযোগ” কৰা নাই বুলি স্পষ্ট কৰি এই কথা জনালে আলফা নেতাজনে।

বিধেয়কখনক লৈ অসমৰ দল-সংগঠনৰ ভুল ধাৰণা হৈছে বুলি দাবী কৰি যোৱা ১৫ অক্তোবৰত বাঙালী সংগঠনৰ মঞ্চটোৱে সংবাদমেলযোগে আলোচনাৰ প্ৰস্তাৱ আগবঢ়াইছিল। তাৎপৰ্য্যপূৰ্ণভাৱে সেই সংবাদমেলৰ দুদিন পূৰ্বে মঞ্চটোক “সাৱধান” কৰি দিবলৈ গুৱাহাটীৰ পাণবজাৰত এক বোমা বিস্ফোৰণ কৰিছিল আলফা (স্বাঃ)এ।

বাঙালী সমাৱেশক “মৈত্ৰী সন্মিলন’’লৈ নাম পৰিৱৰ্তন কৰিলেও লাভ নাই বুলি মন্তব্য কৰি দত্তই লগতে কয়, ‘‘তেওঁলোকৰ ইয়াত কোনো অনুষ্ঠান পতাৰ অধিকাৰ নাই। অসমৰ ৰাইজে নিজৰ চিন্তা নিজে কৰিব। কোনোবা হিন্দু বাংলাদেশী সমৰ্থকে আমাৰ জাতিটোৰ কথা চিন্তা কৰাৰ প্ৰয়োজন নাই।‘’

জিতেন দত্তৰ এই সকীয়নিৰ পূৰ্বে অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়েও ১৭ নৱেম্বৰত বাঙালী সংগঠনসমূহে আহ্বান কৰা সমাৱেশে “সংঘাত”ৰ সৃষ্টি কৰিব বুলি মন্তব্য কৰি ইয়াৰ বাবে অনুমতি নিদিবলৈ সোণোৱাল চৰকাৰক আহ্বান জনাইছিল।

তাৰোপৰি ৰাজকুমাৰ বৈশ্য নেতৃত্বাধীন জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতি আৰু অসম সংগ্ৰামী মঞ্চয়ো এই সমাৱেশত বাধা দিয়াৰ হুংকাৰ দিছিল।

Recent News

পত্নীৰ এইবোৰ স্বভাৱে স্বামীৰ জীৱনক নৰক কৰি তুলিব পাৰে, কৈছে চাণক্যই

পত্নীৰ এইবোৰ স্বভাৱে স্বামীৰ জীৱনক নৰক কৰি তুলিব পাৰে, কৈছে চাণক্যই

মগজুৰ বাবে ক্ষতিকাৰক এই ৬ টা খাদ্যৰ বিষয়ে জানি থওক আজিয়েই…

মগজুৰ বাবে ক্ষতিকাৰক এই ৬ টা খাদ্যৰ বিষয়ে জানি থওক আজিয়েই…

ৰাতিপুৱা বিটৰ ৰস খালে কি হয়? পঢ়ক এই প্ৰতিবেদন…

ৰাতিপুৱা বিটৰ ৰস খালে কি হয়? পঢ়ক এই প্ৰতিবেদন…

গোৱালপাৰাৰ কৃষ্ণাইৰ বল্লাত কৰুণ ঘটনা; পুখুৰীত পৰি তিনি কণমানি ভগ্নীৰ মৃত্যু

গোৱালপাৰাৰ কৃষ্ণাইৰ বল্লাত কৰুণ ঘটনা; পুখুৰীত পৰি তিনি কণমানি ভগ্নীৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd