• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হঠাতে দিয়া চৰকাৰী নিৰ্দেশনাই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে চলিত গুৱাহাটী গ্ৰন্থমেলাত

এন ই নাও নিউজ by এন ই নাও নিউজ
December 31, 2017 3:29 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হঠাতে দিয়া চৰকাৰী নিৰ্দেশনাই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে চলিত ৩১ সংখ্যক গুৱাহাটী গ্ৰন্থমেলাত। শদিয়াৰ পৰা ধুবুৰীলৈকে ৰাজ্যৰ প্ৰতিখন মহাবিদ্যালয়ক চলিত ৩১ সংখ্যক গুৱাহাটী গ্ৰন্থমেলাৰ পৰাই ২ লাখকৈ টকাৰ কিতাপ কিনিবলৈ উচ্চ শিক্ষা বিভাগে দিয়া নিৰ্দেশনাই সৃষ্টি কৰিছে এক আহুকলীয়া পৰিস্থিতিৰ। এফালে প্ৰান্তীয় অঞ্চলবোৰৰ মহাবিদ্যালয়বোৰৰ বাবে গুৱাহাটীৰ দূৰত্বই সমস্যাৰ সৃষ্টি কৰিছে। আনফালে সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ অসহযোগৰ ফলত গ্ৰন্থমেলাত বিপণি কম হোৱাৰ লগতে প্ৰয়োজনীয় সংখ্যক তথা কলেজৰ লাইব্ৰেৰিৰ বাবে উপযুক্ত গ্ৰন্থৰ অভাৱ দেখা গৈছে। গতিকে এই চৰকাৰী নিৰ্দেশনাৰ ধামখুমীয়াত পৰি কলেজৰ শিক্ষক-লাইব্ৰেৰিয়ানৰ হাহাকাৰ অৱস্থা হৈছে।

উল্লেখযোগ্য যে গ্ৰন্থমেলাখনৰ আৰম্ভণি বা তাৰ আগলৈকে এই ধৰণৰ কোনো ঘোষণা উচ্চ শিক্ষা বিভাগে কৰা নাছিল। গতিকে মহাবিদ্যালয়বোৰ ইয়াৰ বাবে সাজু নাছিল আৰু লগতে গ্ৰন্থমেলাত অংশগ্ৰহণ কৰা বিপণিবোৰো সাজু নাছিল। কিন্তু মূলতঃ গ্ৰন্থমেলাখনক ফ্লপ শ্ব’ হোৱাৰ পৰা ৰক্ষা কৰিবলৈ আৰু লগতে অসহযোগকাৰী সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ ব্যৱসায়ীসকলক এক অভাৱনীয় অনুশোচনাত ভোগোৱাৰ মতলবেৰে ড০ হিমন্ত বিশ্ব শৰ্মাৰ কৌশলত উচ্চ শিক্ষা বিভাগে এই চমৎকাৰী নিৰ্দেশনাটো ততাতৈয়াকৈ দিয়ে। কিন্তু এই নিৰ্দেশনাই এতিয়া স্বয়ং কলেজৰ শিক্ষক-লাইব্ৰেৰিয়ানকে জীয়াতু ভোগাইছে। কাৰণটো হ’ল প্ৰায়বোৰ প্ৰকাশক আৰু বিক্ৰেতাৰ অসহযোগৰ ফলত গ্ৰন্থমেলাত নাই পৰ্য্যাপ্ত আৰু উপযুক্ত কিতাপ। এজন কলেজ শিক্ষকে অভিযোগ কৰা মতে যিবোৰ কিতাপ তেওঁলোকে পাইছে তাৰ সকলোবোৰ কলেজৰ লাইব্ৰেৰিৰ কাৰণে উপযুক্ত নহয়। কিন্তু তেওঁলোকে এতিয়া কম উপযুক্ত কিতাপকে কিনিবলৈ বাধ্য হৈছে।

আন এজন কলেজ শিক্ষকে কয় যে ২ লাখকৈ টকাৰ কিতাপ কিনিবলৈ নিৰ্দেশ দিয়াটো ভাল হৈছে। কিন্তু গুৱাহাটীৰ গ্ৰন্থমেলাৰ পৰাই কিনিব লাগিব বুলি কোৱাটোৱে বহুতকে অসুবিধাত পেলাইছে। কাৰণ শদিয়া বা ধুবুৰীৰ কলেজ এখনে ইমান দূৰৰ পৰা আহি মাত্ৰ দুই-চাৰিদিনৰ ভিতৰত এই কামটো কৰাত যথেষ্ট অসুবিধা আছে।

আনহাতে নাম প্ৰকাশত অনিচ্ছুক এজন গ্ৰন্থ বিক্ৰেতাই অভিযোগ কৰে যে কলেজৰ পৰা কিতাপ কিনিবলৈ অহা কিছু সংখ্যক লাইব্ৰেৰিয়ান তথা কলেজ শিক্ষকে তেওঁলোকৰ পৰা কমিছনো বিচাৰিছে। বহুতো দোকানীয়ে নিজৰ বিক্ৰী বঢ়োৱাৰ স্বাৰ্থত এনেকুৱা বুজাবুজি কৰিবলৈ বাধ্য হৈছে।

উল্লেখযোগ্য যে চৰকাৰী নিৰ্দেশনাৰ এই ধামখুমীয়াত এতিয়া কিতাপৰ বিপণিবোৰৰ ভিতৰত থিয় হ’বলৈও ঠাই নোহোৱাৰ দৰে। তাৰোপৰি কিতাপৰ টোপোলা বন্ধাৰ কাম, কিতাপ নিৰ্বাচনৰ কাম, বিল বনোৱাৰ কাম –এই সকলো মিলি এক বিশৃংখলাৰ পৰিৱেশ সৃষ্টি হৈছে গ্ৰন্থ বিপণিবোৰৰ সন্মুখত।

কোৱা প্ৰয়োজন যে এই নিৰ্দেশনাৰ সুবাদত প্ৰথমৰ শাৰীৰ ডাঙৰ আকাৰৰ executive stall বোৰত দৈনিক ৪ ৰ পৰা ৬ লাখ টকালৈকে বিক্ৰী হোৱাৰ বিপৰীতে পিছৰফালে পৰা সৰু ষ্টলবোৰত গ্ৰাহকৰ অভাৱ। পিছৰ শাৰীৰ ষ্টলবোৰে লোকচানৰ শংকাত ভোগা দেখা গৈছে। অৰ্থাৎ মহাবিদ্যালয়ৰ পৰা কিতাপ কিনিবলৈ অহাসকলৰ বাদে আন গ্ৰাহকৰ উপস্থিতি তেনেই সেৰেঙা।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd