নিচুকীয়াৰ পেঙেৰীত বহুমুখী দক্ষতা বিকাশ কেন্দ্ৰৰ এটা ফ্লেগশ্বিপ প্ৰকল্প এটা আৰম্ভ কৰা হৈছে। উক্ত প্ৰকল্পটোৱে স্থানীয় বাসিন্দাসকলৰ মাজত যথেষ্ট জনপ্ৰিয়তা লাভ কৰাত সফল হৈছে।
ভাৰতীয় সেনা বাহিনীৰ উদ্যোগত আৰম্ভ কৰা এই প্ৰকল্পটো ২৪ অক্টোবৰ বুধবাৰে উন্মোচন কৰা হৈছে।
প্ৰধান মন্ত্ৰী কৌশল বিকাশ যোজনাৰ সৈতে সংগতি ৰাখি এই প্ৰকল্পটো আৰম্ভ কৰা হৈছে। এই প্ৰকল্পটোৰ উদ্দেশ্য হৈছে পেঙেৰীৰ স্থানীয় যুৱক-যুৱতীসকলৰ দক্ষতাৰ বিকাশ ঘটাই তেওঁলোকক জীৱিকাৰ নিৰাপত্তা নিশ্চিত কৰা। প্ৰকল্পটোত ইণ্ডিয়ানিয়াৰ্ছ মেডিয়া প্ৰাইভেট লি: (Indianeers Media Pvt Ltd) নামৰ অনুষ্ঠানটো প্ৰশিক্ষণ সহযোগী হিচাপে আছে।
পেঙেৰী কেন্দ্ৰটো ভাৰতীয় সেনা বাহিনীৰ ডাও ডিভিজনে পৃষ্ঠপোষকতা কৰিছে আৰু ই সেনা বাহিনীৰ প্ৰত্যক্ষ নীতি নিৰ্দেশনাত চলিব। বিগত কেইমাহ মান ধৰি সেনা বাহিনীয়ে প্ৰশিক্ষকৰ নিৰ্বাচন, শিক্ষাৰ্থীসকলক প্ৰকল্পটোত পঞ্জীয়নভুক্ত হ’বলৈ উদগনি দিয়া আৰু লাগতীয়াল আন্তঃগাঁথনি আৰু সা-সৰঞ্জাম সংগ্ৰহৰ ক্ষেত্ৰত ব্যস্ত আছিল।
ভাৰতীয় সেনাই আইএমপিএল আৰু আন্তঃগাঁথনি সহযোগীসকলৰ সৈতে নিৰবিচ্চিন্নভাৱে সম্পৰ্ক ৰক্ষা কৰি এই প্ৰকল্পটো বাস্তৱায়িত কৰিছে।
এই কেন্দ্ৰটোত যুৱক-যুৱতীসকলক চিলাই আৰু কম্পিউটাৰৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। প্ৰশিক্ষণ সমাপ্ত কৰাৰ পাছত প্ৰাৰ্থীসকলক দক্ষতাৰ ৰাষ্ট্ৰীয় প্ৰমাণপত্ৰ (National Certification for Skills) প্ৰদান কৰা হ’ব আৰু ইয়াৰ দ্বাৰা তেওঁলোকে ভাৰতৰ য’তে-ত’তে ভাল কৰ্ম সংস্থান লাভ কৰিবলৈ সক্ষম হ’ব।
আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে এই প্ৰকল্পটোৰ জড়িতে এগৰাকী ব্যক্তিয়ে এটা গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় পৰ্যায়ৰ যোগ্যতা লাভ কৰিব আৰু ইয়ে তেওঁলোকে নিজকে আৰু আলদৰে গঢ়ি তুলিব পাৰিব।
এই পৰ্যন্ত পেঙেৰী আৰু ইয়াৰ দাঁতি-কাষৰীয়া গাঁৱসমূহৰ পৰা প্ৰায় ১৫০গৰাকী ছাত্ৰ-ছাত্ৰীয়ে এই প্ৰকল্পটোত নামভৰ্তি কৰিছে। ১২০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ প্ৰথম চামটোৱে এটা তিনিমহীয়া চিলাই আৰু কম্পিউটাৰ প্ৰশিক্ষণ লাভ কৰিব। এই প্ৰকল্পটোৱে এই এলেকাটোত দক্ষতা বিকাশৰ ক্ষেত্ৰত এটা সমৰ্থন ব্যৱস্থা সৃষ্টি কৰি ভাৰতক বিশ্বৰ দক্ষতা ৰাজধানী হিচাপে গঢ়ি তোলাৰ সপোনত এটা অৱদান আগবঢ়াব।
ভাৰতীয় সেনা বাহিনীয়ে মাৰ্ঘেৰিটা, জাগুন, কাকপথাৰ, ডিগবৈ আৰু ফিল’পাৰীত এনেধৰণৰ দক্ষতা বিকাশ কেন্দ্ৰ স্থাপন কৰাৰ পৰিকল্পনা কৰিছে। এই কেন্দ্ৰসমূহত ৰচদ ব্যৱস্থাপনা (logistics management), চিলাই, এমব্ৰইডাৰী, বোৱা-কটা আৰু কম্পিউটাৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। দক্ষতা বিকাশ অভিযানটো বাস্তৱায়িত কৰাৰ বাবে স্থানীয় বাসিন্দাসকলে ভাৰতীয় সেনা বাহিনীক ধন্যবাদ জ্ঞাপন কৰে।