• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘আইন সকলোৰে বাবে সমান হোৱা উচিত’: পাণবজাৰ থানাত আলফা নেতা মৃণাল হাজৰিকা

মুকুট দাস by মুকুট দাস
October 28, 2018 7:38 pm
ULfa leader mrinal hazarika at panbazar police station guwahati

পাণবজাৰ আৰক্ষী থানাৰ বাহিৰত মৃণাল হাজৰিকা। ছবি- নৰ্থ ইষ্ট নাও।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“আইন সকলোৰে বাবে সমান হোৱা উচিত”, অসম আৰক্ষীৰ নিজাববীয়া (suo moto) গোচৰত পাণবজাৰ থানাত হাজিৰ হৈ দেওবাৰে এই মন্তব্য কৰিছে আলফা নেতা মৃণাল হাজৰিকাই।

‘বিতৰ্কিত আৰু উত্তেজনামূলক’ মন্তব্য কৰাৰ অভিযোগত তেওঁৰ বিৰুদ্ধে ৰুজু কৰাৰ দৰে বিজেপি বিধায়ক শিলাদিত্য দেবৰ বিৰুদ্ধেও আৰক্ষীয়ে কিয় গোচৰ তৰা নাই বুলি প্ৰশ্ন উত্থাপন কৰি সাংবাদিকৰ আগত এই মন্তব্য কৰিছে আলফা তথা খিলঞ্জীয়া মঞ্চৰ নেতাজনে।

Apply Now

“মোক মোৰ মন্তব্যৰ কাৰণে চমন জাৰি কৰিছিলে আৰু মই আজি ইয়াত হাজিৰ হৈছো। কিন্তু বহুবাৰ বিতৰ্কিত আৰু উত্তেজনামূলক মন্তব্য কৰাৰ পিছতো বিজেপি বিধায়ক শিলাদিত্য দেবৰ বিৰুদ্ধে আৰক্ষীয়ে কিয় একো গোচৰ ৰুজু কৰা নাই?” আইনৰ সমদৃষ্টি দাবী কৰি অসম আৰক্ষীক এই প্ৰশ্ন হাজৰিকাৰ।

‘বিতৰ্কিত’ মন্তব্যটো তেৱেঁই দিয়া বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰিছে আলফা নেতাজনে। কিন্তু মন্তব্যটো স্বীকাৰ কৰিলেও বিধেয়কখনক লৈ অসমবাসীয়ে ‘জটিল’ সময়ৰ মুখামুখি হ’ব লাগিব বুলিও মত প্ৰকাশ কৰিছে আলফা নেতাজনে।

“যোৱা ২৪ অক্টোবৰত মই সেই মন্তব্য কৰাটো সঁচা। কিন্তু এইটো কথা ক’বই লাগিব যে নাগৰিকত্ব বিধেয়কখন যদি সংসদে গৃহীত কৰে, তেন্তে ৰাজ্যবাসীয়ে জটিল সময়ৰ মুখামুখি হ’ব লগীয়া হ’ব,” এই মত হাজৰিকাৰ।

লগতে পঢ়ক– এইবাৰ আলফা নেতাৰ ‘খাটাং’ সকীয়নি বিজেপিৰ শিলাদিত্যক

বিজেপি বিধায়ক শিলাদিত্য দেবে আলফাৰ বিৰুদ্ধে কৰি অহা ধাৰাৱাহিক মন্তব্যবোৰ অগ্ৰাহ্য কৰি হাজৰিকাই কয়, “শিলাদিত্য এটা বাংলাদেশী আৰু এটা বাংলাদেশীয়ে আলফা আৰু অসমৰ ইতিহাস কেনেকৈ জানিব?”

ভাৰতীয় দণ্ডবিধিৰ ১২০ (বি), ২৯৫ (এ’) আৰু ৫০৬ ধাৰাত ২৭ অক্টোবৰত নিজাববীয়াকৈ তৰা গোচৰ (৭২৮/২০১৮)ত যোৱা দেওবাৰে হাজৰিকালৈ চমন জাৰি কৰিছিল পাণবজাৰ আৰক্ষীয়ে। হাজৰিকাই  যোৱা ২৪ অক্টোবৰত বিধায়ক শিলাদিত্য দেবক সকীয়নি দিয়াৰ লগতে সকলো খিলঞ্জীয়া সংগঠনে সৰ্বাত্মক বিৰোধ কৰা নাগৰিকত্ব বিধেয়ক সমৰ্থনকাৰী ৰাজ্যৰ বাঙালীসকলক ‘গণহত্যা’ৰ দৰে পৰিস্থিতিৰ হুংকাৰ দিছিল।

সোধ-পোচৰ পিছতে আৰক্ষীয়ে আলফা নেতাজনক যাবলৈ দিয়ে। আৰক্ষীয়ে জনোৱা মতে দৰকাৰ হ’লে পৰৱৰ্তী সময়ত তেওঁক পুনৰ সোধা-পোচাৰ বাবে মতা হ’ব।

সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত আলফাৰ প্ৰাসংগিকতা পুনৰ দোহাৰে ভাৰত চৰকাৰৰ সৈতে আলোচনাৰত নেতাজনে। “আলফা আছে বাবেহে অসমীয়া আৱেগটোক আজিলৈকে কোনো বহিৰাগতই জোকাবলৈ সাহ কৰিব পৰা নাই,” মন্তব্য আলফাৰ শক্তিশালী ২৮ নং বেটেলিয়নৰ কমাণ্ডেণ্টজনৰ।

মুকুট দাস

মুকুট দাস

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

September 10, 2026 6:02 pm
অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

September 10, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd