• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চি আৰ পি এফ-এৰ মিথ্যাচাৰ; ‘গণ সমাৱেশ’ পতা মঞ্চত নাই ২৬টা বাঙালী সংগঠন

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
October 30, 2018 9:22 pm
CRPF-A
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াভাৱে অসমৰ কেইবাটাও বাঙালী সংগঠনে গুৱাহাটী গণ সমাৱেশ অনুষ্ঠিত কৰাৰ বিষয় লৈ উত্তপ্ত হৈ আছে ৰাজ্যৰ পৰিস্থিতি। তেনে সময়তে এই সমাৱেশৰ বাবে যো-জা চলোৱা ২৬টা বাঙালী সংগঠনৰ উমৈহতীয়া মঞ্চ বুলি দাবী কৰা নাগৰিক অধিকাৰ সুৰক্ষা মঞ্চ, অসম চমুকৈ চি আৰ পি এফ-এৰ সাংগঠনিক স্থিতিক লৈ মিথ্যাচাৰ পোহৰলৈ আহিছে।

নিজকে ২৬টা বাঙালী সংগঠনৰ উমৈহতীয়া মঞ্চ বুলি পৰিচয় দিয়া চি আৰ পি এফ-এত প্ৰকৃততে নাই ২৬টা সংগঠন। চি আৰ পি এফ-এৰ নেতাৰ তথ্যতেই প্ৰকাশ পাইছে এই কথা। আমাহ হাতত পৰা তথ্য অনুসৰি ১৪ ৰ পৰা ১৬টা সংগঠনহে আছে চি আৰ পি এফ-এত।

Apply Now

২৬টা বাঙালী সংগঠন একত্ৰিত হৈ থকাৰ কথা প্ৰকাশ পাই অহাৰ বিপৰীতে চি আৰ পি এফ-এত কোনকেইটা সংগঠন আছে এই বিষয়ে জানিবলৈ যৌথ মঞ্চখনৰ আহ্বায়ক তথা বাঙালী যুক্ত ছাত্ৰ ফেডাৰেইশ্যনৰ মুখ্য উপদেষ্টা সুকুমাৰ বিশ্বাসৰ সৈতে নৰ্থ-ইষ্ট নাওৰ সাংবাদিকে যোগাযোগ কৰাত তেওঁ কয়, “নাগৰিক অধিকাৰ সুৰক্ষা মঞ্চ, অসমত ২৬টাতকৈ অধিক সংগঠন আছে, তথাপিতো ২৬টা মূল সংগঠনক আমি ধৰিছো। তাৰ ভিতৰত বাঙালী যৌথ সমন্বয় সমিতিৰ অন্তৰ্ভুক্ত ১৪টা সংগঠন আছে। লগতে বেংগলী য়ুনাইটেড ফ’ৰাম অব আছামৰ (বুফা) অন্তৰ্ভুক্ত ১৪টা সংগঠন চি আৰ পি এফ-এৰ অন্তৰ্ভুক্ত হৈছে।”

সুকুমাৰ বিশ্বাসে বাঙালী যৌথ সমন্বয় সমিতিৰ অন্তৰ্ভুক্ত ১৪টা সংগঠনৰ নাম জানিবলৈ দিয়ে যদিও তেওঁ ক’ব নোৱাৰিলে বেংগলী য়ুনাইটেড ফ’ৰাম অব আছামৰ (বুফা)ৰ অনৰ্ভুক্ত সংগঠনকেইটাৰ নাম। ইয়াৰ বিপৰীতে সদৌ অসম বাঙালী পৰিষদ আৰু আমৰা বাঙালী ফ্ৰণ্ট নামৰ দুটা সংগঠনো চি আৰ পি এফ-এৰ অন্তৰ্ভুক্ত বুলি তেওঁ জানিবলৈ দিয়ে।

কিন্তু বহুকেইটা বাঙালী সংগঠনৰ উমৈহতীয়া মঞ্চ বেংগলী য়ুনাইটেড ফ’ৰাম অব আছামৰ (বুফা) অন্তৰ্ভুক্ত নহয় চি আৰ পি এফ-এত। এই কথা কয় ‘বুফা’ৰ কৰ্ণধাৰ সমিতিৰ সদস্য শান্তনু মুখাৰ্জীয়ে।

মুখাৰ্জীয়ে কয়, “নাগৰিক অধিকাৰ সুৰক্ষা মঞ্চ, অসম চমুকৈ চি আৰ পি এফ-এত বুফা অন্তৰ্ভুক্ত বুলি কোৱা কথাটো সম্পূৰ্ণ মিছা। আমি বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ মুঠ ২৫টা বাঙালী সংগঠন পূৰ্বৰে পৰা ‘বুফা’ হিচাপে একত্ৰিত হৈয়েই আছো, গতিকে নতুনকৈ অন্য এখন উমৈহতীয়া মঞ্চৰ অন্তৰ্ভুক্ত হোৱাৰ কোনো কথাই আহি নপৰে।”

তেওঁ কয় যে এই সন্দৰ্ভত যোৱা ২৩ ছেপ্টেম্বৰত গুৱাহাটীৰ হোটেল ভি আই পি ইণ্টাৰনেশ্যনেলত এখন সভা অনুষ্ঠিত হৈছিল আৰু তাত ‘বুফা’ক আমন্ত্ৰন জনোৱা হৈছিল। এই সভাখনৰ উদ্যোগ লৈছিল বিধায়ক শিলাদিত্য দেব, সুকুমাৰ বিশ্বাস প্ৰমুখ্য কেইবাজনো নেতাই। এই সভাখনত বুফাৰ প্ৰতিনিধিয়ে অংশ লৈছিল যদিও তেওঁলোকে চি আৰ পি এফ-এ নামৰ নৱগঠিত উমৈহতীয়া মঞ্চখনৰ অন্তৰ্ভুক্ত হোৱা নাছিল। লগতে তাৰ পাছৰ কোনো সভা বা কাৰ্যসূচীতেই বুফাই অংশ লোৱা নাই বুলিও মুখাৰ্জীয়ে স্পষ্ট কৰি দিয়ে।

উল্লেখ্য যে, যোৱা ২৫ অক্টোবৰত অসম সাহিত্য সভাৰ সৈতে সমাৱেশ পাতিব বিচৰা সংগঠনকেইটাই আলোচনা কৰিবলৈ যোৱাৰ সময়তো তেওঁলোকৰ লগত আছিল মাত্ৰ ১০/১১টা সংগঠনহে।

ইয়াৰ উপৰি, চি আৰ পি এফ-এয়ে গুৱাহাটীত অনুষ্ঠিত কৰিব বিচৰা সমাবেশখনৰ প্ৰতি সমৰ্থন নাই ‘বুফা’ৰ। এই সন্দৰ্ভত শান্তনু মুখাৰ্জীয়ে কয়, “আমি জাতি, জনগোষ্ঠী বা সম্প্ৰদায়ৰ মাজত সংঘাত সৃষ্টি কৰিব পৰা সমাৱেশ অনুষ্ঠিত হোৱাটো নিবিচাৰো।”

অৱশ্যে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ মুখাৰ্জীয়ে কৌশলী স্থিতি লৈ এই বিধেয়কৰ গইনা লৈ অসমীয়াভাষী আৰু বাংলাভাষী মানুহৰ মাজত সম্প্ৰীতি বিঘ্নিত হ’ব নালাগে বুলি মন্তব্য কৰে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd