“প্ৰকৃত দেশপ্ৰেমিকৰ কাম হৈছে চৰকাৰৰ হাতৰপৰা দেশখন ৰক্ষা কৰা।” – টম পেইন
এই উদ্ধৃতিটো চিৰিয়াছলি নল’ব। টম পেইনহঁত ভিন্ন যুগৰ মানুহ। তেওঁলোকে এনেধৰণৰ কথা কৈ আৰু এনেধৰণৰ কামো কৰি অমৰত্ব অৰ্জন কৰিছে। কিন্তু, আপোনাক কি অমৰত্বৰ প্ৰয়োজন? প্ৰেক্টিকেলি ভাবক- টম পেইন মৰি গৈছে; মৃত্যুৰ পিছত অমৰত্ব তেওঁৰ কি কামত আহিছে?
আপোনাৰ দৰকাৰ হৈছে ভাল চাকৰি, ভাল ব্যৱসায় বা ভাল ৰাজনৈতিক নেতাৰ আশীৰ্বাদ। আপুনি খুব ভালকৈ জানে যে পৰকাল বুলি কোনো কথা নাই, যি কাল আছে সেইটো ইহকাল, যি জীৱন আছে সেইটো ইহজীৱন। পাৰে যদি গুৱাহাটীত ঘৰ-মাটি কৰক, ল’ৰাক ডক্টৰ-ইঞ্জিনিয়াৰ বনাওক ।
এই যে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বা হিন্দু বাংলাদেশীক নাগৰিকত্বৰ উপহাৰেৰে অসমত সংস্থাপন কৰাৰ বিষয়টো – তাত আপুনি মূৰ ঘমাই থকাৰ কি প্ৰয়োজন আছে হেৰি? ঠিক আছে, হিন্দু বাংলাদেশী হোৰাহোৰে সোমাই আহিলে বা অবৈধখিনি বৈধ হৈ পৰিলে অসমত থকা ৪৮.৩ শতাংশ অসমীয়াভাষীৰ জনসংখ্যাৰ হাৰ কমি যাব আৰু প্ৰায় ২৯ শতাংশ বাংলাভাষীৰ জনসংখ্যা বাঢ়ি যাব। তাতে কি হ’ল?
ঠিক আছে অসমত অসমীয়াভাষী সংখ্যালঘু হৈ পৰিলে অসমীয়াই ৰাজ্যভাষাৰ মৰ্যাদা হেৰুৱাব বা বাংলা অসমৰ ৰাজ্যভাষা হৈ পৰিব। মানি ল’লোঁ। মানি ল’লোঁ যে তেনে পৰিস্থিতিত অসমীয়া জাতিগঠন প্ৰক্ৰিয়া দুৰ্বল হৈ জাতিটো ক্ৰমাৎ আন বৃ্হৎ জাতিত জাহ যাব বা এক ক্ষুদ্ৰতৰ, স্বাভিমানহীন, প্ৰভাৱহীন, বীৰ্যহীন জাতি হিচাপে কলঢোপ-কলঢোপকৈ বাচি থাকিব। মানি ল’লোঁ যে এই পৰিণাম চূড়ান্ত হোৱাৰ আগে আগে বহুকাল ধৰি বিৰাট অশান্তি, সংঘাত, অস্থিৰতাই ৰাজ্যখনক ছানি ধৰিব আৰু সাম্ৰাজ্যবাদী পুঁজিয়ে তাৰ সুযোগ লৈ ৰাজ্যখনৰ সম্পদ চুঁচিব। ভাষাভিত্তিক অসমীয়া জাতিক তচনচ কৰি হিন্দুত্ববাদে কিৰীলি পাৰিব।
তাতে কি হ’ল? আপোনাৰ কি আহে-যায়? এই জাতি-ভাষা আদিয়ে আপোনাৰ কি উপকাৰ সাধিছে, হয়? এটা কথা হয় বাৰু। অসমীয়া অসমীয়া ভাও দি আপুনি চাকৰি-বাকৰি, ব্যৱসায়-বাণিজ্য, ঠিকা-ঠুকলি আদিত কিছু সুবিধা কৰাৰ চিন্তা অবশেই কৰিব পাৰে। কিন্তু, আজিৰ যুগ হৈছে যোগ্য-ভোগ্য বসুন্ধৰাৰ যুগ। চৰকাৰৰ লগত ভালে থাকিব পাৰিলে, কিছু ব্যক্তিগত পৰিশ্ৰম থাকিলে, আপুনি এনেয়েও যোগ্য বিবেচিত হ’ব। টেনশ্যন নল’ব। অসমৰ ৰাজ্যভাষা বাংলা হ’লেও আপোনাৰ প্ৰতিষ্ঠা হ’বই, আপোনাৰ সন্তানে উটিত পঢ়িব পাবই, বাংগালুৰুত চাকৰি পাবই।
গতিকে, সোমাই থাকক, ওলাই নাহিব। চৰকাৰৰ ৰোষত নপৰিব। জাতি-মাটি-ভেটিৰ ইম্প্ৰেক্টিকেল, অপ্ৰায়োগিক আবেগ হেলাৰঙে ডাষ্টবিনত নিক্ষেপ কৰক। আপুনি চালাক মানুহ, প্ৰেক্টিকেল মানুহ। কামফেৰা কিছু কিছু ইতিমধ্যে কৰিছেই আপুনি। কেলেই, আপুনিতো নামতহে অসমীয়া। অসম-অসমীয়াৰ লগত আপোনাৰ মনটোৱেই আছেনে, প্ৰাণটোৱেই আছেনে, হিয়াখনেই আছে? ল’ৰা-ছোৱালীক আপুনি ইতিমধ্যেই ইংৰাজী মাধ্যমত দিছে, অসমীয়া ভাষা-সংস্কৃতি-ভূগোল-বুৰঞ্জীৰ পৰা ইতিমধ্যেই সিহঁতক বিশ্বগ্ৰামৰ মুক্ত বাসিন্দা কৰিছে। ৰাজ্যভাষা অসমীয়া হওক, বাংলা হওক, আপোনাৰ নাতি-পুতিতো ইংৰাজী মাধ্যমতেই পঢ়িব। আপুনি নিজেই ভাবক- কি খায়, কি পিন্ধে! অসমীয়া আহাৰৰ সোৱাদ আপোনাৰ মনত আছে জানো? খাৰ-টেঙা খায়? বিয়াগীত গায়? শিক্ষিত হৈও অসমীয়া বাক্য এটা শুদ্ধকৈ ক’ব পাৰে? লিখিব পাৰে?
তেন্তে হিন্দু বাংলাদেশীৰ সংস্থাপনক লৈ, জাতিৰ সম্ভাব্য সূৰ্যাস্তক লৈ আপুনি ধৰ-ফৰোৱাৰ সকাম আছে জানো? চৰকাৰৰ সুৰতে সুৰ মিলাই গানটো গাই দিয়ক, বুইছে? কওক যে হিন্দু বাঢ়িলেহে অসমীয়া বাচিব কাৰণ অসমীয়া এক হিন্দু জাতি। যিদৰে লাচিত এক হিন্দু বীৰ, শংকৰদেৱ এক হিন্দু বাবা বা মহাৰাজ! অথবা গানটো নাগাই দুৱাৰত খিলি লগাই সদ্যহতে ঘৰৰ ভিতৰত সোমাই থাকক। পিছত সুযোগ বুজি ওলাই আহি চৰকাৰৰ ওচৰলৈ গৈ নিজৰ সুবিধা আদায় কৰি ল’ব। হয় নাই? (মানে, হয় নে নহয়?)
বাকী, নাগৰিকত্ব আইন সংশোধনী বিধেয়ক, ২০১৬-ই সংবিধানৰ ধৰ্মনিৰপেক্ষতা আৰু সমতাৰ নীতিক উলংঘা কৰিব- এনে ফচহু কথাৰ লগত আপোনাৰ জীৱনৰ কোনো সম্পৰ্ক নাই বুলি আপুনিতো খুব ভালদৰেই জানে।
নে আপুনি ডাঙৰ সংগঠনৰ নেতা? তেন্তে আপুনি মাজে মাজে ফোৰোহানি মাৰিবই লাগিব কিন্তু। নহ’লে ৰাইজৰ মাজত আপোনাৰ প্ৰভাৱ নাথাকিব আৰু তেতিয়া চৰকাৰেও আপোনাক পাত্তা নিদিয়ে। কিন্তু, সাৱধান! চৰকাৰৰ ৰাস্তাত অনতিক্ৰম্য বাধা হৈ নপৰিব কিন্তু। তেনে কৰিলে আপোনাৰ ফয়দা নাই। বৰং মাজে মাজে ডিঙিৰ সিৰ ফুলাই চৰকাৰৰ নীতিৰ সমালোচনা কৰক, কুহুমীয়া আন্দোলন কৰক। কিন্তু চৰকাৰৰ ডিঙিৰ কাঁইট হৈ নপৰিব। আপোনাৰ দুয়োকূল ৰক্ষা পৰিব। আপোনাৰ প্ৰভাৱো থাকিব, চৰকাৰেও আপোনাক ‘পোহনীয়া’ বিপ্লৱী বুলি আশ্বস্ত হ’ব। গতিকে, নানা তুৰুক-ভুৰুক কৰি আপুনি ‘প্ৰতিদ্বন্দ্বী’ সংগঠনৰ নেতৃত্বত হোৱা জংগী আৰু নিৰ্ণায়ক আন্দোলনৰপৰা দূৰত থাকক।
আপোনাৰ বাবে, আপোনাৰ স্বাৰ্থত, আপোনাৰ সেৱাত নতুন যুগৰ উপযোগীকৈ দুটা অভিনৱ শ্লোগান আগবঢ়ালোঁ-
“থাক ঐ থাক, সোমাই থাক!” “জয় নাই অসম!”
লেখক ডুমডুমা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক
email: [email protected]