• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

সুবিধাবাদী মধ্যবিত্ত আৰু পোহমনা সংগঠনৰ বাবে দুটা নতুন শ্ল’গান

শিৱজিত দত্ত by শিৱজিত দত্ত
October 31, 2018 2:42 pm
ATTACHMENT

প্ৰতিনিধিত্বমূলক চিত্ৰ

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter
Apply Now

“প্ৰকৃত দেশপ্ৰেমিকৰ কাম হৈছে চৰকাৰৰ হাতৰপৰা দেশখন ৰক্ষা কৰা।” – টম পেইন

এই উদ্ধৃতিটো চিৰিয়াছলি নল’ব। টম পেইনহঁত ভিন্ন যুগৰ মানুহ। তেওঁলোকে এনেধৰণৰ কথা কৈ আৰু এনেধৰণৰ কামো কৰি অমৰত্ব অৰ্জন কৰিছে। কিন্তু, আপোনাক কি অমৰত্বৰ প্ৰয়োজন? প্ৰেক্টিকেলি ভাবক- টম পেইন মৰি গৈছে; মৃত্যুৰ পিছত অমৰত্ব তেওঁৰ কি কামত আহিছে?

আপোনাৰ দৰকাৰ হৈছে ভাল চাকৰি, ভাল ব্যৱসায় বা ভাল ৰাজনৈতিক নেতাৰ আশীৰ্বাদ। আপুনি খুব ভালকৈ জানে যে পৰকাল বুলি কোনো কথা নাই, যি কাল আছে সেইটো ইহকাল, যি জীৱন আছে সেইটো ইহজীৱন। পাৰে যদি গুৱাহাটীত ঘৰ-মাটি কৰক, ল’ৰাক ডক্টৰ-ইঞ্জিনিয়াৰ বনাওক ।

এই যে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বা হিন্দু বাংলাদেশীক নাগৰিকত্বৰ উপহাৰেৰে অসমত সংস্থাপন কৰাৰ বিষয়টো – তাত আপুনি মূৰ ঘমাই থকাৰ কি প্ৰয়োজন আছে হেৰি? ঠিক আছে, হিন্দু বাংলাদেশী হোৰাহোৰে সোমাই আহিলে বা অবৈধখিনি বৈধ হৈ পৰিলে অসমত থকা ৪৮.৩ শতাংশ অসমীয়াভাষীৰ জনসংখ্যাৰ হাৰ কমি যাব আৰু প্ৰায় ২৯ শতাংশ বাংলাভাষীৰ জনসংখ্যা বাঢ়ি যাব। তাতে কি হ’ল?

ঠিক আছে অসমত অসমীয়াভাষী সংখ্যালঘু হৈ পৰিলে অসমীয়াই ৰাজ্যভাষাৰ মৰ্যাদা হেৰুৱাব বা বাংলা অসমৰ ৰাজ্যভাষা হৈ পৰিব। মানি ল’লোঁ। মানি ল’লোঁ যে তেনে পৰিস্থিতিত অসমীয়া জাতিগঠন প্ৰক্ৰিয়া দুৰ্বল হৈ জাতিটো ক্ৰমাৎ আন বৃ্হৎ জাতিত জাহ যাব বা এক ক্ষুদ্ৰতৰ, স্বাভিমানহীন, প্ৰভাৱহীন, বীৰ্যহীন জাতি হিচাপে কলঢোপ-কলঢোপকৈ বাচি থাকিব। মানি ল’লোঁ যে এই পৰিণাম চূড়ান্ত হোৱাৰ আগে আগে বহুকাল ধৰি বিৰাট অশান্তি, সংঘাত, অস্থিৰতাই ৰাজ্যখনক ছানি ধৰিব আৰু সাম্ৰাজ্যবাদী পুঁজিয়ে তাৰ সুযোগ লৈ ৰাজ্যখনৰ সম্পদ চুঁচিব। ভাষাভিত্তিক অসমীয়া জাতিক তচনচ কৰি হিন্দুত্ববাদে কিৰীলি পাৰিব।

তাতে কি হ’ল? আপোনাৰ কি আহে-যায়? এই জাতি-ভাষা আদিয়ে আপোনাৰ কি উপকাৰ সাধিছে, হয়? এটা কথা হয় বাৰু। অসমীয়া অসমীয়া ভাও দি আপুনি চাকৰি-বাকৰি, ব্যৱসায়-বাণিজ্য, ঠিকা-ঠুকলি আদিত কিছু সুবিধা কৰাৰ চিন্তা অবশেই কৰিব পাৰে। কিন্তু, আজিৰ যুগ হৈছে যোগ্য-ভোগ্য বসুন্ধৰাৰ যুগ। চৰকাৰৰ লগত ভালে থাকিব পাৰিলে, কিছু ব্যক্তিগত পৰিশ্ৰম থাকিলে, আপুনি এনেয়েও যোগ্য বিবেচিত হ’ব। টেনশ্যন নল’ব। অসমৰ ৰাজ্যভাষা বাংলা হ’লেও আপোনাৰ প্ৰতিষ্ঠা হ’বই, আপোনাৰ সন্তানে উটিত পঢ়িব পাবই, বাংগালুৰুত চাকৰি পাবই।

গতিকে, সোমাই থাকক, ওলাই নাহিব। চৰকাৰৰ ৰোষত নপৰিব। জাতি-মাটি-ভেটিৰ ইম্প্ৰেক্টিকেল, অপ্ৰায়োগিক আবেগ হেলাৰঙে ডাষ্টবিনত নিক্ষেপ কৰক। আপুনি চালাক মানুহ, প্ৰেক্টিকেল মানুহ। কামফেৰা কিছু কিছু ইতিমধ্যে কৰিছেই আপুনি। কেলেই, আপুনিতো নামতহে অসমীয়া। অসম-অসমীয়াৰ লগত আপোনাৰ মনটোৱেই আছেনে, প্ৰাণটোৱেই আছেনে, হিয়াখনেই আছে? ল’ৰা-ছোৱালীক আপুনি ইতিমধ্যেই ইংৰাজী মাধ্যমত দিছে, অসমীয়া ভাষা-সংস্কৃতি-ভূগোল-বুৰঞ্জীৰ পৰা ইতিমধ্যেই সিহঁতক বিশ্বগ্ৰামৰ মুক্ত বাসিন্দা কৰিছে। ৰাজ্যভাষা অসমীয়া হওক, বাংলা হওক, আপোনাৰ নাতি-পুতিতো ইংৰাজী মাধ্যমতেই পঢ়িব। আপুনি নিজেই ভাবক- কি খায়, কি পিন্ধে! অসমীয়া আহাৰৰ সোৱাদ আপোনাৰ মনত আছে জানো? খাৰ-টেঙা খায়? বিয়াগীত গায়? শিক্ষিত হৈও অসমীয়া বাক্য এটা শুদ্ধকৈ ক’ব পাৰে? লিখিব পাৰে?

তেন্তে হিন্দু বাংলাদেশীৰ সংস্থাপনক লৈ, জাতিৰ সম্ভাব্য সূৰ্যাস্তক লৈ আপুনি ধৰ-ফৰোৱাৰ সকাম আছে জানো? চৰকাৰৰ সুৰতে সুৰ মিলাই গানটো গাই দিয়ক, বুইছে? কওক যে হিন্দু বাঢ়িলেহে অসমীয়া বাচিব কাৰণ অসমীয়া এক হিন্দু জাতি। যিদৰে লাচিত এক হিন্দু বীৰ, শংকৰদেৱ এক হিন্দু বাবা বা মহাৰাজ! অথবা গানটো নাগাই দুৱাৰত খিলি লগাই সদ্যহতে ঘৰৰ ভিতৰত সোমাই থাকক। পিছত সুযোগ বুজি ওলাই আহি চৰকাৰৰ ওচৰলৈ গৈ নিজৰ সুবিধা আদায় কৰি ল’ব। হয় নাই? (মানে, হয় নে নহয়?)

বাকী, নাগৰিকত্ব আইন সংশোধনী বিধেয়ক, ২০১৬-ই সংবিধানৰ ধৰ্মনিৰপেক্ষতা আৰু সমতাৰ নীতিক উলংঘা কৰিব- এনে ফচহু কথাৰ লগত আপোনাৰ জীৱনৰ কোনো সম্পৰ্ক নাই বুলি আপুনিতো খুব ভালদৰেই জানে।

নে আপুনি ডাঙৰ সংগঠনৰ নেতা? তেন্তে আপুনি মাজে মাজে ফোৰোহানি মাৰিবই লাগিব কিন্তু। নহ’লে ৰাইজৰ মাজত আপোনাৰ প্ৰভাৱ নাথাকিব আৰু তেতিয়া চৰকাৰেও আপোনাক পাত্তা নিদিয়ে। কিন্তু, সাৱধান! চৰকাৰৰ ৰাস্তাত অনতিক্ৰম্য বাধা হৈ নপৰিব কিন্তু। তেনে কৰিলে আপোনাৰ ফয়দা নাই। বৰং মাজে মাজে ডিঙিৰ সিৰ ফুলাই চৰকাৰৰ নীতিৰ সমালোচনা কৰক, কুহুমীয়া আন্দোলন কৰক। কিন্তু চৰকাৰৰ ডিঙিৰ কাঁইট হৈ নপৰিব। আপোনাৰ দুয়োকূল ৰক্ষা পৰিব। আপোনাৰ প্ৰভাৱো থাকিব, চৰকাৰেও আপোনাক ‘পোহনীয়া’ বিপ্লৱী বুলি আশ্বস্ত হ’ব। গতিকে, নানা তুৰুক-ভুৰুক কৰি আপুনি ‘প্ৰতিদ্বন্দ্বী’ সংগঠনৰ নেতৃত্বত হোৱা জংগী আৰু নিৰ্ণায়ক আন্দোলনৰপৰা দূৰত থাকক।

আপোনাৰ বাবে, আপোনাৰ স্বাৰ্থত, আপোনাৰ সেৱাত নতুন যুগৰ উপযোগীকৈ দুটা অভিনৱ শ্লোগান আগবঢ়ালোঁ-

“থাক ঐ থাক, সোমাই থাক!” “জয় নাই অসম!”

লেখক ডুমডুমা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক

email: [email protected]

শিৱজিত দত্ত

শিৱজিত দত্ত

ডুমডুমা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক

Stay Connected

  • 117k Fans

Recent News

বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

July 4, 2026 5:49 pm
১১ বছৰীয়া শিশুৱে মহতিয়াই নিলে বৌদ্ধ ভিক্ষুক, ৮ জনৰ মৃত্যু

১১ বছৰীয়া শিশুৱে মহতিয়াই নিলে বৌদ্ধ ভিক্ষুক, ৮ জনৰ মৃত্যু

July 4, 2026 5:33 pm
পাহৰণিৰ গৰ্ভত থকা ইতিহাস: আমেৰিকাৰ স্বাধীনতাত মহীশূৰৰ হাইদৰ আলী আৰু টিপু চুলতানৰ অৱদান

পাহৰণিৰ গৰ্ভত থকা ইতিহাস: আমেৰিকাৰ স্বাধীনতাত মহীশূৰৰ হাইদৰ আলী আৰু টিপু চুলতানৰ অৱদান

July 4, 2026 5:19 pm
পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল সোঁপন্থী নেত্ৰী কেইকো ফুজিমোৰী; কিমান ভোটত সাৱ্যস্ত কৰিলে বিজয়?

পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল সোঁপন্থী নেত্ৰী কেইকো ফুজিমোৰী; কিমান ভোটত সাৱ্যস্ত কৰিলে বিজয়?

July 4, 2026 3:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

July 4, 2026 5:49 pm
১১ বছৰীয়া শিশুৱে মহতিয়াই নিলে বৌদ্ধ ভিক্ষুক, ৮ জনৰ মৃত্যু

১১ বছৰীয়া শিশুৱে মহতিয়াই নিলে বৌদ্ধ ভিক্ষুক, ৮ জনৰ মৃত্যু

July 4, 2026 5:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd