• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এইবাৰ সংখ্যালঘু এলেকাত গেৰুৱা পতাকা উৰুৱাবলৈ সাজু বিজেপি

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 1, 2018 5:54 pm
7bcd945b-1ae7-43e1-9cf0-62fbd938a62f

পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত গুৱাহাটীত বিজেপিৰ সংবাদমেল। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পঞ্চায়ত নিৰ্বাচন সমাগত, ইয়াৰ পূৰ্বে ৰাজনৈতিক দলসমূহে ক্ষমতা লাভৰ কুচ কাৱাজ চলাই থকাৰ সময়তে দুৰ্নীতিমুক্ত পঞ্চায়তৰাজ প্রতিষ্ঠা কৰাৰ উদ্দেশ্য লৈ কঁকালত টঙালি বান্ধিছে বিজপিয়ে।

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যৰ চাৰিওদিশে ক্ষোভৰ জুই জ্বলি থকাৰ সময়তে নাগৰিকত্ব সংশোধনী বিধেয়কখনে আগন্তুক পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ ওপৰত কোনো বেয়া প্ৰভাৱ নেপেলায় বুলি দাবী কৰে ৰাজ্যিক বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভাপতি মোক্তাৰ হুছেইন খানে।

Apply Now

ইপিনে ৰাজ্যৰ চাৰিওফালে নাগৰিকত্ব সংশোধনী বিধেয়কখন বিজেপিয়ে গৃহীত কৰিবলৈ চলোৱা প্ৰচেষ্টাক কেন্দ্ৰ কৰি বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি আছে যদিও সেই প্ৰতিবাদ-আন্দোলন তথা অসম বন্ধইয়ো আগন্তুক পঞ্চায়ত নিৰ্বাচনত  কোনো বিৰূপ প্ৰভাৱ নেপেলায় বুলিও দাম্ভিকতাৰে সংবাদমাধ্যমৰ আগত কয় বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ তথা প্ৰাক্তন প্ৰশাসনিক বিষয়া স্বপ্ননীল বৰুৱাই।

তদুপৰি তেওঁ সংখ্যালঘু এলেকাসমূহত বিজেপিৰ প্ৰাৰ্থীয়ে সৰ্বাধিক ভোট লাভ কৰি পঞ্চায়তৰ নিৰ্বাচনত জয় লাভ কৰিব বুলি দাবী কৰি কয়, ‘’ৰাজ্যৰ ৮০ শতাংশ পঞ্চায়তেই বিজেপিৰ দখলত আহিব আৰু ৪২০ খন জিলা পৰিষদৰ ৩৮০ খনেই বিজেপিৰ দখললৈ আহিব। ২,২২০ জন গাওঁ পঞ্চায়তৰ সদস্যই জয়ী হ’ব।

আনহাতে, বিজেপিৰ প্ৰাৰ্থীসমূহে সংখ্যালঘু এলেকাত কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ প্ৰাৰ্থীসমূহক পৰাভূত কৰিব বুলিও সংবাদ মাধ্যমৰ আগত খানে দাবী কৰে।

তেওঁ কয়, ‘’সংখ্যালঘু অধ্যুষিত অঞ্চলত বিজেপিৰ দখল নাছিল যদিও এই পঞ্চায়ত নিৰ্বাচনত আমি কংগ্ৰেছ আৰু এআইয়ুডিএফৰ প্ৰাৰ্থীসমূহক বৃহৎ ভোটৰ ব্যৱধানত পৰাভুত কৰিম।‘’

ইতিমধ্যে, হোজাইৰ নীলবাগান আৰু বিলাসীপাৰা পূব-পশ্চিম সমষ্টিত, দক্ষিণ শালমৰা আৰু মানকাচৰ ইত্যাদি সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত বিজেপিয়ে নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে বুলি খানে জানিবলৈ দিয়ে।

তদুপৰি, সংবাদ মাধ্যমত বিজেপিৰ প্ৰতি জনসাধাৰণৰ মোহভংগ হ’ব বুলি বাতৰি প্ৰচাৰ হৈ আহিছে যদিও এই কথা মানি ল’ব নোখোজে সংখ্যালঘু মৰ্চাৰ সভাপতিগৰাকীয়ে।

তেওঁ কয়, ‘‘বিগত বিধানসভা আৰু লোকসভা নিৰ্বাচনত বিজেপি যিমান শক্তিশালী আছিল, তাতকৈও অধিক শক্তিশালী হৈ উঠিছে বিজেপি দল।‘’

তদুপৰি পঞ্চায়তসমূহ বিজেপিৰ দখলত নথকাত পঞ্চায়ত পৰ্য্যায়ত অধিক দুৰ্নীতি চলি আছে বুলি অভিযোগ তোলে  মোক্তাৰ হুছেইন খানে। আনহাতে, দুৰ্নীতিমুক্ত পঞ্চায়তীৰাজ গঢ় দিয়াটো মূল নিৰ্বাচনী ইচ্ছু হিচাপে ল’ব বিজেপিয়ে।

ইপিনে, ৰাজ্যিক বিজেপিৰ নৱ নিযুক্ত মুখপাত্ৰ স্বপ্ননীল বৰুৱাই সাংবাদিকৰ আগত কয়, ‘’আন্দোলন-ধৰ্ণা কৰি কৰি গাঁৱৰ মানুহবোৰ পিছপৰি গৈ আছে। মূল কথা হৈছে উন্নয়ন। পঞ্চায়ত নিৰ্বাচনেই ৰাইজৰ উন্নয়নৰ বাবে সুবৰ্ণ সুযোগ।‘’

আনহাতে, প্ৰগতিৰ জখলাত বগোৱাটো অধিক তৰাম্বিত কৰিব লাগে সেই কথাত বিজেপিয়ে গুৰুত্ব দিছে বুলি সদৰী কৰি তেওঁ লগতে কয়, ‘’নাগৰিকত্ব সংশোধনী বিধেয়কতকৈ ৰাইজৰ বাবে উন্নয়নটো বেছি প্ৰয়োজনীয়।‘’

উল্লেখ্য যে অসমত ২২০১খন গাঁও পঞ্চায়ত, ১৮৫খন আঞ্চলিক পঞ্চায়ত আৰু ২১খন জিলা পঞ্চায়ত আছে। ২০১৩’ৰ পঞ্চায়ত নিৰ্বাচনত ৪২০টা জিলা পৰিষদ সমষ্টিৰ সদস্যৰ ভিতৰত মাত্ৰ ১৯ টা পদহে বিজেপিয়ে দখল কৰিবলৈ সক্ষম হৈছিল।

ইতিমধ্যে, বিজেপি দলে ভোটাৰ তালিকাৰ ৬০ জন ভোটাৰৰ পৰিৱৰ্তে একো একোগৰাকী পৃষ্ঠাপ্ৰমুখ নিযুক্তি দিছে। এই কৌশল অৱলম্বন কৰিয়ে ত্ৰিপুৰাত বিজেপি দলে বিধানসভাৰ নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিছিল। ৰাজ্যিক বিজেপিয় ইতিমধ্যে ২৫,৮৪৯ টা বুথত ৩,৩০,০০০ জন পৃষ্ঠাপ্ৰমুখ নিযুক্তি দিছে আৰু সেইসকলে ভোটাৰসকলৰ লগত যোগাযোগ কৰি চৰকাৰৰ আঁচনিসমূহৰ বিষয়ে অৱগত কৰিছে।

ইপিনে আগন্তুক পঞ্চায়ত নিৰ্বাচনত অসমক বিজেপিমুক্ত পঞ্চায়তৰাজ গঠন কৰাৰ  লক্ষ্যৰে নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে কংগ্ৰেছ আৰু এআইয়ুডিএফে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd