• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

অভিযোগ অনা এগৰাকী মহিলা সাংবাদিকে তেওঁৰ এজাহাৰত পোনপটীয়াকৈ তদানীন্তন এচিপি বিবেক ভগতৰ নাম উল্লেখ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 6, 2026 7:53 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তেওঁৰ বিৰুদ্ধে যন্তৰ মন্তৰ প্ৰতিবাদৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা এগৰাকী মহিলা সাংবাদিকক যৌন নিৰ্যাতন আৰু শ্লীলতাহানিৰ দৰে গুৰুতৰ অভিযোগ উত্থাপন হয়। অথচ তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পূৰ্বে বিতৰ্কিত দিল্লী আৰক্ষীৰ বিষয়া বিবেক ভগতক পদোন্নতি দিয়া হৈছে।

তেওঁক সহকাৰী আৰক্ষী আয়ুক্ত পদৰ (এচিপি) পৰা অতিৰিক্ত উপ-আয়ুক্ত (এডিশ্যনেল ডিচিপি) পদলৈ উন্নীত কৰা হৈছে। স্বাভাৱিকতে সমগ্ৰ বিষয়টোক লৈ দিল্লী আৰক্ষীৰ নিৰপেক্ষতা আৰু সদিচ্ছাক লৈ প্ৰশ্ন উত্থাপন হ’বলৈ আৰম্ভ কৰিছে।

উল্লেখ্য যে যোৱা ৩ অক্টোবৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে চলি থকা প্ৰতিবাদৰ বাতৰি সংগ্ৰহ কৰি থকাৰ সময়তে তিনিগৰাকী মহিলা সাংবাদিকে আৰক্ষীকৰ্মীৰ বিৰুদ্ধে যৌন নিৰ্যাতন আৰু হাৰাশাস্তিৰ লিখিত অভিযোগ দাখিল কৰিছিল।

Apply Now

দিল্লী আৰক্ষীয়ে জনোৱা মতে, ঘটনাৰ নিৰপেক্ষ আৰু সঠিক তদন্তৰ স্বাৰ্থত এই অভিযোগসমূহ আৰক্ষীৰ বিশেষ শাখা ‘ক্ৰাইম ব্ৰাঞ্চ’ৰ হাতত অৰ্পণ কৰা হৈছে। কিন্তু সেই ক্ৰাইম ব্ৰাঞ্চৰ তদন্তৰ সময়তে অভিযুক্ত বিষয়াজনৰ এই পদোন্নতিয়ে বহু বিতৰ্কৰ সৃষ্টি কৰিছে।

অভিযোগ অনা এগৰাকী মহিলা সাংবাদিকে তেওঁৰ এজাহাৰত পোনপটীয়াকৈ তদানীন্তন এচিপি বিবেক ভগতৰ নাম উল্লেখ কৰিছে।

তেওঁৰ মতে, সেইদিনা যেতিয়া আৰক্ষীয়ে অল ইণ্ডিয়া ষ্টুডেন্টছ এছোছচিয়েশ্যন বা আইচাৰ সভানেত্ৰী নেহা বৰাক আটক কৰিছিল, তেতিয়া তেওঁ ঘটনাটো সংগ্ৰহ কৰি বাতৰি পৰিৱেশন কৰি আছিল। যিহেতু সেই সময়ত ঘটনাস্থলীত কোনো মহিলা আৰক্ষী জোৱান উপস্থিত নাছিল, সেয়েহে পুৰুষ আৰক্ষী জোৱানসকলে প্ৰতিবাদকাৰী মহিলাগৰাকীক কিয় স্পৰ্শ কৰিছে বুলি প্ৰশ্ন উত্থাপন কৰে।

অভিযোগ অনুসৰি মহিলা সাংবাদিকগৰাকীয়ে প্ৰশ্ন কৰাৰ সময়তে এচিপি বিবেক ভগতে মহিলা সাংবাদিকগৰাকীক আক্ৰমণ কৰি যৌন নিৰ্যাতন চলাই ঠেলি অঁতৰাই দিয়ে। এফআইআৰ দাখিল আৰু লিখিত অভিযোগ দাখিল কৰিবলৈ সাংবাদিকগৰাকী পাৰ্লিয়ামেন্ট ষ্ট্ৰীট আৰক্ষী থানাত উপস্থিত হয়। অৱশ্যে এই অভিযোগৰ সত্যতা স্বতন্ত্ৰভাৱে পৰীক্ষা কৰিব পৰা নগ’ল।

একেটা প্ৰতিবাদৰে আৰু দুগৰাকী মহিলা সাংবাদিকে আৰক্ষী কৰ্মীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছে। বৰ্তমান এই তিনিওটা অভিযোগৰ তদন্ত অব্যাহত ৰাখিছে ক্ৰাইম ব্ৰাঞ্চে। আৰক্ষী সূত্ৰই জনোৱা মতে, ক্ৰাইম ব্ৰাঞ্চে শীঘ্ৰে অভিযোগকাৰীৰ বক্তব্য লিপিবদ্ধ কৰি পৰিস্থিতিৰ প্ৰমাণ পৰীক্ষা কৰিব।

এই অভিযোগৰ মাজতে দিল্লী আৰক্ষীয়ে ছ’চিয়েল মিডিয়াত প্ৰচাৰিত অন্যান্য দাবীক অস্বীকাৰ কৰিছে। ইণ্টাৰনেটত প্ৰচাৰিত কেইবাটাও পোষ্টত মহিলা প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ নিৰ্যাতন আৰু শাৰীৰিক নিৰ্যাতন চলোৱাৰ দাবী কৰা হৈছিল।

এই দাবীসমূহ নাকচ কৰি দিল্লী আৰক্ষীয়ে এক বিবৃতিত কয় যে, “কিছুমান ছ’চিয়েল মিডিয়া হেণ্ডেলে মহিলা প্ৰতিবাদকাৰীক শাৰীৰিকভাৱে আক্ৰমণ কৰা বুলি দাবী কৰিছে। এই অভিযোগসমূহ সম্পূৰ্ণ ভিত্তিহীন আৰু বিভ্ৰান্তিকৰ। মহিলা প্ৰতিবাদকাৰীক চম্ভালিবলৈ মহিলা আৰক্ষী কৰ্মী সদায় উপস্থিত থাকে আৰু তেওঁলোকৰ সৈতে সন্মান আৰু উপযুক্ত আইনী মৰ্যাদা অক্ষুন্ন ৰাখি ব্যৱহাৰ কৰা হয়।” দিল্লী আৰক্ষীয়ে আৰু দাবী কৰে যে প্ৰতিবাদকাৰীসকলক আইন আৰু নিৰ্ধাৰিত চৰকাৰী নিয়ম অনুসৰি আটক কৰি মুকলি কৰি দিয়া হৈছে।

বিবেক ভগতৰ বিতৰ্কিত পদোন্নতিক লৈ সৰৱ হৈছে চিজেপিৰ প্ৰতিষ্ঠাপক তথা সমাজকৰ্মী অভিজিত দীপকে। দিল্লী চৰকাৰৰ চৰকাৰী পদোন্নতিৰ অধিসূচনা ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি তীক্ষ্ণ প্ৰশ্ন উত্থাপন কৰে।

অভিজিত দীপকে প্ৰশ্ন কৰে, বিষয়াজনক “মহিলা সাংবাদিকক নিৰ্যাতন চলোৱাৰ পুৰস্কাৰ” হিচাপে এই পদোন্নতি দিয়া হৈছে নেকি?

যন্তৰ মন্তৰ কাণ্ডত সাংবাদিকৰ সৈতে আৰক্ষীৰ অসৎ আচৰণ আৰু অভিযুক্ত বিষয়াগৰাকীৰ তদন্তৰ সময়ত পদোন্নতি দিয়াৰ সিদ্ধান্তই এতিয়া যেন জ্বলা জুইত ঘি ঢালিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

October 6, 2026 7:53 am
গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

October 5, 2026 7:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

October 6, 2026 7:53 am
গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd