• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম চুক্তি উলংঘা নকৰাৰ সংকল্প প্ৰস্তাৱৰ বাবে বিধান সভাৰ বিশেষ অধিৱেশনৰ দাবী বিৰোধী দলপতিৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
November 1, 2018 6:35 pm
01-11-18 Guwahati- Debobrata Saikia press meet (2)

বৃহস্পতিবাৰে বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ সংবাদমেল। ফটো : ইউ বি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত অসমত প্ৰবল প্ৰতিবাদ অব্যাহত আছে। বিধেয়কখন আইনত পৰিণত কৰিলে অসম চুক্তি উলংঘা কৰা হ’ব। গতিকে অসম চুক্তি উলংঘা নকৰাৰ বাবে এক সংকল্প প্ৰস্তাৱ গ্ৰহণ কৰাৰ দাবী জনাইছে বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।

বৃহস্পতিবাৰে অসম বিধান সভাৰ কংগ্ৰেছ বিধায়িনী দলৰ কক্ষত এখন সংবাদমেল অনুষ্ঠিত কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এই সংকল্প প্ৰস্তাৱ গ্ৰহণৰ বাবে বিধান সভাৰ বিশেষ অধিবেশনৰ দাবী কৰে।

Apply Now

তেওঁ কয়, ‘‘বিজেপিৰ নেতৃত্বত বিদেশীক নাগৰিকত্ব প্ৰদান কৰাৰ লগতে ধৰ্মীয় মেৰুকৰণৰ যি প্ৰচেষ্টা চলি আছে সেয়া প্ৰত্যাহাৰ হ’ব লাগে আৰু অসমীয়াৰ স্বাৰ্থত অসম চুক্তিৰ যাতে কোনো ধৰণৰ তাৰতম্য নঘটে তাৰ বাবে অসম চৰকাৰে এক সংকল্প প্ৰস্তাৱ গ্ৰহণ কৰিব লাগে। তাৰ বাবে অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰীয়ে অসম চৰকাৰৰ হৈ অধ্যক্ষক বিধান সভাৰ বিশেষ অধিবেশন আহ্বান কৰিবলৈ পৰামৰ্শ দিব লাগে।‘’

শইকীয়াই লগতে বৰ্তমান শাসকীয় দলৰ মন্ত্ৰী, বিধায়ক আৰু মুখপাত্ৰসকলে বিধেয়ক খনৰ সমৰ্থনত স্থিতি স্পষ্ট কৰি থকাৰ পাছতো চৰকাৰৰ মিত্ৰদল অসম গণ পৰিষদে এতিয়াও স্থিতি স্পষ্ট কৰিব পৰা নাই বুলি মন্তব্য কৰে।

বিজেপিয়ে ৰাজনৈতিক মুনাফা লাভৰ বাবে বাংলাভাষী আৰু অসমীয়া লোকৰ মাজত বিভাজন অনাৰ চেষ্টা চলাই থকা বুলিও দেৱব্ৰত শইকীয়াই মন্তব্য কৰে।

তেওঁ কয়, ‘’একাংশ আলোচনাপন্থী আলফা আৰু কিছু বাংলাভাষী হিন্দু বিধায়ক তথা জাতীয়তাবাদী নেতাই কিছুমান বিভেদকামী অশোভনীয় মন্তব্য ৰাজহুৱাভাৱে দি অনাগত দিনত ভয়ংকৰ পৰিস্থিতিৰ সুচনা কৰিব। কিন্তু এনে কাৰ্য দেখিও নেদেখাৰ, শুনিও নুশুনাৰ ভাও জুৰি সোণোৱাল চৰকাৰে সাপ হৈ খুটি সময়ত বেজ হৈ জাৰি ভোট বোটলাৰ চিন্তাত আছে।‘’

ইপিনে, নাগৰিকত্ব সংশোধনী বিধেয়কখন সন্দৰ্ভত বৰাকৰ কংগ্ৰেছ সাংসদ সুষ্মিতা দেব আৰু বিধায়ক কমলাক্ষ দে পুৰকায়স্থৰ মন্তব্য তেওঁলোকৰ ব্যক্তিগত মন্তব্য বুলি কৈ সেয়া দলৰ মন্তব্য নহয় বুলি কয়।

‘’তেওঁলোক দলৰ মুখপাত্ৰ নহয়, মুখপাত্ৰই ক’লেহে দলৰ মন্তব্য হ’ব। ইতিমধ্যে কংগ্ৰেছ ৱৰ্কিং কমিটিত অসম চুক্তি ৰূপায়ণৰ দাবী আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে,’’- শইকীয়াই কয়।

ইয়াৰ উপৰি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সন্দৰ্ভত বিৰোধী দলপতিজনে বহু প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম বাদ পৰাৰ দাবী কৰাৰ লগতে সেই লোকসকলে ১৯৭১ চনৰ আগৰ নথি থকাৰ পাছতো এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে বুলি মন্তব্য কৰে।

তেওঁ লগতে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই এন আৰ চিৰ প্ৰক্ৰিয়াটোৰ পৰা পাঁচ প্ৰকাৰৰ নথি বাদ দিয়াৰ কাৰণে কিছুমান মনে সজা যুক্তি দাঙি ধৰা বুলিও কয়।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd