• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিদেশীৰ নামমুক্ত শুদ্ধ এন আৰ চি প্ৰকাশ পালেহে আছু আশ্বস্ত হ’ব : সমুজ্বল

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
November 1, 2018 10:34 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চুড়ান্ত খচৰা প্ৰকাশ পোৱাৰ পাঁচত বাদ পৰা প্ৰায় ৪০ লাখ লোকৰ ক্ষেত্ৰত পাঁচ প্ৰকাৰৰ নথি বাদ দিয়াৰ আবেদন জনাই ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই শপতনামা দাখিল কৰিছিল। এই শপতনামাৰ পাছতেই শাসকদল বিজেপিৰ উপৰিও কংগ্ৰেছ, এ আই ইউ ডি এফ, আমছুকে ধৰি কেইবাটাও দল সংগঠনে হাজেলাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছিল। কিন্তু সেই ক্ষোভৰ অন্ত পৰিল। উচ্চতম ন্যায়ালয়ে পুনৰ সেই পাঁচ প্ৰকাৰৰ নথি বাহাল ৰখাৰ বাবে নিৰ্দেশ দিয়ে।

এই পাঁচ প্ৰকাৰৰ নথি হৈছে ১৯৫১ৰ এনআৰচি, ১৯৬৬ৰ ভোটাৰ তালিকা, ১৯৭১ৰ ভোটাৰ তালিকা, ১৯৭১লৈকে শৰণাৰ্থী পঞ্জীয়ন প্ৰমাণপত্ৰ আৰু ১৯৭১ৰ মাৰ্চৰ ২৪লৈকে দিয়া ৰেচন কাৰ্ড।

Apply Now

উল্লেখযোগ্য যে প্ৰতীক হাজেলাই এই সমূহ নথি বাতিল কৰিবলৈ যুক্তি আগবঢ়াই শপতনামাযোগে বহুতে এন আৰ চিত নাম সোমাৱাৰ বাবে এই নথিৰ ভুৱা তথ্য দাখিল কৰা বুলি উচ্চতম ন্যায়ালয়ক জনাইছিল। তেওঁ লগতে কোনো সম্পৰ্ক নথকা লোকৰ লিগেচি ডাটা কোড ব্যৱহাৰ কৰা বুলিও জানিবলৈ দিছিল।

একেদৰে সদৌ অসম ছাত্ৰ সন্থাইও ভুৱা নথিৰে বিদেশীয়ে এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ চেষ্টা চলোৱা বুলিও মন্তব্য কৰিছিল।

আজি উচ্চতম ন্যায়ালয়ে পাঁচ প্ৰকাৰৰ নথি পুনৰ বাহাল ৰাখিবলৈ নিৰ্দেশনা দিয়াৰ পাছত সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ড০ সমুজ্বল কুমাৰ ভট্টাচাৰ্যই কয়, ‘অবৈধ বাংলাদেশীয়ে ভুৱা আৰু ভুল নথিৰে নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্তিৰ বাবে ষড়যন্ত্ৰ অব্যাহত ৰাখিছে। কিন্তু উচ্চতম ন্যায়ালয়ৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আছে। এন আৰ চিৰ ৰাজ্যিক সমন্বয়কক তন্ন তন্নকৈ নথিসমূহ পৰীক্ষাৰ কৰ্তৃত্ব দিছে। আমি ছাত্ৰ সন্থাৰ তৰফৰ পৰাও এইক্ষেত্ৰত নজৰ ৰাখিম।’

তেওঁ লগতে বিদেশীৰ নামমুক্ত শুদ্ধ এন আৰ চি প্ৰকাশ পালেহে ছাত্ৰ সন্থা আশ্বস্ত হ’ব বুলিও কয়।

ইপিনে, এই সন্দৰ্ভত প্ৰৱজন বিৰোধী মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকাই কয়, ‘এন আৰ চিৰ পৰীক্ষণ প্ৰক্ৰিয়াটোত যে খুট আছে সেই কথা শপত নামাত প্ৰকাশ পাইছে আৰু এই কথা কথাটো হাজেলাই নিজে স্বীকাৰ কৰিছে। নথিৰ ভিত্তিত হোৱা এটা প্ৰক্ৰিয়াত খুট থকা কথাটো অতি চিন্তনীয়।’

তেওঁ কয় যে এন আৰ চি কৰ্তৃপক্ষই পৰীক্ষণ প্ৰক্ৰিয়াত খুট নথকাটো নিশ্চিত কৰিব লাগিব।

আনহাতে এই নথিসমূহ পুনৰ বাহাল ৰাখিবলৈ দিয়া নিৰ্দেশনাই উৎফুল্লিত কৰিছে আমছুক। কাৰণ পাঁচ প্ৰকাৰৰ নথি বাতিল কৰিবলৈ হাজেলাই দাখিল কৰা শপতনামাৰ বিৰোধিতা কৰি আছিল আমছুৱে।

আমছুৰ উপদেষ্টা আজিজুৰ ৰহমানে নৰ্থ-ইষ্ট নাওক কয়, ‘সৰ্বোচ্চ ন্যায়ালয়ে এই নিৰ্দেশনাৰে এই কথা প্ৰমাণ কৰি দিছে যে ন্যায়পালিকা প্ৰকৃততে নিৰপেক্ষই আৰু সকলোধৰণৰ চাপৰ পৰা মুক্ত।

তেওঁ লগতে প্ৰতীক হাজেলাক কটাক্ষ কৰি কয় যে হাজেলাৰ পাঁচ নথি বাতিল কৰাৰ ষড়যন্ত্ৰই কাম নকৰিলে। তেওঁ (হাজেলা) আৰু তেওঁৰ পিচফালে থাকি এই ষড়যন্ত্ৰৰ পোষকতা কৰাসকলে এটা শিক্ষা গ্ৰহণ কৰা উচিত। উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশে হাজেলাৰ মুখত এটা প্ৰচণ্ড ঘোচা শোধালে।

ইফালে এক বিবৃতিৰ জৰিয়তে সামাজিক ন্যায় মঞ্চৰ সভাপতি গোলাপ মজুমদাৰে কয়, ‘উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত ১৯৭১ চনৰ ২৫ মাৰ্চৰ পূৰ্বৰ সকলো  বৈধ ভাৰতীয় নাগৰিকৰ নাম অন্তৰ্ভুক্তিৰে আৰু ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছৰ কোনো লোকৰ নাম যাতে অন্তৰ্ভুক্ত নহয় সেয়া সুনিশ্চিত কৰি এক স্বচ্ছ আৰু শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰস্তুত হব বুলি আশাবাদী।’

লগতে অসম আৰু অসমীয়াৰ স্বাৰ্থত অসমৰ জ্বলন্ত বিদেশী সমস্যাৰ চুড়ান্ত সমাধানৰ একমাত্ৰ বৈজ্ঞানিক পদ্ধতি শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰস্তুতকৰণত সকলো পক্ষকে ৰাজনীতিৰ উৰ্ধত গৈ আন্তৰিকতাৰে সহযোগ কৰিবলৈ সংগঠনটোৱে আহ্বান জনায়।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd