১৯৪২ চনত ৫ নৱেম্বৰৰ আজিৰ এই দিনটোতে বৃটিছ চৰকাৰে কৃষকৰ ওপৰত আৰোপ পাইকাৰী জৰিমনা আদায় নিদিয়াৰ গোৱালপাৰা জিলাৰ বলবলাৰ কোকিৰা চফল যুৱক নিধানু ৰাম ৰাজবংশীক বৃটিছৰ লোকে অতি নৃশংসভাৱে গুলীয়াই হত্যা কৰিছিল৷ তেতিয়াৰ পৰাই ৫ নৱেম্বৰৰ দিনটো গোৱালপাৰাৰ বলবলাত স্মৃতি দিৱস হিচাপে পালন কৰি অহা হৈছে।
১৯৪২ চনত ভাৰত ত্যাগ আন্দোলনৰ সময়ত বৃটিছ চৰকৰে কৃষকৰ ওপৰত পাইকাৰী জৰিমনা আদায়ৰ নিৰ্দেশ দিছিল আৰু নিধানু ৰাম ৰাজবংশীক ৮ টকা জৰিমনা বিহিছিল।
কিন্তু বৃটিছে আৰোপ কৰি এই জৰিমনা আদায় নিদি নিধানু ৰাম ৰাজৱংশীয়ে ইয়াৰ প্ৰতিবাদ কৰিছিল আৰু কোনো কাৰনতে জৰিমনা নিদিয়াৰ সিদ্ধান্ত লৈছিল৷
নিধানু ৰাম ৰাজবংশীৰ এই সিদ্ধান্তত বৃটিছ বাহিনীয়ে নিধানু ৰামৰ জৰিমনা হিচাবে এহাল গৰু লৈ যোৱাৰ নিৰ্দেশ দিয়ে ৷
ইয়াতেই ক্ষোভত ফাটি পৰি নিধানু ৰাম ৰাজবংশীয়ে বৃটিছৰভেৰোনীয়া সশস্ত্ৰ বাহিনীৰ ওপৰত জপিয়াই পৰে৷ নিধানু ৰাম ৰাজবংশীৰ আক্ৰমণত আহত হয় বৃটিছ আৰক্ষী ৷ এই কথাত ক্ষুণ্ণ হৈ বৃটিছ বাহিনী জপিয়াই পৰে নিধানু ৰাজবংশীৰ ওপৰত আৰু বৃটিছ বাহিনীয়ে নিধানুৰ ঘৰ চাৰিওপিনে ঘেৰি লৈ গুলীচালনা কৰে। গুলীত আহত নিধানু ৰাম ৰাজবংশীক অৱশেষত অতি নৃশংসভাৱে বেনেটৰে খুছি খুছি হত্যা কৰে ৷
অবিভক্ত গোৱালপাৰা জিলাৰ এক মাত্ৰ এই বীৰ চহিদ গৰাকীৰ পৰিয়ালৰ কেইবাগৰাকীও সদস্য আজিও জীবিত কিন্তু চৰকাৰে এই চহিদ গৰাকী ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে৷ মাথোঁ ৫ নৱেম্বৰত ৰজা আৰু প্ৰজা ঘৰে মিলি স্মৃতি দিৱস পালনৰে দায়িত্ব সামৰিছে।
আজি ৰাতিপুৱা ৬বজাৰ পৰা স্থানীয় ৰাইজে দিনজোৰা কাৰ্য ক্ৰমণিকাৰে স্মৃতি দিৱস পালনৰ আয়োজন কৰিছে।
আনুষ্ঠানত জিলা উপাযুক্ত বৰ্ণালী ডেকা, জিলাখনৰ দুধনৈ,গোৱালপাৰা পূৱ আৰু পশ্চিম সমষ্টিৰ বিধায়ক তিনি গৰাকীয়ে উপস্থিত থাকিব৷