ৰাজ্যখনত নতুনকৈ আত্ম প্ৰকাশ কৰা জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ অসমৰ উদ্যোগত আজি বোকাখাতত ড৹ ভূপেন হাজৰিকা মৃত্যু দিৱস উদযাপন কৰা হয়৷ গীতে মাত কবিতাৰে শ্ৰদ্ধাঞ্জলি জনোৱা হয় সুধাকন্ঠক৷ দিনজোৰা এই কাৰ্যসুচীৰ পুৱাতেই সংগঠনটিৰ পতাকা উত্তোলন কৰে সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি প্ৰহ্লাদ মিলি আৰু কাৰ্যকৰী সভাপতি দীপ্ত সেউজ গগৈয়ে৷ স্মৃতি তৰ্পণ কৰে কেন্দ্ৰীয় সম্পাদক দ্বীপ জ্যোতি দাস আৰু জিলা সম্পাদক অৰ্দ্ধেন্দ্ৰ বসুমতাৰীয়ে৷
পৰৱৰ্তী সময়ত বিভিন্ন জনগোষ্ঠীৰ প্ৰতিনিধিৰে এটা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় ৷ বোকাখাত নাট্য মন্দিৰৰ পৰা উলিওৱা এই সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধন কৰে জনজাতীয় ঐক্য মঞ্চৰ গোলাঘাট জিলা সমিতিৰ সভাপতি বিজয় শৰ্মাই৷ এই শোভাযাত্ৰা আগবাঢ়ি গৈ বোকাখাতৰ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানত থকা ড৹ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত মৃত্যু তিথিৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে।
শ্ৰদ্ধাঞ্জলিৰ শুভাৰম্ভ কৰে সংগঠনটোৰ মাজুলী জিলা সমিতিৰ সভাপতি ভূপেন দত্তই ৷ শোভাযাত্ৰাৰ পাচতে বোকাখাতৰ নাট্যমন্দিৰত অনুষ্ঠিত হয় বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠানৰ৷
শোভাযাত্ৰাত অংশগ্ৰহণ কৰা সকলো সাংস্কৃতিক দলেই অনুষ্ঠানত নিজৰ নিজৰ কলা-কৃষ্টি পৰিবেশন কৰে৷ এই অনুষ্ঠানটো উদ্বোধন কৰে বিশিষ্ট চলচিত্ৰ নিৰ্মাতা জয়শ্ৰী শইকীয়াই ৷ সন্ধিয়ালৈ অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ অসমৰ তৰফৰ পৰা চলচিত্ৰ নিৰ্মাতা মানিক বৰাক গোলাঘাট জিলা ভিত্তিত ‘সমন্বয়ৰ বঁটা’ প্ৰদান কৰা হয় ৷